Breaking News

গোলাঘাট জিলাত বানৰ বিভীষিকা: জলমগ্ন ৩৪ খনকৈ গাঁও


ৰাজ্যৰ বিভিন্ন ঠাইত বান পৰিস্থিতি অপৰিবৰ্ত হৈ থকাৰ সময়তে কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত গেলাবিল, ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্রুতগতিত বৃদ্ধি পাব ধৰিছে । বৰ্তমানলৈ গেলাবিল আৰু ধনশিৰিৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰা নাই যদিও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বহুকেইখন গাঁও প্লাৱিত কৰিছে। গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰৰ ৩৪ খন গাঁৱৰ ১৯ হেজাৰৰো অধিক লোক সাম্প্ৰতিক বানৰ কবলত পৰিছে। জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি বোকাখাত ৰাজহ চক্ৰৰ ২৩ খন গাঁও, দেৰগাঁও ৰাজহ চক্ৰৰ সাতখন গাঁও আৰু খুমটাই ৰাজহ চক্ৰৰ চাৰিখন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। সাম্প্রতিক বানত জিলাখনৰ ১৩২ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হোৱাৰ লগতে ছশৰো অধিক পশুধন বানৰ কবলত পৰিছে। দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ শংকৰদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা এটা আশ্রয় শিবিৰত শতাধিক লোকে আশ্রয় গ্ৰহণ কৰি আছে।গোলাঘাট প্ৰশাসনে জিলাখনৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহে যুদ্ধকালীন ক্ষিপ্ৰতাৰে বান ক্ষতিগ্রস্ত লোকসকলৰ বাবে সাহায্য সামগ্রী যোগান, পানী, অনাময় ব্যবস্থা, স্বাস্থ্য শিবিৰ আদিৰ ব্যৱস্থা কৰাত তৎপৰ হৈ পৰিছে। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে আজি দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বান ক্ষতিগ্রস্ত এলেকাসমূহ পৰিদৰ্শন কৰি ক্ষয়- ক্ষতিৰ বুজ লয়। তেওঁ ৰাজহ চক্ৰটোৰ অধীনৰ চিকাৰীঘাট মিলনপুৰৰ শংকৰদেৱ বহুমুখী মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আশ্রয় শিবিৰটোত থকা বান ক্ষতিগ্রস্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বাবে বিশুদ্ধ পানীৰ ব্যৱস্থা,প্রয়োজন অনুসৰি প্ৰাথমিক চিকিৎসা, পৰিষ্কাৰ পৰিচ্ছন্নতা আদি দিশসমূহৰ বুজ লয়। তেওঁ বান ক্ষতিগ্ৰস্ত লেমচাপৰি, নতুন চাপৰি আৰু চিৰিশটিকা আদি অঞ্চলো পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁৰ সৈতে দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাসো উপস্থিত আছিল। আনহাতে বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ নিকৰি, শিলজুৰি, কাকজুৰি, ধনশিৰি হাঁহচৰা, বামুণগাঁও, বেজগাঁও আদিকে ধৰি সোতটা স্থানত স্থাপন কৰা সাহায্য কেন্দ্ৰত আজি জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ক্ষতিগ্রস্ত লোকসকলক সাহায্য-সামগ্রী যোগান ধৰা হয়। জিলা প্ৰশাসনৰ ফালৰ পৰা বান ক্ষতিগ্রস্ত এলেকাসমূহত চাউল, দাইল, নিমখ,মিঠাতেল, পশুখাদ্য, মম, মস্কুইট' কইল, ছেনিটাৰী নেপকিন আদি বিতৰণ কৰা হৈছে। জিলা দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ জিলা প্রকল্প বিষয়া ৰণি ৰাজকুমাৰ আৰু প্ৰাধিকৰণৰ ক্ষেত্র বিষয়াসকলেও আজি বান ক্ষতিগ্রস্ত বিভিন্ন ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ইফালে গোলাঘাট জিলাৰ বান ক্ষতিগ্রস্ত বোকাখাত মহকুমাৰ বিভিন্ন ঠাইত জিলাখনৰ স্বাস্থ্য বিভাগৰ  ভ্রাম্যমাণ চিকিৎসা গোটে সেৱা অব্যাহত ৰাখিছে। আজি বোকাখাত মহকুমাৰ বোকাখাত খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ যোগনীয়া অঞ্চলত ভ্রাম্যমাণ চিকিৎসা সাহায্য শিবিৰ অনুষ্ঠিত কৰা হয়। ভ্ৰাম্যমাণ চিকিৎসা গোটৰ লগতে উপ সাস্থ্য কেন্দ্ৰৰ দলে অসুস্থ লোকসকলৰ চিকিৎসা অব্যাহত ৰাখিছে। লগতে দুগৰাকী গৰ্ভৱতী মহিলাক অস্থায়ী আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগেও জিলাখনৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পশুধনৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত কৰিছে। আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহত বিশুদ্ধ পানী যোগান আৰু আশ্রয় শিবিৰত অনাময় ব্যৱস্থাৰ বাবে ব্যাপক তৎপৰতাৰে কাম অব্যাহত ৰাখিছে। দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বান ক্ষতিগ্রস্ত ধোদাং ভেকেলী অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আজি পানী পৰিশোধনৰ বাবে ব্লিচিং আৰু অন্য ৰাসায়নিক সামগ্রী বিতৰণ কৰাৰ লগতে টিউবৱেল স্থাপন কৰি পানীৰ ব্যৱস্থা কৰা হৈছে। 

No comments