Breaking News

গোলাঘাটত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালা সামৰণি

 


গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাংগণত যোৱা ১১ জুলাইৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা  ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ যোৱা ১৫ জুলাই শনিবাৰে সামৰণি পৰে । ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু গোলাঘাটবাসী তথা দেৱৰাজ ৰয় মহাবিদ্যালয় পৰিয়ালৰ সহযোগত অহা ছেপ্টেম্বৰ মাহত সুধাকণ্ঠৰ জন্ম দিন "সমন্বয় দিৱস" উদযাপন উপলক্ষে গোলাঘাটত  এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল । গোলাঘাটৰ বিশিষ্ট সংগীত শিল্পী দূর্গাধৰ নেওগে উদ্বোধন কৰা ভূপেন্দ্ৰ সংগীতৰ এই কৰ্মশালা আজন্ম শিল্পী হিমেন দাস আৰু শিল্পী সূনিল কুমাৰ দাসৰ সোৱৰণত উৎসৰ্গিত কৰা হৈছিল সামৰণি অনুষ্ঠানত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস সমিতিৰ উপসভাপতি তথা ভূপেন্দ্ৰ সংগীতৰ সমল ব্যক্তি ৰূপে প্ৰশিক্ষণ দিয়া প্ৰশিক্ষক মনিষা হাজৰিকা , প্ৰশিক্ষক আলেখ্য চক্ৰৱৰ্তী , ন্যাস সমিতিৰ কাৰ্যালয় সম্পাদক ৰঞ্জীত কৌশিক , সদস্য সংগীতা কৌশিক , সমন্বয় দিৱস উদযাপন সমিতিৰ সভাপতি তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড; জয়ন্ত বাৰুকীয়াল, কাৰ্যকৰী সভাপতি শান্তনু গগৈ , সমন্বয়ক কুমুদ শইকীয়া , শিল্পী হীমেন দাসৰ পত্নী সবিতা দাস আদি । উদয়াপন সমিতিৰ সহকাৰী সম্পাদক নিলোফাৰ-ই-মাহতাবীয়ে আতঁ ধৰা সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ অভিভাৱক সকল উপস্থিত আছিল।

  উল্লেখযোগ্য পাঁচদিনীয়াকৈ অনুস্থিত হোৱা এই কৰ্মশালাৰ প্ৰথম তিনিদিন কলা শিৰোমণি প্ৰদীপ চলিহাৰ সোৱৰণত সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুস্থিত হৈছিল ।  লোক সংস্কৃতিৰ গৱেষক তথা বিশিষ্ট বিজ্ঞানী ড: পদ্মেশ্বৰ গগৈয়ে  উদ্বোধন কৰা কৰ্মশালা খনত সমল ব্যক্তি ৰপে প্ৰশিক্ষন প্ৰদান কৰিছিল সংগীত নাটক  অকাডেমি বটাঁ প্ৰাপক বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী অনিতা শৰ্মা আৰু পংকজ বৰুৱাই 

   অন্যহাতে সমন্বয় দিৱসৰ উদযাপন সমিতিৰ যুটীয়া সম্পাদক ড; যদুমনি দাস আৰু দীপমনি খাটনীয়াৰে অহা ৭ আৰু৮ ছেপ্টেম্বৰত আয়োজন কৰা সমন্বয় দিৱসৰ মূল অনুষ্ঠানত সমূহ ৰাইজৰ সহায় সহযোগ কামনা কৰিছে  ।

No comments