Breaking News

মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন অসম সত্ৰ মহাসভাৰ: স্ব-নিৰ্ভৰশীল হবলৈ আহ্বান অসমীয়া যুৱক_ যুৱতীক


গুৱাহাটী, ১৬ জুলাই:: স্ব-নিৰ্ভৰশীল হব পৰাকৈ বিভিন্ন কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰি অৰ্থনৈতিক ভাৱে অসমীয়া যুৱক যুৱতীসকল আত্মনিৰ্ভৰ হোৱাৰ তাৎক্ষণিক প্ৰয়োজন হৈছে। কিয়নো সন্দেহজনক বাংলাভাষী মুছলমানৰ নিয়ন্ত্ৰণত এতিয়া অসমৰ অৰ্থনীতি  । বিশেষকৈ অসমীয়া যুৱক যুৱতী একাংশৰ কৰ্মাবিমুখিতা অথবা চাকৰিমুখী প্ৰৱণতাৰ বাবে সৰ্বক্ষেত্ৰতে মিয়াঁৰ আগ্ৰাসন চলিছে। ফলত অসমৰ অৰ্থনীতি সেইসকলৰ নিয়ন্ত্ৰণত গৈছে। এই মন্তব্য অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ। এক বিবৃতিত তেওঁ অতিসম্প্ৰতি অসমৰ বিচক্ষণ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই অসমৰ যুৱক যুৱতী সকলক স্ব নিয়োজনৰ জৰিয়তে আত্মনিয়োগ কৰি অৰ্থনৈতিক ভাৱে টনকিয়াল হোৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখন মিয়াৰ দখলৰ পৰা আজুৰি আনিবলৈ জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনায় অসম সত্ৰ মহাসভাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ এই আহ্বান সময়োচিত বুলি উল্লেখ কৰি অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান জনে অসমৰ সমূহ যুৱক যুৱতীৰ প্ৰতি কাতৰ আহ্বান জনাই আশা কৰে যে কেৱল চাকৰিমুখী নহৈ সমূহ অসমীয়া যুৱক যুৱতীয়ে অৰ্থনীতিৰ সৰ্বক্ষেত্ৰতে আত্মনিয়োগ স্ব নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰক আৰু আগ্ৰাসী মিয়াৰ নিয়ন্ত্ৰণত থকা অৰ্থনীতি আজুৰী আনি সমূচিত শিক্ষা দিয়ক।

No comments