Breaking News

সীমা বিবাদ নিষ্পত্তিৰ নামত অসমৰ ৬২খন গাঁও দাবী মিজোৰামৰ: নীৰৱ দিছপুৰ


যি সময়ত অসম চৰকাৰে প্ৰতিবেশী ৰাজ্যসমূহৰ সৈতে সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে ভাগে ভাগে বৈঠক, জৰীপ আদি চলাই আহিছে সেই সময়তে অসমৰ ৬২ খন গাঁও দাবী কৰিছে চুবুৰীয়া ৰাজ্য মিজোৰামে। সীমা বিবাদ নিষ্পত্তিৰ নামত অসম চৰকাৰে চুবুৰীয়া ৰাজ্যকেইখনক সত্তষ্ট কৰা বিষয়টোক অগ্ৰাধিকাৰ দিয়াৰ সময়তে মিজোৰামে এইদৰে আন্তঃৰাজ্যিক সীমান্তত থকা অসমৰ ৬২ খন গাঁও নিজৰ বুলি দাবী কৰা কাৰ্যই স্বাভাৱিকতে সীমান্তবাসী ৰাইজক উদ্বিগ্ন কৰি তুলিছে। লাইলাপুৰত তেজে ধোৱা ইতিহাস সৃষ্টি কৰা মিজোৰামৰ এই দাবীক লৈ পিচে সম্পূৰ্ণ নীৰৱে আছে দিছপুৰ। দুয়োখন ৰাজ্যৰ সীমাবিবাদ নিষ্পত্তিৰ বাবে যোৱা ফেব্ৰুৱাৰীতে মিজোৰামে এই ৬২ খন গাঁৱৰ তালিকা অসম চৰকাৰৰ প্ৰতিনিধিৰ হাতত তুলি দিছে। কিন্তু অসম চৰকাৰে এই দাবীক লৈ মিজোৰামৰ ওচৰত সাব্যস্ত কৰা নাই কোনো প্রতিবাদ। বৰং বিষয়টোক লৈ নিতাল মৰাহে পৰিলক্ষিত হৈছে। যি কথাক আকৌ সহজভাৱে লোৱা নাই চুবুৰীয়া ৰাজ্যখনে। মিজোৰামৰ গৃহ মন্ত্ৰী লালচামলিয়ানাই আজি এই সন্দৰ্ভত অসমীয়া প্রতিদিন'ক কয় যে যোৱা ফেব্ৰুৱাৰীতে তেওঁলোকে অসম চৰকাৰক ৬২ খন গাঁৱৰ তালিকা দাখিল কৰিছে। কিন্তু অসম চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই। আন্তঃৰাজ্যিক সীমা বিবাদক লৈ দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী বৈঠকত মিজোৰামে এই ৬২ খন গাঁৱৰ দাবী পুনৰ তুলিব। মিজোৰাম চৰকাৰৰ গৃহ মন্ত্ৰীগৰাকীৰ মতে ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ অধীনত ১৮৭৫ চনৰ বংগ ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনত দেখুওৱা আন্তঃৰাজ্যিক সীমাত এই ৬২ খন গাঁও মিজোৰামৰ চাৰিসীমাত অন্তর্ভুক্ত আছিল। যোৱা জানুৱাৰীত মিজোৰাম চৰকাৰে এটা অধ্যয়ন গোট গঠন কৰি এই গাঁওকেইখন চিনাক্ত কৰিছে। সম্প্ৰতি অসমৰ অধীনত থকা এই ৬২ গাঁও দৰাচলতে মিজোৰামৰ আৰু সেয়ে এই গাঁওকেইখন অসমৰ পৰা ওভতাই বিচাৰিছে মিজোৰামে। কিন্তু অসম চৰকাৰে ১৯৩৩ চনৰ ছাৰ্ভে অব ইণ্ডিয়াৰ মানচিত্ৰত দেখুওৱা সীমাৰ মতেহে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি হ'ব বুলি কৈছিল মিজোৰামক। কিন্তু মিজোৰামে এই কথা মানি লোৱা নাই। সেয়ে আন্তঃৰাজ্যিক সীমা বিবাদক লৈ দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী বৈঠকত মিজোৰামে পুনৰ অসমৰ ৬২ খন গাঁও বিচৰা দাবী সজোৰে উত্থাপন বি কৰিব। উল্লেখযোগ্য যে ২০২১ চনৰ ২৬ জুলাইত কাছাৰ জিলাৰ লাইলাপুৰত অসম আৰক্ষী আৰু মিজো আৰক্ষী সীমা বিবাদক লৈ সন্মুখসমৰত অৱতীর্ণ প্র হৈছিল। অসম আৰক্ষীক বাধা দিবলৈ লাইলাপুৰ সংলগ্ন মিজোৰামৰ কলাশির জিলাৰ আৰক্ষীয়ে ধাৰাসাৰ গুলীবর্ষণ কৰিছিল। সেই গুলীবর্ষণত অসম আৰক্ষীৰ ছজন জোৱান নিহত হৈছিল। গুলীবিদ্ধ হৈছিল কাছাৰৰ আৰক্ষী অধীক্ষক। ইয়াৰ পিচতো কিন্তু অসমৰ চাৰিসীমাৰ ভিতৰত প্ৰৱেশ কৰি মিজো দুৰ্বৃত্তই বেদখল অব্যাহত ৰাখে। ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনে আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অসমৰ বনাঞ্চলত গাঁও পাতিছে, চৰকাৰী আঁচনিৰ ঘৰ নিৰ্মাণ কৰিছে, ৰাস্তা-ঘাট নিৰ্মাণ কৰি নিজৰ দখল কপকপীয়া কৰিছে। সন্তর্পণে চলি থকা এনে বেদখলৰ মাজতে এইবাৰ মিজোৰামে আন্তঃৰাজ্যিক সীমান্তত থকা অসমৰ ৬২ খন গাঁও নিজৰ বুলি দাবী কৰা কাৰ্য চুবুৰীয়া ৰাজ্যখনৰ এক দীৰ্ঘদিনীয়া পৰিকল্পনা তথা ষড়যন্ত্র বুলিয়ে সন্দেহ কৰা হৈছে। বৰাকৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা মিজোৰামৰ কলাশিৱ, আইজল আৰু মমিত জিলাৰ মাজত আছে আন্তঃৰাজ্যিক সীমান্ত। মিজোৰামৰ সৈতে অসমৰ আন্তঃৰাজ্যিক সীমান্তৰ দৈৰ্ঘ্য হ'ল ১৬৪.৬ কিলোমিটাৰ। অসমৰ এই তিনিওখন জিলাতে মিজোৰামে কম-বেছি পৰিমাণে বেদখল কৰিছে। বিশেষকৈ কাছাৰ আৰু হাইলাকান্দি জিলাত অসমৰ মাটি সৰ্বাধিক দখল কৰিছে মিজোৰামে। অসমৰ বনাঞ্চলত কৰা এই বেদখল কিন্তু যথা সময়ত ৰোধ কৰিব পৰা নাই, দিছপুৰৰ চৰকাৰে। পৰিণতিত এডেও-দুডেও লোটা নিয়াৰ ছেওৰ দৰে এইবাৰ মিজোৰামে অসমৰ ৬২ খন গাঁও নিজৰ বুলি দাবী কৰাৰ সাহস দেখুৱাইছে। মিজোৰামৰ এই দাবীক অসম চৰকাৰে প্ৰত্যাখ্যান কৰে নে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ স্বাৰ্থত দাবী কৰা গাঁওকেইখন মিজোৰামৰ হাতত তুলি দিয়ে সেয়া লক্ষণীয় হ'ব।

No comments