Breaking News

দুটা দিনৰ অন্তত কেনে পৰিস্থিতিত অছে চন্দ্ৰযান-৩

  


ভাৰতবাসীক এক গৌৰৱময় তথা ঐতিহাসিক ক্ষণৰ সাক্ষী কৰি ১৪ জুলাই শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা ভাৰতৰ চন্দ্ৰযান-৩ৰ বৰ্তমান স্থিতি কি আৰু অভিযান কেনেদৰে আগবাঢ়িছে সেই লৈ অনুসন্ধিৎসুৰ মনত স্বাভাৱিকতে কৌতূহলৰ সৃষ্টি হৈছে। সেই কৌতূহলৰ কথা ইছৰ ৱে জানে আৰু সেয়ে তেওঁলোকে চন্দ্ৰযান-৩ৰ শেহতীয়া অৱস্থিতিৰ বিষয়ে প্রকাশ কৰিছে। ইছৰ ৱে জনাইছে— চন্দ্ৰযান-৩ৰ স্বাস্থ্য সম্পূর্ণ ভাল। সম্প্রতি চন্দ্রযান-৩য়ে পৃথিৱীক আৱৰ্তন কৰি আছে। উল্লেখ্য, দেওবাৰে ইছৰ'ৱে এটা বিশেষ পদক্ষেপৰ জৰিয়তে চন্দ্ৰযান-৩ক পৃথিৱীৰ কক্ষপথত স্থাপন কৰে। সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা গ্ৰহণ কৰা এটা পদক্ষেপৰ জৰিয়তে, যাক মহাকাশ বিজ্ঞানৰ ভাষাত ‘আর্থবাউণ্ড ফায়াৰিং-১' বুলি কোৱা হয়, সেই পদক্ষেপেৰে চন্দ্ৰযান-এক পৃথিৱীৰ চাৰিওফালে ঘূৰিব পৰাকৈ এটা নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰে। সফলভাৱে উৎক্ষেপণ কৰাৰ পাছত চন্দ্ৰযান-৩ৰ ক্ষেত্ৰত গ্ৰহণ কৰা ইছৰ'ৰ এয়া হৈছে প্ৰথমটো পদক্ষেপ। চন্দ্ৰযান-৩ৰ পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলগীয়া কক্ষপথটো সম্পূৰ্ণৰূপে কণীৰ আকৃতিৰ। অৰ্থাৎ যেতিয়া চন্দ্ৰযান-৩ নিজৰ কক্ষপথত ঘূৰি পৃথিৱীৰ কাষ চাপিব, তেতিয়া ই পৃথিৱীৰ ১৭৩ কিলোমিটাৰ কাষলৈ আহিব। আনহাতে চন্দ্ৰযান-৩ নিজৰ কক্ষপথত ঘূৰি যেতিয়া দূৰলৈ যাব, তেতিয়া পৃথিৱীৰ সৈতে ইয়াৰ দূৰত্ব হৈ পৰিব ৪১,৭৬২ কিলোমিটাৰ। এনেদৰে চন্দ্ৰযান-৩য়ে পৃথিৱীৰ চাৰিওফালে ইছৰ'ৱে তৈয়াৰ কৰি দিয়া কক্ষপথেৰে পৃথিৱীক কেইবাপাকো প্রদক্ষিণ কৰাৰ পাছতহে ইয়াক চন্দ্ৰৰ অভিমুখে ঠেলি দিয়া হ'ব। অর্থাৎ পৃথিৱীৰ পৰা চন্দ্ৰৰ অভিমুখে উৎক্ষেপণ কৰিলেও এতিয়াও চন্দ্রযান- ৩য়ে পোনে পোনে চন্দ্ৰৰ অভিমুখে ৰাওনা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে চন্দ্রযান-৩য়ে এতিয়া পৃথিৱীত প্ৰদক্ষিণ কৰি আছে।

    পুনৰ আৰ্থবাউণ্ড ফায়াৰিং-২'ৰ জৰিয়তে কেইদিনমানৰ পাছত ইছৰ'ৱে চন্দ্ৰযান-৩ৰ পথ চন্দ্ৰৰ দিশে পোনাব। তেতিয়া কেইবাদিনো ধৰি চন্দ্ৰযান-৩য়ে পৃথিৱীৰ পৰা চন্দ্ৰৰ ৩,৮৪,৪০০ কিলোমিটাৰ দূৰত্বলৈ ৰাওনা হ'ব। অৱশ্যে তাত্বিকভাৱে পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ৩,৮৪,৪০০ কিলোমিটাৰ হ'লেও বাস্তৱ অৰ্থত শেষটো যাত্ৰাত চন্দ্ৰযান-৩য়ে সিমান দূৰত্ব অতিক্ৰম কৰিবলগীয়া নহ'ব। কিয়নো ইছৰৱে চন্দ্ৰযান-৩ক চন্দ্ৰৰ অভিমুখে যেতিয়া ঠেলা মাৰি দিব তেতিয়া চন্দ্ৰযান-৩ পৃথিৱীৰ পৰা সৰ্বাধিক দূৰত্বত অৱস্থান গ্রহণ কৰি থাকিব। অর্থাৎ নিজৰ কক্ষপথত ঘূৰি পৃথিৱীৰ পৰা দূৰলৈ আঁতৰি যোৱাৰ সময়তে ইছৰ’ৱে চন্দ্ৰযান-৩ক চন্দ্ৰৰ পিনে আগবঢ়াই দিব। চন্দ্রযান- ৩য়ে চন্দ্ৰৰ কাষ চাপি গৈ পুনৰ পৃথিৱীক প্ৰদক্ষিণ কৰাৰ দৰে চন্দ্ৰক প্রদক্ষিণ কৰিব। চন্দ্ৰৰ চাৰিওফালে আৱৰ্তন কৰিবলগীয়া চন্দ্ৰযান-৩ কক্ষপথো হ'ব প্ৰায় পৃথিৱীক কৰাৰ দৰেই কণীৰ আকৃতিৰ । এনেদৰে চন্দ্ৰক কেইবাপাকো প্ৰদক্ষিণ কৰাৰ পাছত অহা ২৩ আগষ্টত চন্দ্ৰযান- এক চন্দ্ৰত অৱতৰণ কৰোৱা হ'ব। তেতিয়া চন্দ্ৰযান-৩ৰ সৈতে চন্দ্ৰৰ দূৰত্ব হ'ব মুঠেই ১০০ কিলোমিটাৰ। সেই ১০০ কিলোমিটাৰৰ যাত্ৰা প্রকৃততে অতি জটিল। ইয়াৰ পূৰ্বে চন্দ্ৰযান-৩ৰ গতি হ'ব প্ৰতি ঘণ্টাত ৬ হাজাৰ কিলোমিটাৰ বা ততোধিক। অৱতৰণৰ সময়ত সেই ১০০ কিলোমিটাৰ পথত মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰত চন্দ্ৰযান-৩ৰ গতি ৬ হাজাৰ কিলোমিটাৰৰ পৰা প্ৰায় শূন্যলৈ হ্ৰাস কৰিবলগীয়া হ'ব। সেই প্রক্রিয়া অতি কঠিন। কিয়নো বায়ুমণ্ডল নথকা আৰু মধ্যাকর্ষণ শক্তি নথকা চন্দ্ৰ পৃষ্ঠত এনেদৰে অৱতৰণ কৰিবলগীয়া যানখন শূন্যত এৰি অৱতৰণ কৰিব লাগিব ।সেইদৰে নিখুঁত অৱতৰণৰ বাবে প্ৰস্তুতি চলাইছে ইছৰ ৱে। ইছৰ ৱে জনোৱা অনুসৰি চন্দ্ৰপৃষ্ঠত সূর্যোদয়ৰ লগে লগে চন্দ্ৰযান-৩ৰ লেঙাৰে অৱতৰণ কৰাৰ কথা । কিয়নো তেতিয়া পৰীক্ষা-নিৰীক্ষা চলোৱাৰ বাবে আমাৰ পৃথিৱীৰ সময় অনুসৰি ১৫টা সূর্য আলোকিত দিন পাব। উল্লেখ্য চন্দ্ৰৰ এটা দিনৰ দৈৰ্ঘ্য আমাৰ পৃথিৱীৰ বাবে ১৫ দিনৰ সমান। ইছৰ ৱে জনোৱা অনুসৰি যিসময়ত চন্দ্ৰযান-৩ চন্দ্ৰৰ একেবাৰে কাষ চাপিব তেতিয়া পৃথিৱী, জি এছ এল ভি মার্ক-থ্ৰী ৰকেট আৰু চন্দ্ৰৰ কক্ষপথ একেই পৃষ্ঠত (প্লেইন) থাকিব লাগিব, তেতিয়াহে চন্দ্রযান-৩য়ে অৱতৰণৰ বাবে পদক্ষেপ ল'ব পাৰিব। এই পৰিস্থিতিক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘লুনাৰ ট্রান্সফাৰ অৰ্কিট' বা এল টি অ’। এইবাৰো চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। চাৰিবছৰ পূৰ্বে চন্দ্ৰযান-২ৰ অৱতৰণো দক্ষিণ মেৰুৰ কাষৰ ‘ছিমপেলিয়াছ এন' আৰু 'মেনজিনাছ চি' নামৰ দুটা গহ্বৰৰ মাজত কৰাৰ চেষ্টা চলোৱা হৈছিল। কিন্তু চন্দ্রযান-২য়ে ‘ক্রেছ লেণ্ডিং’ কৰাত অর্থাৎ ঠেকেছা খাই পৰাত তাতে নিঃসাৰ আৰু একেলগে নিখোঁজো হৈ গৈছিল। পেটৰ ভিতৰত ৰভাৰ প্ৰজ্ঞানক লৈ অদৃশ্য হৈ গৈছিল লেণ্ডাৰ বিক্ৰম। ইছৰ' দূৰৰে কথা আনকি নাছাইও বহু অনুসন্ধান চলাই বিক্ৰম-প্ৰজ্ঞানক বিচাৰিব উলিয়াব নোৱাৰিলে। অৱশেষত নাছাই তেওঁলোকৰ এখন লুনাৰ অবিৰ্টাৰৰ পৰা ফটো তুলি বিশ্ববাসীৰ ওচৰত বিক্রমক সন্ধান উলিওৱাৰ বাবে সাহায্য বিচাৰিছিল। সেই ফটো দেখি চেন্নাইৰ এজন মেকানিকেল ইঞ্জিনীয়াৰে বিক্ৰমৰ ধ্বংসাৱশেষ চিহ্নিত কৰিছিল। নাছাই সেই দাবী মানি লৈছিল। ইছৰ ৱে অদৃশ্য হৈ পৰা বিক্ৰমৰ সন্ধান উলিয়াব নোৱাৰাৰ ঘটনাটো অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছিল। এইবাৰ আপেক্ষিকভাৱে কোমল ভূমিত চন্দ্রযান- ৩ক অৱতৰণৰ চেষ্টা কৰোৱা হ'ব বুলি ইছৰই মন্তব্য কৰিছে। ভাৰতবাসীৰ আশা, এইবাৰ ইছৰ ৱে চন্দ্ৰযান-৩ক সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাবলৈ সক্ষম হ'ব। যদিহে ইছৰ' সফল হয়, তেন্তে ভাৰত হ'ব চন্দ্ৰপৃষ্ঠত কোনো যান অৱতৰণ কৰোৱা পৃথিৱীৰ চতুৰ্থখন দেশ। ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া আৰু চীনে চন্দ্ৰপৃষ্ঠত যান অৱতৰণ কৰাবলৈ সক্ষম হৈছে আৰু কেৱল আমেৰিকাই চন্দ্ৰলৈ মানৱ পঠিয়াবলৈ সক্ষম হৈছে।

   উল্লেখ্য, যোৱা নিশা যেতিয়া ভাৰতৰ চন্দ্ৰযান পৃথিৱীৰ কাচাপি আহিছিল, তেতিয়া ই অষ্ট্ৰেলিয়াৰ আকাশৰ ওপৰেৰে ধাৱমান হৈছিল। এজন ব্যক্তিয়ে তৰাৰ দৰে এটা 'অৱজেক্ট' উৰি থকা দেখি এখন ফটো তুলি টুইট কৰিছিল। লগে লগে ইছৰ'ৱে সঁহাৰি জনায় আৰু সেয়া ভাৰতৰ চন্দ্ৰযান-৩ বুলি ৰি-টুইট কৰে। লগে লগে সেই ফটোখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। অখ্যাত ব্যক্তিজনো হঠাতে ইণ্টাৰনেটত পৰিচিত হৈ পৰে। তেওঁৰ টুইটত ইজনৰ পাছত সিজনে কৰা মন্তব্যৰে টুইটাৰ ভৰি পৰে ।

No comments