Breaking News

কমাৰবন্ধাত ৫ গৰাকী বিশিষ্ট ব্যক্তিক লেখিকা সমাৰোহৰ সম্বৰ্ধনা


৪০ টা বসন্ত গৰকা কমাৰবন্ধা লেখিকা সমাৰোহ সমিতিয়ে সোমবাৰে কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কমাৰবন্ধাৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিক সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি যোগোৱাৰ বাবে সমজোৱা ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। বিশিষ্ট সংগীত শিল্পী খগেন বৰা , দিলীপ শইকীয়া , বীৰেন বৰা , সাংবাদিক তুলসী  দত্ত, চুলতান আলীৰ লগতে সাহিত্যিক পেঞ্চনাৰ জয়ন্তী হিলৈদাৰী, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শ ইকীয়া বৰদলৈ , ডালিমী শ ইকীয়া, ৰূপা শ ইকীয়াক গামোছা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে  সম্ভাষণ জনায়।  বৰ্ণালী বৰা বৰ্মণে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে ৰূপা শ ইকীয়াই ।অনুষ্ঠানত অৰোণজ্যোতি সাংস্কৃতিক দলে নাগাৰা নাম পৰিবেশন কৰাৰ লগতে নতুন সভানেত্ৰী জ্যোতি বৰাই বন্তিপ্ৰজ্বলন কৰে। অনুষ্ঠানত  ডঃ মৃনাল কুমাৰ বৰ্মন, ডঃ পদ্ম বৰা , বিশিষ্ট   লেখিকা জ্যোৎস্না হিলৈদাৰীৰ লগতে বহু কেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে। সভাত সুবৰ্ণ শ ইকীয়া বৰদলৈয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি অসমৰ লেখিকা সকলৰ সাহিত্য ৰাজিৰ বিষয়ে সৰস বক্তব্য প্ৰদান কৰে। -তেওঁ বক্তব্য প্ৰসংগত সুদূৰ বাংলাদেশতো লেখিকা সমাৰোহৰ শাখা গঠন হোৱাৰ কথা সগৌৰৱে উল্লেখ কৰে । 

No comments