Breaking News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰ্দ্ধাংশ বানৰ কবলত: দুটা পহু, এডাল অজগৰৰ মৃত্যু



ৰাজ্যত বানৰ বিভীষিকা অব্যাহত থকাৰ মাজতেই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো আধাতকৈ অধিক অঞ্চল জলমগ্ন হৈ পৰিছে।ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয়  উদ্যানৰ অর্ধেক বনাঞ্চল প্লাৱিত কৰাত গঁড়, হাতী, পহুকে ধৰি বন্যপ্ৰাণীৰ লগতে বনকৰ্মীৰ কিছু বহতো সৃষ্টি হৈছে। ইফালে ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হৈ থকাৰ বাবে প্রতিদিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ন ন বন শিবিৰ প্লাৱিত হৈ আছে। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ ২২৩টা বন শিবিৰ আছে। ইয়াৰে পৃষ্ঠাত পৰিদৰ্শন। বানেধোৱা বোকাখাতত মন্ত্ৰী অতুল বৰা এতিয়ালৈকে ৬৩টা বন শিবিৰৰ তলত পানী সোমাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ যোগদান কৰা বন সংমণ্ডল বিষয়া অৰুণ বিগণেশে জানিবলৈ দিয়া মতে অগৰাতলি বনাঞ্চলত ২০ টা, কহঁৰাত ২০ টা, বাগৰিত ১০ টা, বুঢ়াপাহাৰত ৪ টা, আৰু বোকাখাত বনাঞ্চলৰ অধীনত ৩টা বন শিবিৰৰ তলত পানী সোমাইছে। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ বন সংমণ্ডলৰ মুঠ ৩০টা বন শিবিৰৰ ভিতৰত ৬টা বন শিবিৰৰ তলত পানী সোমাইছে। ৰাষ্ট্ৰীয় উদ্যানৰ কিছু বন শিবিৰৰ তলত ছফুটৰ পৰা দুফুটপৰ্যন্ত পানী সোমাইছে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ খাতিৰত থকা অধিকসংখ্যক বন শিবিৰ চাং হোৱাৰ বাবে বনকৰ্মীৰ বিশেষ কোনো অসুবিধা হোৱা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত বনকৰ্মীয়ে টহল দি থকা পথ ঠায়ে ঠায়ে পানীত বুৰ যোৱাত গাড়ীৰে নিৰীক্ষণ কৰাত সমস্যা হোৱাৰ বাবে বৰ্তমান বনকৰ্মীয়ে নাৱেৰে পেট্ৰ'লিং কৰি আছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বনকৰ্মীৰ ৰেচন অৰ্থাৎ খাদ্যৰ যাতে কোনো সমস্যা নহয় তাৰ বাবে উদ্যান কর্তৃপক্ষই বন শিবিৰবোৰত খাদ্যৰ যোগান ধৰি আছে বুলি বন বিষয়াই জানিবলৈ দিয়ে। আনহাতে, নিৰাপত্তাৰ খাতিৰত উদ্যানৰ অটব্য অৰণ্যৰ মাজত নিয়োগ কৰা বন বিভাগৰ পোহনীয়া হাতীবোৰক ইতিমধ্যে কহঁৰাৰ পিলখানা আৰু কাৰ্বি পাহাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ কথা যে বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে চলিত বানত এতিয়ালৈকে দুটা পহুকে ধৰি এটা অজগৰকলৈ মুঠ তিনিটা বন্যপ্রাণী মৃত্যুৰ মুখত পৰিছে। মৃত্যু হোৱা দুটা পহু নিৰাপত্তা বিচাৰি আশ্ৰয় ল'বলৈ আহোঁতে উদ্ধাৰ কৰি কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হৈছিল যদিও চিকিৎসা কৰি থকা অৱস্থাত মৃত্যু হয়। আনহাতে, ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত হালধিবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি থাকোঁতে গাড়ীৰ চেপাত এটা অজগৰ মৃত্যুমুখত পৰে। ইফালে অগৰাতলি বনাঞ্চলৰ অধীনত ৰজাগাঁৱৰ ৰাইজে দুটা পহুক উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে। ৰাইজে উদ্ধাৰ কৰা পহু দুটাক বন বিভাগৰ লোকে পুনৰ নিৰাপদ ঠাইত মুকলি কৰি দিয়ে বুলি বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই জানিবলৈ দিয়ে। পানী বৃদ্ধি হোৱালৈ চাই ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীবোৰ যিকোনো সময়ত নিৰাপদ আশ্রয় বিচাৰি ৩৭ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। গঁড়, হাতী, পহু, ম'হ আদি বন্যপ্রাণীবোৰে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিত আশ্ৰয় লোৱাৰ বাবে কাৰ্বি আংলং জিলাৰ বন বিভাগৰ লোকক সষ্টম কৰি ৰখা হৈছে। কাৰ্বি আংলং জিলাৰ বনকর্মীয়ে বন্যপ্রাণী আশ্রয় লোৱা এলেকাবোৰত টহল দিয়াৰ ব্যৱস্থা কৰিছে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত আশ্ৰয় ল'বলৈ অহা বন্যপ্ৰাণীক এচাম চোৰাং চিকাৰীয়ে সুবিধা বুজি নিধন কৰে । বিগত বৰ্ষবোৰত চোৰাং চিকাৰীয়ে গঁড়কে ধৰি বন্যপ্রাণী নিধন কৰালৈ চাই এইবাৰ বিশেষকৈ কাৰ্বি আংলং আৰু এনিমেল কৰিড'ৰ এলেকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলি বিভাগীয় সূত্রে প্রকাশ । উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত গঁড়, পহু, হাতী, গাহৰি, ম'হ আদি বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ নামনি চাহ বাগিচাত আশ্ৰয় লয়। আৰু সেই সময়ত বাগিচাত কৰ্তব্য কৰিবলৈ যোৱা শ্রমিক বন্যপ্ৰাণীৰ আক্ৰমণৰ বলি হ'বলগা হোৱাৰ বাবে এইবাৰ শ্ৰমিকসকলক সজাগ হ'বলৈ আহ্বান জনাইছে বাগিচা কর্তৃপক্ষই। আনহাতে, প্ৰয়োজন হ'লে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কাজিৰঙাৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কাৰণে যান-বাহন নিয়ন্ত্রণ কৰিবলৈ টাইম কার্ড দিয়াৰ সকলো ব্যৱস্থা কৰা হৈছে বৈ বুলিও সহকাৰী বন সংৰক্ষক নয়ণজ্যোতি ৰাজবংশীয়ে জানিবলৈ দিয়ে।

No comments