Breaking News

বিলুপ্ত হ'ল জিলা উপায়ুক্তৰ পদ


ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে সোমবাৰে এক নতুন অধিসূচনা জাৰি কৰে। উক্ত অধিসূচনা অনুসৰি এতিয়াৰে পৰা ডিচি অর্থাৎ উপায়ুক্তসকল পৰিচিত হ’ব জিলা আয়ুক্ত (ডিষ্ট্রিক্ট কমিছনাৰ) হিচাপে। প্ৰশাসনিক সুচলতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা বুলি অধিসূচনাখনত কোৱা হৈছে। মে' মাহত তিনিচুকীয়াত অনুষ্ঠিত উপায়ুক্ত সন্মিলনত এই সিদ্ধান্ত ঘোষণা কৰিছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শৰ্মাই এই সিদ্ধান্ত ঘোষণা কৰি কৈছিল— সমগ্র প্রশাসন যন্ত্রক এক নতুন ৰূপত সজোৱাৰ বাবে চেষ্টা কৰা হৈছে। সেই অনুসৰি মাগুলিক আয়ুক্তৰ কাৰ্যালয়সমূহ বিলুপ্ত কৰা হ'ব। জিলা উপায়ুক্তজনক জিলা আয়ুক্ত হিচাপে কোৱা হ'ব । মহকুমাসমূহক উন্নীত কৰি প্ৰতিটো সমষ্টিতে এখন উপ-জিলা গঠন কৰা হ'ব। তেতিয়া উপায়ুক্তজন সমষ্টিত থাকিব। আয়ুক্তজন জিলাত থাকিব । জিলা আয়ুক্ত আৰু জিলা উপায়ুক্ত এই দুটা পৰ্যায়ৰ বিষয়া হ'ব। বৰ্তমানৰ অতিৰিক্ত উপায়ুক্তজনক উপায়ুক্ত বুলি কোৱা হ'ব। জিলা আয়ুক্তজনক জিলাখনৰ ভিতৰত সকলো কৰ্মচাৰীক ৰদ-বদল কৰা এচিআৰ লিখাৰ অধিকাৰ দিয়া হ'ব । জিলা আয়ুক্তজনে সকলো বিভাগৰ কাম চাব। তেওঁৰ অধীনত উপ-আয়ুক্ত থাকিব। দৈনন্দিন কামবিলাক উপায়ুক্তৰ কাৰ্যালয়ত হ'ব। ৰাইজৰ পদূলিলৈ চৰকাৰ যাব। বিধায়ক পুঁজি, সাংসদ পুঁজি, আনটাইড ফাণ্ড, অসম দর্শন, মাটি কিনা-বেচা, মাটিৰ আৱণ্টন, পট্টাৰ কাম, আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ, মিটিং পতাৰ অনুমতি আদি কাম উপায়ুক্ত পৰ্যায়ত হ'ব এতিয়াৰে পৰা। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে আজি এক অধিসূচনাযোগে জিলা উপায়ুক্তসকলক জিলা আয়ুক্ত হিচাপে নামাকৰণ কৰা হয়। 

No comments