Breaking News

'অইল'ক বাঘজান-কাণ্ডৰ ক্ষতিপূৰণৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ


সমগ্ৰ ৰাজ্য জোকাৰি যোৱা বাঘজান কাণ্ড‌ই বাঘজানবাসীৰ কিমান কি ক্ষতি কৰিছিল সেইয়া সৰ্বজন বিদিত। উক্ত ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ অগ্রিম ক্ষতিপূৰণ আদায় দিয়াৰ নির্দেশ প্রদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ১৪ জুলাইত এই সম্পর্কে অনুষ্ঠিত হোৱা শুনানিত  উচ্চতম ন্যায়ালয়ে ক্ষতিগ্ৰস্ত পৰিয়াললৈ শীঘ্ৰে অগ্রিম ক্ষতিপূৰ্ণ প্ৰদান কৰিবলৈ নিৰ্দেশ প্রদান কৰিছে অইল ইণ্ডিয়া লিমিটেডক। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে চূড়ান্ত নিৰ্দেশনা জাৰি কৰি বাঘজান আৰু নতুন ৰঙাগড়া গাঁৱৰ সানমিহলি আৱেদন গ্ৰহণ কৰি ক্ষিপ্ৰতাৰে উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ ২৩ জানুৱাৰীত জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত অগ্রিম ক্ষতিপূৰ্ণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আদেশ দি গোচৰটোৰ নিস্পত্তি কৰিছে। এই সন্দৰ্ভত গোচৰীয়া নীৰন্ত শ‍ইকীয়াই জানিবলৈ দি কয় যে, বাঘজান কাণ্ডৰ ক্ষতিপূৰ্ণ বিচাৰি নতুন ৰঙাগড়া আৰু বাঘজান গাঁৱৰ প্ৰতিনিধিৰূপে আমি ২০২১ চনৰ ২০ অক্টোবৰৰ দিনা উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিলোঁ। নতুন ৰঙাগড়া গাঁৱক প্ৰতিনিধিত্ব কৰি নিৰন্ত গোঁহাই আই এ নং ১৩5270/20২১ আৰু বাঘজান গাঁৱক প্রতিনিধিত্ব কৰি মনোজ হাজৰিকাই আইএ নং ১৩৫২৬৫/2021 যোগে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ গোচৰ তৰা হৈছিল। উল্লেখ্য যে বাঘজান-কাণ্ডত বাঘজান গাঁৱৰ দৰে নতুন ৰঙাগড়া গাঁওবাসীয়েও চৰমভাৱে ক্ষতিগ্ৰস্ত হৈছিল। এই কথা জিলা প্রশাসন তথা অইলেও স্বীকাৰ কৰিছিল আৰু ক্ষতিগ্ৰস্ত লোকসকলক কেইবামাহো গুইজান আশ্রয় শিবিৰত ৰখা হৈছিল। শেষলৈ এই লোকসকলক চৰকাৰে বাঘজানৰ জুই নির্বাপণ নোহোৱা পৰ্যন্ত ভাৰাঘৰত ৰাখিছিল। কিন্তু বৈষম্যতাৰে এই গাঁৱৰ ভুক্তভোগীক বাঘজান গাঁৱৰ দৰে অগ্রিম ক্ষতিপূৰণ দিয়া হোৱা নাছিল। ২০২২ চনৰ ১ ছেপ্টেম্বৰত উক্ত গোচৰৰ শুনানিৰ বাবে লোৱা হৈছিল আৰু ক্ষতিপূৰ্ণ প্ৰদানৰ ক্ষেত্ৰত ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰি নিৰ্দেশনা প্রদান কৰি কয় যে, এই কাৰ্যবিধিৰ বাকী থকা অৱস্থাই ক্ষতিগ্ৰস্ত গাঁৱৰ লোকসকলক ক্ষতিপূৰ্ণ প্ৰদানত কোনো প্রভাৱ নপৰিব। কিন্তু ইয়াৰ পাছতো অইল অথবা প্রশাসনে উক্ত ভুক্তভোগীক ক্ষতিপূৰ্ণ দিয়া নাছিল । ২০২৩ চনৰ ২৩ জানুৱাৰীত এই গোচৰটো উচ্চতম ন্যায়ালয়ে ডিছপ'জ কৰি এক আদেশ জাৰি কৰিছিল । ন্যায়ালয়ৰ এই নিৰ্দেশনাত ক্ষতিপূৰণৰ বিষয়টো স্পষ্টকৈ উল্লেখ কৰি ২ মাহৰ ভিতৰত অগ্রিম ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল আৰু ইয়াৰ পাছত চূড়ান্ত ক্ষতিপূৰণৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণক মডেলিটী প্রস্তুত কৰিবলৈ কোৱা হৈছিল। কিন্তু এই নিৰ্দেশৰ ২ মাহ নৌহওঁতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণে ২০২৩ বৰ্ষৰ ১০ মাৰ্চত বাঘজান-কাণ্ডৰ ওপৰত হঠাৎ শুনানি অনুষ্ঠিত কৰি একেদিনাই এক বিতর্কিত আদেশ জাৰি কৰে। আচৰিত ধৰণে ৰাষ্ট্ৰীয় সেউজ মডেলিটী প্রস্তুত কৰিবলৈ কোৱা হৈছিল। কিন্তু এই নিৰ্দেশৰ ২ মাহ নৌহওঁতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণে ২০২৩ বৰ্ষৰ ১০ মাৰ্চত বাঘজান- কাণ্ডৰ ওপৰত হঠাৎ শুনানি অনুষ্ঠিত কৰি একেদিনাই এক বিতর্কিত আদেশ জাৰি কৰে। আচৰিত ধৰণে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰ উক্ত শুনানি বা অৰ্ডাৰটোত ক্ষতিপূৰণ সন্দৰ্ভত কোনো কথা উল্লেখেই নহ'ল । আনহাতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু উক্ত নিৰ্দেশ পালনৰ বাবে আৱেদনকাৰীসকলে তিনিচুকীয়া জিলা উপায়ুক্ত, অসমৰ মুখ্য সচিব আৰু অইলৰ মুখ্য পৰিচালন সঞ্চালকক লিখিতভাৱে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো সঁহাৰি নোপোৱাত নীৰন্ত গোহাঁই আৰু মনোজ হাজৰিকাই উচ্চতম ন্যায়ালয়ত উক্ত বিষয়া তিনিজনৰ বিৰুদ্ধ ৯ মে'ত এক কণ্টেম গোচৰ দাখিল কৰে। ইফালে, ১৪ জুলাইত এই গোচৰটোৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ে অইল ইণ্ডিয়া লিমিটেডক বাঘজান-কাণ্ডত ক্ষতিগ্ৰস্তক অগ্রিম ক্ষতিপূৰ্ণৰ নিৰ্দেশ প্রদান কৰিছে।

No comments