Breaking News

কংগ্ৰেছসহ ২৬ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ নতুন ঐক্যমঞ্চ ‘ইণ্ডিয়া’ গঠন

 


দেশত গঠন হ'ল কংগ্ৰেছসহ ২৬ টাকৈ বিৰোধী দলৰ সংগঠিত ঐক্যমঞ্চ 'ইণ্ডিয়া'।২০২৪  চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই যুঁজ দিব লাগিব 'ইণ্ডিয়া'ৰ বিৰুদ্ধে। 'ইণ্ডিয়া'ৰ সম্পূর্ণ ৰূপ হৈছে— ইণ্ডিয়ান নেশ্বনেল ডেপভলপমেণ্ট ইনক্লুছিভ এলায়েন্স। দেশৰ ২৬টা বিৰোধী ৰাজনৈতিক দলৰ কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত বৈঠকত কালি দ্বিতীয় দিনা বিৰোধী মঞ্চৰ এই নতুন নাম ঘোষণা কৰা হয়। সোমবাৰ আৰু মঙলবাৰে দুদিনীয়াকৈ বেংগালুৰুত বিৰোধী ২৬টা ৰাজনৈতিক দলৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল। প্ৰথমখন বৈঠক বিহাৰত নীতিশ কুমাৰৰ আতিথ্যত যোৱা ২৩ জুনত অনুষ্ঠিত হৈছিল। সেই বৈঠকত বিৰোধী দলসমূহৰ মাজৰ মতানৈক্য দূৰ কৰিবলৈ চেষ্টা চলোৱা হৈছিল আৰু বেংগালুৰুৰ দ্বিতীয় বৈঠকত সকলোৱেই সম্মিলিতভাৱে বিজেপি নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ‘ইণ্ডিয়া' হিচাপে নতুন নামৰ অধীনত যুঁজ কৰাৰ সংকল্প লয়। নিজ ৰাজ্যত সংঘাত থকা সত্ত্বেও এই বৈঠকত বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে যুঁজ কৰাৰ সংকল্প লৈছে। নতুন নামৰ ক্ষেত্ৰত কোনো দলৰ পৰাই আপত্তি উত্থাপিত হোৱা নাই, বৰং সকলোৱে আদৰেৰে ‘ইণ্ডিয়া' নামটো আদৰি লৈ ঐক্যমত্য প্রকাশ কৰিছে। বৈঠকত বিৰোধী মঞ্চৰ বাবে নতুন দিল্লীত এটা সচিবালয় স্থাপনৰ সিদ্ধান্ত লোৱা হয় আৰু ১১জন সদস্যৰ এখন সমন্বয়ৰক্ষী কমিটী গঠনৰ সিদ্ধান্ত লোৱা হয়। বিৰোধী দলৰ মঞ্চ ‘ইণ্ডিয়া'ৰ পৰৱৰ্তী বৈঠক হ'ব মুম্বাইত আৰু তাত ‘ইণ্ডিয়া'ৰ এজন আহ্বায়কৰ নাম ঘোষণা কৰা হ'ব।

     বৈঠকৰ অন্তত যুটীয়া সংবাদমেলত বিৰোধী ৰাজনৈতিক দলৰ নতুন নাম ঘোষণা কৰে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খৰ্গেই। তেওঁ কয়— ‘১১ জন সদস্যৰ এখন সমন্বয়ৰক্ষী কমিটী গঠন কৰা হ'ব। আমি পুনৰ মুম্বাইত তৃতীয়খন বৈঠকত মিলিত হ'ম। তাত কমিটীৰ সদস্য আৰু আহ্বায়কৰ নাম ঘোষণা কৰা হ'ব। মুম্বাইৰ বৈঠকৰ দিন অচিৰেই ঘোষণা কৰা হ'ব। তদুপৰি সাধাৰণ নিৰ্বাচনৰ পূৰ্বে যাতে সকলো ৰাজনৈতিক দলে বিজেপিবিৰোধী অভিন্ন ন্যূনতম কাৰ্যসূচী লৈ আগবাঢ়িব পাৰে, সেই বিষয়ে বেংগালুৰুৰ বৈঠকত সবিস্তাৰে আলোচনা হৈছে। সেই অভিন্ন সূচী নিৰ্ধাৰণ কৰাৰ বাবে এখন পৃথক কমিটী গঠন কৰা হ'ব।' আনহাতে, এনডিএই ৩৮টা ৰাজনৈতিক দলৰ সমাৱেশ ঘটাই নতুন দিল্লীত মঙলবাৰে আয়োজন কৰা বৈঠকক কটাক্ষ কৰি তেওঁ কয়— ‘এনডি এই ৩০টা দলৰ এখন বৈঠক অনুষ্ঠিত কৰিছে। মই দেশত ইমান দল থকা বুলি আজিলৈকে শুনাই নাই। যোৱা চাৰি বছৰে তেওঁলোকে কোনো বৈঠক নকৰিলে । এতিয়া বিৰোধী একগোট হোৱা দেখি প্রধানমন্ত্রী মোদীয়ে ভয় খাইছে। আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ একগোট হোৱা নাই। আমি গণতন্ত্ৰ ৰক্ষা আৰু সংবিধানৰ মর্যাদা ৰক্ষাৰ বাবেহে একগোট হৈছোঁ।”

    কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ যে বিলুপ্ত হ'ব সেয়া অৱধাৰিত আছিল। সন্মিলিত বিৰোধীৰ এটা নতুন নাম বেংগালুৰৰ বৈঠকতে গ্ৰহণ কৰাৰ বিষয়ে আগতেই বিভিন্ন দলৰ সূত্ৰত প্ৰকাশ পাইছিল। কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ অধীনত পুনৰ একত্ৰিত হ'বলৈ একাধিক বিৰোধী দলৰ অনীহা আছিল। সেই মনোভাৱ উপলব্ধি কৰি বিৰোধী জোঁটৰ নতুন নামৰ বাবে আৰু ইউপিএৰ অৱলুপ্তিৰ বাবে কংগ্ৰেছ প্ৰস্তুত হৈ আছিল। ‘ইণ্ডিয়া' নামটো কোনে প্ৰস্তাৱ কৰিলে, সেয়া এতিয়াও প্রকাশ পোৱা নাই। কিন্তু এটা কথা স্পষ্ট, বিগত কিছুদিন ধৰি ৰাহুল গান্ধীয়ে একাধিক স্থানত ‘ইণ্ডিয়া' শব্দটো উচ্চাৰণ কৰিছিল। অৱশ্যে আজিৰ বৈঠকত ৰাহুল গান্ধী আৰু খৰ্গে দুয়োজনেই কংগ্ৰেছ প্রধানমন্ত্রী পদৰ প্রতি যে লালায়িত নহয়, সেয়া স্পষ্ট কৰি দিয়ে। আনহাতে, ‘পাৰিলে আমাক পৰাজিত কৰা' বুলি এনডিএক বৈঠকৰ শেষত প্ৰত্যাহ্বান জনালে মমতা বেনাৰ্জীয়ে।

No comments