Breaking News

গোলাঘাটত শিক্ষাখণ্ড পৰ্যায়ৰ আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট কুইজ ফ'ৰামৰ উদ্যোগত আৰু ইগনাইট ক'চিং, গোলাঘাটৰ সহযোগত শিক্ষাখণ্ড পৰ্যায়ৰ এলানি আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। অহা ২০ জুলাইত কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পূব শিক্ষাখণ্ড পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাখনিৰে উক্ত প্ৰতিযোগিতালানিৰ আৰম্ভণি কৰা হ'ব। পৰৱৰ্তী  ২১, ২২, ২৩ আৰু ২৬ জুলাইত ক্ৰমে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হ'ব।  এখন শিক্ষানুষ্ঠানৰ  দ্বাদশ শ্ৰেণী পৰ্যন্ত দুজনকৈ শিক্ষাৰ্থীৰে গঠিত একাধিক দলে অংশগ্ৰহণ কৰিব পাৰিব।  ইচ্ছুক প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ সম্বন্ধে সবিশেষ জানিবলৈ শৰৎ চেতিয়া আৰু কৌস্তুভমণি বৰাৰ সৈতে ৮৮৭৬৪৪৬১৮১ আৰু ৯৭০৬৯১৯৭০১ নম্বৰত যোগাযোগ কৰিব পাৰে।

No comments