Breaking News

ভূ-লুণ্ঠিত মানৱতা! মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড, দলৱদ্ধ ধৰ্ষণ, অৱশেষত মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে, ক’লে লজ্জাজনক



মণিপুৰত দুগৰাকী কুকি মহিলাক উলংগ কৰি ৰাজপথত ঘূৰাই ফুৰাৰ ৭৬ দিন পুৰণি ভিডিঅ' ইণ্টাৰনেটত প্ৰকাশ পোৱাৰ এদিন পিছতে থৌবাল জিলাৰ হেৰাদাস (৩২) নামৰ এজনক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী সূত্ৰ অনুসৰি তেওঁক এটা ভাইৰেল ভিডিঅ'ৰ সহায়ত গ্ৰেপ্তাৰ কৰা হৈছিল য'ত তেওঁসেউজীয়া চাৰ্ট পৰিধান কৰা দেখা পোৱা গৈছিল । "বুধবাৰে ইণ্টাৰনেটত দুমাহ পুৰণি ভিডিঅ' পোহৰলৈ অহাৰ পিছত মণিপুৰৰ পাহাৰীয়া অঞ্চলসমূহত উত্তেজনা বৃদ্ধি পাইছে। উত্তৰ-পূবৰাজ্যত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ এদিন পিছত অৰ্থাৎ ৪ মে'ত কাংপোকপি জিলাত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কয় যে মণিপুৰৰ পূব ৰাজ্যত মহিলাক নিৰ্যাতন কৰাৰ ঘটনা "লজ্জাজনক" আৰু সকলো ৰাজ্যৰ মুৰব্বীক মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

No comments