Breaking News

যোৰহাট-মাজুলী মাজত চলাচল কৰা‌ জাহাজৰ কৰ্মচাৰীৰ অসহযোগ: সমস্যাত যাত্ৰী

 


যোৰহাট -মাজুলীৰ মাজত চলাচল কৰা জাহাজৰ কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী।যোৱা প্রায় ছমাহ ধৰি দৰমহা নোপোৱাকৈ থকাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰা মুঠ পাঁচখনকৈ বৃহৎ জাহাজৰ কৰ্মচাৰীসকলে আজি পুৱাৰে পৰা আৰম্ভ কৰিছে অসহযোগ আন্দোলন। ফলত যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰা তিনিখন হান্ড্রেড পেক্স আৰু দুখনকৈ ৰ'- পেক্স জাহাজ চলাচল বন্ধ হৈ পৰিছে। ইয়াৰে ফলত বিশেষকৈ মাজুলীলৈ বিভিন্ন সামগ্ৰী সৰবৰাহ কৰাটো বন্ধ হৈ পৰিছে। লগতে যাত্ৰীসকলো ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। অৱশ্যে একাংশ যাত্ৰীয়ে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ সৰু যাত্রীবাহী নাওসমূহতে আজি ব্ৰহ্মপুত্ৰ পাৰ হ'ব লগা হয়। জানিব পৰামতে যোৰহাট আৰু মাজুলীৰ মাজত তিনিখন হান্ড্রেড পেক্স আৰু দুখন ৰ’-পেক্স জাহাজ চলাচল কৰে কলকাতাৰ আলী এণ্টাৰপ্ৰাইজ আৰু ডলফিন নামৰ দুটা কোম্পানীৰ অধীনত । যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰা এই জাহাজ পাঁচখনত কৰ্মচাৰীৰ সংখ্যা হ'ল ১৭ গৰাকী। কিন্তু যোৱা প্ৰায় ছমাহ ধৰি তেওঁলোকক দৰমহা দিয়া নাই কোম্পানী দুটাই। জাহাজতে থাকি জীৱিকা নিৰ্বাহ কৰা এই কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বিগত চাৰি-পাঁচ দিন ধৰি এই জাহাজসমূহৰ চলাচল বন্ধ হৈ আছিল । কিন্তু জলস্তৰ হ্ৰাস হোৱাৰ পাচত ১৮ জুলাইৰ পৰা এই জাহাজসমূহৰ চলাচল পুনৰ আৰম্ভ হৈছিল। কিন্তু দৰমহা নোপোৱা এই ১৭ গৰাকী কৰ্মচাৰীয়ে আজি পুৱাৰে পৰা আৰম্ভ কৰা এই অসহযোগ আন্দোলনৰ বাবে বন্ধ হৈ পৰে এই পাঁচখনকৈ জাহাজৰ সেৱা। বিশেষকৈ এই সেৱা অচল হৈ পৰাৰ লগে লগে বিভিন্ন সামগ্রী, যান-বাহন, শাক-পাচলি আদি সৰবৰাহ বন্ধ হৈ পৰিছে যোৰহাট আৰু মাজুলীৰ মাজত। আনহাতে দৰমহা আদায় নোপোৱা পৰ্যন্ত জাহাজৰ এই কৰ্মচাৰীসকলে অসহযোগ ধর্মঘট অব্যাহত ৰখাৰ হুমকি দিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰা এই জাহাজসমূহৰ কৰ্মচাৰীয়ে দৰমহা নোপোৱাৰ বাবে অসহযোগ কৰি জাহাজৰ চলাচল বন্ধ কৰি দিছিল।

No comments