Breaking News

পুনৰ জনসাধাৰণৰ মূৰত মাধমাৰ: ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে পৰিবহণ কৰ

 


মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত ৰাম- টাঙোন শোধোৱাৰ সময়তেই উদৰ ওপৰত দানহৰ দৰে এইবাৰ জনতাৰ মূৰত মামাৰ শোধাই চৰকাৰে বৃদ্ধি কৰিলে পৰিবহণ কৰ। অত্যধিক ঋণৰ বোজাত ককবকাই থকা চৰকাৰখনে সম্মুখীন হোৱা বিত্তীয় সংকটৰ জোৰা-টাপলি মাৰিবলৈকে সংগোপনে বৃদ্ধি কৰিলে নতুন বাহন ক্ৰয়ৰ ক্ষেত্ৰত কৰৰ পৰিমাণ। অর্থাৎ যিকোনো এখন নতুন বাহন ক্রয় কৰিবলৈ হ'লে গ্ৰাহকে এতিয়াৰ পৰা ভৰিব লাগিব অত্যধিক পঞ্জীয়ন মাচুল।ৰাজ্যৰ বিত্তীয় অৱস্থা যথেষ্ট টনকিয়াল বুলি বিভিন্ন সময়ত দাবী কৰি আহিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে। এনে সময়তে অতি লক্ষণীয়ভাৱে কুকি- চৰকাৰখনে পৰিবহণ কৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ অপেক্ষা নকৰিলে অসম বিধানসভা অধিৱেশনলৈ। চৰকাৰে অসম বিধানসভা অধিৱেশনলৈ অপেক্ষা নকৰি অতি খৰখেদাকৈ এক অধ্যাদেশৰ জৰিয়তে পৰিবহণ পঞ্জীয়ন মাচুল ব্যাপক হাৰত বৃদ্ধি ঘটায়। অসম মটৰ বাহন কৰ (সংশোধিত) অধ্যাদেশ, 2023 অনুসৰি এতিয়াৰ পৰা নতুন গাড়ী ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে পূৰ্বতকৈ অধিক ভৰিব লাগিব পঞ্জীয়ন মাচুল। পূর্বে গাড়ীৰ দামভেদে সাতটা পৰ্যায়ত গ্রাহকে দিব লাগিছিল কৰ। কিন্তু সংশোধিত অধ্যাদেশ অনুসৰি গাড়ীৰ দামভেদে চাৰিটা পৰ্যায়ত কৰ দিব লাগিব গ্রাহকে। অধ্যাদেশৰ জৰিয়তে ধাৰ্য কৰা নতুন নিৰিখ অনুসৰি ৩ লাখ টকাপর্যন্ত নতুন চাৰিচকীয়া বাহন পঞ্জীয়নৰ ক্ষেত্ৰত ৪.৫ শতাংশ কৰ, ৩ লাখতকৈ অধিক মূল্যৰ পৰা ১০ লাখ টকাপর্যন্ত বাহনৰ ক্ষেত্ৰত ৭ শতাংশ, ১০ লাখতকৈ অধিক মূল্যৰ পৰা ২০ লাখ টকা পৰ্যন্ত বাহনৰ ক্ষেত্ৰত ১০ শতাংশ আৰু ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰত ১৪ শতাংশ কৰ দিব লাগিব। অর্থাৎ ৩ লাখ টকা মূল্যৰ এখন বাহনৰ ক্ষেত্ৰত গ্ৰাহকে কৰ হিচাপে ১৩,৫০০ টকা, ৬ লাখ টকাৰ এখন গাড়ীত ৪২ হেজাৰ টকা, ৮ লাখটকীয়া এখন গাড়ীত ৫৬ হেজাৰ টকা কৰ আদায় দিব লাগিব। মটৰ চাইকেল ক্ৰয়ৰ ক্ষেত্ৰতো পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হৈছে। ধাৰ্য কৰা নিৰিখ অনুসৰি এক লাখ টকা পৰ্যন্ত মটৰ চাইকেলত ৬ শতাংশ, এক লাখতকৈ অধিক মূল্যৰ পৰা ৩ লাখ টকা পৰ্যন্ত মটৰ চাইকেলত ৮ শতাংশ আৰু ৩ লাখতকৈ অধিক মূল্যৰ মটৰ চাইকেলৰ ক্ষেত্ৰত ৯ শতাংশ পর্যন্ত পঞ্জীয়ন মাচুল আদায় দিব লাগিব। মন কৰিবলগীয়া যে কি হাৰত নতুন বাহনৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হৈছে সেয়া পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে। পূৰ্বতে ৪ লাখ টকাপর্যন্ত বাহনতহে গ্ৰাহকে কৰ দিব লগা হৈছিল ৫ শতাংশ। কিন্তু নতুন নিৰিখ অনুসৰি তিনি লাখতকৈ অধিক মূল্যৰ বাহন হলেই গ্রাহকে ৭ শতাংশ কৰ দিব লাগিব। একেদৰে পূৰ্বতে ১২ লাখ টিকা পর্যন্ত বাহনৰ ক্ষেত্ৰত কৰৰ পৰিমাণ আছিল ৭ শতাংশ। কিন্তু নতুন Sem “নিৰিখ অনুসৰি ১০ লাখ টকাৰ ওপৰৰ বাহনতে গ্রাহকে কৰ দিব লাগিব ১০ PC শতাংশ। অনুৰূপ ধৰণে পূৰ্বতে ২০ লাখ টকাপর্যন্ত বাহনত কৰ নিৰ্ধাৰণ কৰা হৈছিল ৯ শতাংশ। নতুন নিরিখ অনুসৰি ২০ লাখ টকা পৰ্যন্ত বাহনত গ্রাহকে 2) কৰ দিব লাগিব ১০ শতাংশ। আগতে ২০ লাখ টকাতকৈ অধিক মূল্যৰ গাড়ীৰ পঞ্জীয়নৰ ক্ষেত্ৰত কৰ দিবলগা হৈছিল ১২ শতাংশ। কিন্তু অধ্যাদেশৰ জৰিয়তে এতিয়া ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰত ১৪ 4) শতাংশ কৰ নিৰ্ধাৰণ কৰা হৈছে। পূৰ্বতে ৩০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰতহে ১৪ শতাংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল। নতুন বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰত কৰৰ পৰিমাণ বৃদ্ধিয়ে গ্ৰাহকক আন এক মাধমাৰ শোধোৱাৰ Ap বাট প্রশস্ত কৰি তুলিছে। কিয়নো পঞ্জীয়ন মাচুলৰ সমান্তৰালভাৱে গ্রাহকে বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত জি এছ টিকে ধৰি অন্যান্য মাচুল আদার দিব লাগিব। একেদৰে ৰাজপথত দিনক দিনে ইখনৰ পিচত সিখনকৈ স্থাপন কৰা হৈছে টোলগেট। যি দিশেৰে নগ'লেও গাড়ীৰ গৰাকীয়ে টোলগে টত দিব লগা হয় ধন। কাজেই গাড়ী এখন ক্ৰয় কৰাৰ পৰা ৰাজপথত চলোৱা লৈকে গ্রাহকে কৰৰ নামতে বৃহৎ পৰিমাণ ধন আদায় দিব লাগিব চৰকাৰক।

No comments