Breaking News

গোলাঘাটত সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি


সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এইবাৰ গোলাঘাট জিলা সমিতিৰ আতিথ্যত গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। বিশেষকৈ ছাত্র- ছাত্ৰী সকলক শৈক্ষিক,আৰু সাংস্কৃতিক দিশত আগবঢ়াই নিয়াৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতা, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰদৰ্শন লগতে অসমৰ বিভিন্ন প্ৰান্তৰ  মুখ্য অতিথি, আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি, জাতীয় - জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত এখনি মুকলি সভা আয়োজন কৰিবলৈ লোৱা হৈছে লগতে 'জাতীয়তাবাদ' নামৰ এখনি স্মৃতি গ্ৰন্থ দিগন্ত কুমাৰ বৰাৰ সম্পাদনাৰে প্ৰকাশ কৰা হৈছে আৰু মুকলি সভাৰ মাজতে চিৰসেউজ শিল্পী দ্বিপেন বৰুৱাক সন্মান দিয়াৰ অৰ্থে পৰিষদৰ  তৰফৰ পৰা শিল্পী উদ্দীপনা নামেৰে বঁটা প্ৰদান অনুষ্ঠানো আয়োজন কৰা হৈছে। এক বিবৃতি যোগে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক নিপন গগৈয়ে জানিবলৈ দিয়ে।

No comments