Breaking News

চাৰিওফালে মূল্য বৃদ্ধিয়ে জৰুলা কৰিছে ৰাজ্যবাসীক: বৃদ্ধি পালে চৰকাৰী হাস্পতালৰ পঞ্জীয়ন মাচুল


অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য‌ই ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তেই  চিকিৎসাখণ্ডতো ব্যাপক হাৰত মূল্যবৃদ্ধি হৈছে। সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ লোকে স্বাস্থ্য বীমা নাথাকিলে ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ কল্পনাই কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসা খণ্ডৰ এই মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে এইবাৰ চৰকাৰী হাস্পতালতো পৰিছে মূল্যবৃদ্ধিৰ প্রভাৱ। কাগজে-কলমে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা বুলি চৰকাৰে প্ৰচাৰ চলালেও চিকিৎসকৰ মাচুলক বাদ দি বাকী প্ৰতিটো খোজতে ধন নিদিলে চিকিৎসা অসম্ভৱ। কিন্তু প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ সকলোতে ৰোগ দেখুৱাবলৈ আহিলেই ৰোগীৰ পৰা পঞ্জীয়ন মাচুল সংগ্ৰহ কৰা হয় যদিও এতিয়া চৰকাৰি চিকিৎসালয়ত ৰোগীৰ পঞ্জীয়ন মাচুলো দুগুণ বৃদ্ধি পাইছে। শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে এটা নির্দেশনাযোগে প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা আৰম্ভ কৰি জিলা চিভিল হাস্পতাললৈ সকলোতে বহিঃ বিভাগৰ ৰোগীৰ পঞ্জীয়ন মাচুলৰ পূৰ্বৰ পাঁচ টকাৰ পৰিৱৰ্তে দহ টকালৈ বৃদ্ধিৰ জাননী জাৰি কৰিছে। অর্থাৎ চৰকাৰী হাস্পতাললৈ চিকিৎসাৰ বাবে আহিলে প্ৰতিবাৰেই পঞ্জীয়নৰ নামত দুখীয়া ৰোগীয়ো দহ টকাকৈ মাচুল ভৰিব লাগিব। কেৱল পঞ্জীয়ন মাচুলেই নহয়, ৰক্ত পৰীক্ষা তথা আন আন ৰোগৰ লেবৰেটৰী-ৰেডিঅ'লজী পৰীক্ষাৰ নামতো ৰোগীয়ে প্ৰতি খোজতে মাচুল আদায় দিবলৈ বাধ্য। অৱশ্যে স্বাস্থ্য বিভাগৰ নিৰ্দেশনাটোত বি পি এল ৰোগীসকলক পঞ্জীয়ন মাচুলৰ ৰেহাই দিব বুলিও উল্লেখ কৰিছে। স্বাভাৱিকেই এই নিৰ্দেশনাৰ জৰিয়তে প্ৰতিজন ৰোগীৰ পৰা ১০টকাকৈ মাচুল সংগ্ৰহ কৰি হাস্পতালসমূহে পুঁজি সংগ্ৰহৰো পৰিকল্পনা কৰিছে। মূলতঃ চৰকাৰী হাস্পতালসমূহত প্রশাসনিক কাম-কাজৰ বাবে কাগজ-কলম ক্রয় কৰিবলৈ প্ৰয়োজন হোৱা ধন ৰোগীৰ পৰা সংগৃহীত পুঁজিৰ পৰাই খৰচ কৰিব লাগিব। বিত্ত বিভাগে প্রশাসনিক কাম-কাজৰ বাবে হাস্পতালসমূহক পূৰ্বে দিয়া পুঁজি কৰ্তন কৰাৰ বাবেই এইদৰে ৰোগীৰ ওপৰত বোজা জাপি দি ধন সংগ্ৰহৰ নিদের্শনা জাৰি কৰা বুলিও স্বাস্থ্য বিভাগৰ এটা শীৰ্ষ সূত্রই জানিবলৈ দিছে।

No comments