Breaking News

'মণিপুৰৰ ঘটনাৰ তুলনা আন ৰাজ্যৰ ঘটনাৱলীৰ সৈতে হ’ব নোৱাৰে' - ডি ৱাই চন্দ্ৰচূড়

 


সংঘৰ্ষপীড়িত মণিপুৰত যৌন নিৰ্যাতনৰ বলি হোৱা তথা এদল উন্মত্ত জনতাই নগ্ন কৰি সমদল কৰিবলৈ বাধ্য কৰা দুগৰাকী মহিলাই ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উক্ত গোচৰটোৰ শুনানিকালত এগৰাকী অধিবক্তাই পশ্চিমবংগ আৰু ৰাজস্থানৰ নাৰী নিৰ্যাতনৰ প্ৰসংগ উত্থাপন কৰে। ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দৰচূড়ে কয় যে- মণিপুৰৰ তুলনা আন ৰাজ্যৰ সৈতে কিয়?মণিপুৰৰ ঘটনাৰ চৰিত্ৰ সম্পূর্ণ পৃথক,গতিকে এই ঘটনাৰ তুলনা আন ৰাজ্যৰ ঘটনাৱলীৰ সৈতে হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ন্যায়াধীশগৰাকীয়ে। উল্লেখ্য যে মণিপুৰত দুগৰাকী মহিলাক নগ্ন কৰি সমদল কৰা এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে উক্ত ঘটনাৰ তদন্ত চি বি আইৰ দ্বাৰা কৰোৱা আৰু তদন্ত ছমাহৰ ভিতৰত শেষ কৰিব বুলি সদৰী কৰিছিল কেন্দ্ৰই। সোমবাৰে মণিপুৰৰ নিৰ্যাতিতা দুগৰাকীয়ে সৰ্বোচ্চ ন্যায়ালয়ত জনায় যে চি বি আইৰ তদন্তৰ প্ৰতি তেওঁলোকৰ কোনো আস্থা নাই। ইয়াৰ বিপৰীতে আদালতৰ পৰ্যবেক্ষণত বিশেষ তদন্তকাৰীৰ দল গঠন কৰি ঘটনাৰ তদন্ত কৰিবলৈ তেওঁলোকে আহ্বান জনায়। সোমবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠত প্রশ্ন-উত্তৰ চলি থকা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই জনায় যে আদালতৰ পৰ্যবেক্ষণত তদন্ত হ'লে তেওঁলোকৰ আপত্তি নাই। শুনানি কালত মুখ্য ন্যায়াধীশ চন্দ্রশূড়ে লগতে কয় যে মণিপুৰৰ যৌন নিৰ্যাতনৰ ঘটনা এইটোৱেই একমাত্ৰ নহয়। এনে ঘটনা আৰু বহু ঘটা বুলি উল্লেখ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিপূৰ্বে দাখিল কৰা শপনামাত ইয়াৰ ইংগিত পোৱা বুলি উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে ৩ মে'ত মণিপুৰত গোষ্ঠীগত হিংসা বিয়পি পৰাৰ পাছত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনা কিমানটা নথিভুক্ত হৈছে সেই বিষয়েও কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাৰ পৰা জানিবলৈ বিচাৰে। উল্লেখ্য যে নির্যাতিতা মহিলা দুগৰাকীৰ হৈ আদালতত প্ৰশ্ন কৰে অধিবক্তা কপিল চিবালে। তেওঁ কয়—‘চৰকাৰৰ হাতত এনে ধৰণৰ কোনো তথ্য নাই।' আনকি কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে এনে ঘটনাৰ যে চি বি আইৰ তদন্তও বিচৰা নাই সেই বিষয়েও তেওঁ উল্লেখ কৰে। মণিপুৰত মহিলাক নগ্ন কৰি সমদল কৰিবলৈ বাধ্য কৰোৱা ঘটনাৰ বিষয়ে উল্লেখ কৰি চিবালে লগতে শীর্ষ আদালতখনক জনায় যে উক্ত ঘটনাত জড়িত সকলক খোদ আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছিল। এনে অৱস্থাত আমি ৰাজ্য চৰকাৰখনৰ ওপৰত কি বুলি ভৰষা ৰাখিম। নিৰ্যাতিতা মহিলা দুগৰাকীয়ে তেওঁলোকৰ গোচৰৰ বিচাৰ যাতে অসম বা অন্য ৰাজ্যলৈ স্থানান্তৰ কৰা নহয় তাৰ বাবেও ন্যায়ালয়ক আবেদন জনায়। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ইয়াৰ পূৰ্বে মহিলা দুগৰাকীৰ নিৰ্যাতনৰ গোচৰটো কেন্দ্ৰই অসমলৈ স্থানান্তৰ কৰিব বিচৰা বলি আদালতক অৱগত কৰিছিল। ইপিনে ন্যায়ালয়ে নাৰী নিৰ্যাতনৰ ঘটনাটো সংঘটিত হোৱাৰ পাছত ইমান দিনে মণিপুৰ আৰক্ষীয়ে কি কৰি আছিল বুলিও প্রশ্ন উত্থাপন কৰে। সৰ্বোচ্চ ন্যায়ালয়খনে এই সন্দৰ্ভত মণিপুৰ  আৰক্ষীৰ প্ৰতি ভর্ৎসনাসূচক মন্তব্যও আগবঢ়ায়। তাৎপর্যপূর্ণ যে উচ্চতম ন্যায়ালয়ে নাৰী নিৰ্যাতনৰ গোচৰটো সন্দৰ্ভত প্ৰদৰ্শন কৰা  স্থিতিক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অস্বস্তিত পৰিবলগা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ঘটনাক লৈ এতিয়ালৈকে মুখ খোলা নাই। যাৰ বাবে সোমবাৰেও বিৰোধী সাংসদসকলে মণিপুৰ সন্দৰ্ভত প্রধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি সংসদৰ দুয়ো সদন উত্তাল কৰি তোলে। ফলত অধ্যক্ষই বাৰে বাৰে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ মাজতে ৰাজ্য সভাত মন্ত্রী পীযূষ গোৱেলে মণিপুৰক লৈ কেন্দ্ৰীয় চৰকাৰ আলোচনাৰ বাবে সাজু থকা বুলি উল্লেখ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে আলোচনাৰ বাবে সন্মতিও প্রদান কৰে। কিন্তু বিৰোধী সাংসদসকলে প্রধানমন্ত্ৰীৰ বিবৃতি অবিহনে বিতৰ্কত ভাগ ল'বলৈ অস্বীকাৰ কৰে। ফলত পুনৰ সদন স্থগিত হয় ।

   ইপিনে মণিপুৰৰ ঘটনাৱলীক লৈ পশ্চিমবংগ বিধানসভাই কালি এক নিন্দাসূচক প্ৰস্তাৱ গ্ৰহণ কৰে। পশ্চিমবংগৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী শোভনদেৱ চট্টপাধ্যায়ে সদনত উক্ত প্ৰস্তাৱটো উত্থাপন কৰে। ইয়াৰ পাছতে পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে নিজৰ ভাষণ প্ৰসংগত মণিপুৰৰ ঘটনাৱলীক লৈ কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়। মমতাই কয়—প্রধানমন্ত্রী মোদীয়ে যদি মণিপুৰ চম্ভালিব নোৱাৰে তেনেহ'লে মোক দায়িত্ব দিয়ক। মই নিশ্চিতভাৱে মণিপুৰ শান্ত কৰিম। মমতাই লগতে প্রধানমন্ত্রী মোদীৰ বেটি বাচাও, বেটি পঢ়াও শ্লোগানৰো কটাক্ষ কৰে। তেওঁ কয়—"মোদীৰ বেটি বাচাও, বেটি পঢ়াওৰ সলনি এতিয়া দেশত বেটি জ্বলাও, বেটি হাটাও নীতিহে চলিবলৈ ধৰিছে।"

No comments