Breaking News

লাখ লাখ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি


পৰাগ বৰুৱা,ফৰকাটিং,২ আগষ্টঃ পবিত্ৰ ভাদ মাহৰ মাহযোৰা নাম মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি৷গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত উত্তৰ পূৰ্বাঞ্চল অন্যতম ধৰ্মীয় পীঠস্থান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰলৈ পবিত্ৰ ভাদমাহৰ নাম মহোৎসৱলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম হয়৷পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱৰ কাৰণে কৰ্ণধাৰ সমিতিয়ে ব্যাপকভাৱে প্ৰস্তুতি চলাইছে৷ অসীম বৰাক সভাপতি,নৰেন বৰাক সম্পাদক,ক্ষীৰেশ্বৰ বৰাক উপ-সভাপতি, বীৰেন শইকীয়াক সহঃ সম্পাদক হিচাপে লৈ মাহযোৰা নাম মহোৎসৱ উদযাপন সমিতি গঠন কৰা হয়৷তাৰোপৰি ভক্তিপ্ৰাণ ৰাইজ সমাগম হওতে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সোতৰখন উপ-সমিতি গঠন কৰা হয়৷সিংহদ্বাৰ,হস্তীদ্বাৰৰ পৰা নামঘৰলৈ ৰং-তুলিকা আৰু লাইটে আটক ধুনীয়াকৈ সকলো সজাইপৰাই তুলিছে৷শৰাই-নৈবদ্য ,চাকি-ধূপ আগবঢ়োৱা, সকলো ভক্তই প্ৰসাদ লাভ কৰা,দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলৰ থকাৰ কাৰণে  সকলো সু-পৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ভক্তৰ স্বাস্থ্য দিশটো আঠখেলীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে জিলা স্বাস্থ্য বিভাগ,সুৰক্ষা দিশটো জিলা আৰক্ষী বিভাগ আৰু সকলো ক্ষেত্ৰতে জিলা প্ৰশাসনে আৰু ঘিলাধাৰী থানা অন্তৰ্গত গাঁওৰক্ষী বাহিনীয়ে বিগত বৰ্ষৰ দৰে সহযোগিতা আগবঢ়াব বুলি কৰ্ণধাৰ সমিতিয়ে জানিবলৈ দিয়ে৷দৈনিক পুৱা ৪ -০০বজাত প্ৰাতঃ প্ৰসঙ্গ,১১-০০ বজাত দুপ প্ৰসঙ্গ ,২-৩০ বিয়লা প্ৰসঙ্গ, ৬ -০০বজাত সন্ধ্যা প্ৰসঙ্গ অনুষ্ঠিত হব যদিও পবিত্ৰ ভাদ মাহৰ উপলক্ষে ভক্তৰ প্ৰতি লক্ষ্য ৰাখি ৰাতি ১০ বজালৈকে ভক্তপ্ৰাণ ৰাইজে চাকি-ধূপ,শৰাই আগবঢ়াব পাৰিব বুলি কৰ্ণধাৰ সমিতিয়  জানিবলৈ দিয়ে।

No comments