Breaking News

গোলাঘাটত জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়া স্থিতিৰ সন্দৰ্ভত সাংবাদিকৰে আলোচনা সভা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ


গোলাঘাটত সংবাদকৰ্মী  সকলৰ লগত স্বাস্থ্য বিভাগৰ বাহক জনিত ৰোগৰ বিষয়ে বুধবাৰে  আলোচনা সভা অনুষ্ঠিত কৰাৰ লগতে এই সন্দৰ্ভত মত-বিনিময় কৰা হয়। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত গোলাঘাট জিলাত বৰ্তমানৰ জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ স্থিতিৰ ওপৰত বিতং ভাবে আলোচনা হয়।  আজি পৰ্যন্ত জিলাখনত জাপানীজ এনকেফেলাইটিছ  ২৩ , ডেংগু ১৬ আৰু মেলেৰিয়াত  ১ জন লোক আক্ৰান্ত হৈ আছে।জাপানীজ এংকেফেলাইটিছৰ ২৩  জনৰ ভিতৰত ১১ জন পুৰুষ, ১২ গৰাকী মহিলা, ৯ জন শিশু আৰু ১৪ জন প্ৰাপ্তবয়স্ক আছে। উল্লেখ্য যে এই পৰ্যন্ত গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াত আক্ৰান্ত হৈ কোনো লোক মৃত্যু মুখত পৰা নাই। আলোচনা সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অনুৰাধা বৰুৱা, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ( বাহক জনিত ৰোগ) ডাঃ ৰঞ্জিত ভূঞা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ( বিদ্যালয় স্বাস্থ্য) ডা ৰঞ্জিত হাজৰিকা, জিলা মেলেৰিয়া বিষয়া ড০ নৱনিতা দাস, জিলা বাহক জনিত ৰোগ কনচালটেন্ত বিঞ্জী ৰহমান, জিলা এপিডেমিওলʼজিষ্ট ড° প্ৰণৱ গগৈ, ডিএমই পূৰ্বালি হাজৰিকাকে আদি কৰি অন্য বিষয়া উপস্থিত থাকে।

No comments