Breaking News

পৃথিৱীৰ কক্ষপথ এৰি ৫ আগষ্টত জোনৰ কক্ষপথত প্ৰৱেশ কৰিব চন্দ্ৰযান-৩


যোৱা ১৪ জুলাইত ভাৰতৰ পৰা চন্দ্ৰ অভিমুখে ৰাওনা হোৱা চন্দ্ৰযান-৩ য়ে দুসপ্তাহ পৃথিৱীৰ কক্ষপথত প্রদক্ষিণ কৰাৰ পাছত অৱশেষত পৃথিৱী এৰি এইবাৰ মূল লক্ষ্য চন্দ্ৰ অভিমুখে ৰাওনা হৈছে। মঙলবাৰে ইছৰ'ৰ বিজ্ঞানীয়ে চন্দ্রযান-৩ক পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰাই চন্দ্ৰ অভিমুখে আগবঢ়াই দিয়ে। ইছৰ’ৱে এটা টুইটত কয়— এতিয়া পৰৱৰ্তী ‘ষ্টপ’ হৈছে চন্দ্ৰ। যোৱা ১৪ জুলাইত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰাৰ পাছত চন্দ্ৰযান-৩য়ে পৃথিৱীক উপবৃত্তাকাৰ পথেৰে প্ৰদক্ষিণ কৰি আছিল, য'ৰ সৰ্বনিম্ন দূৰত্ব আছিল পৃথিৱীৰ পৰা ১৭৩ কিলোমিটাৰ আৰু সৰ্বাধিক দূৰত্ব আছিল ৪২,০০০ কিলোমিটাৰ। মঙলবাৰে চন্দ্ৰযান-৩ক সৰ্বাধিক দূৰত্বত থকা অৱস্থাৰ পৰাই চন্দ্ৰ অভিমুখে আগবঢ়াই দিয়া হয়। সম্প্রতি চন্দ্রযান- ৩ আছে ‘ট্ৰেন্সলুনাৰ’ পথত। আজিৰ পৰা চাৰিদিন চন্দ্ৰযান-৩ পোনে পোনে চন্দ্ৰৰ অভিমুখে আগবাঢ়ি যাব আৰু ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব । চন্দ্ৰকো চন্দ্রযান-৩য়ে পৃথিৱীক প্রদক্ষিণ কৰাৰ দৰে প্ৰায় ৩ সপ্তাহ প্ৰদক্ষিণ কৰিব এটা উপবৃত্তকাৰ কক্ষপক্ষত । অহা ২৩ বা ২৪ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰৰ ১০০ কিলোমিটাৰ দূৰত্বলৈ কাষ চাপি যাব আৰু তাৰ পৰাই চন্দ্ৰত অৱতৰণৰ চেষ্টা চলাব । তেতিয়া চন্দ্ৰযানৰ গতি 'লুনাৰ ৰাউণ্ড মেনুভাৰ নাম্বাৰ’ৰ জৰিয়তে ‘ৰাফ ব্রেকিং’ আৰু ‘কণ্ট্ৰল্ড ব্রেকিঙে’ৰে হ্ৰাস কৰা হ'ব আৰু ৩০ কিলোমিটাৰ দূৰত্বৰ পৰা চন্দ্ৰযান- ৩য়ে ওপঙি ওপঙি অৱতৰণ কৰিব।

No comments