Breaking News

মণিপুৰ আৰক্ষীৰ ওপৰত খৰ্গহস্ত উচ্চতম ন্যায়ালয়: ডিজিপিক তলব

 


মণিপুৰত বৰ্তমানেও শাম কটা নাই গোষ্ঠী সংঘৰ্ষ তথা হিংসাত্মক কাৰ্যকলাপ।মণিপুৰত যোৱা তিনি মাহ ধৰি চলি থকা গোষ্ঠী সংঘৰ্ষত ৰাজ্যখনৰ আৰক্ষীয়ে গাফিলতি কৰা বুলি উচ্চতম ন্যায়ালয় খর্গহস্ত হৈ পৰিছে আৰু অহা ৭ আগষ্টত মণিপুৰৰ আৰক্ষী সঞ্চালকপ্ৰধানক সোঁশৰীৰে সৰ্বোচ্চ আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। আজি দ্বিতীয় দিনৰ বাবে মণিপুৰৰ হিংসাত্মক ঘটনাৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ ক্রমে— জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে ভাগি পৰা বুলি মন্তব্য কৰে। ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ আৰক্ষীক প্ৰত্যক্ষভাৱে জগৰীয়া কৰে আৰু চৰকাৰী প্ৰতিনিধিক প্রশ্ন কৰে— আৰক্ষীয়ে কিয় হিংসাত্মক ঘটনা ৰোধ কৰিব পৰা নাছিল আৰু গোচৰ ৰুজু হোৱা সত্ত্বেও কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? ৬,০০০ৰ অধিক এফআইআৰ ৰুজু হোৱা সত্ত্বেও কিয় মণিপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা দুষ্কৃতিৰ সংখ্যা ইমান নগণ্য? বিচাৰপীঠে পুনৰ প্ৰশ্ন কৰে— ঘটনাৰ নির্যাতিতাই জনাইছে, তেওঁলোকক জেৰা কৰাৰ পাছত আৰক্ষীয়ে উত্তেজিত জনতাৰ হাতত তুলি দিছিল। তেতিয়া আৰক্ষী সঞ্চালকপ্ৰধানে কি কৰি আছিল? কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক এনেদৰে তিৰস্কাৰ কৰি সৰ্বোচ্চ আদালতে । আৰক্ষী সঞ্চালকপ্ৰধান ৰাজীৱ সিঙক সোঁশৰীৰে উচ্চতম ন্যায়ালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে। তুষাৰ মেহতাক ভর্ৎসনা কৰি বিচাৰপীঠে কয়— মণিপুৰত চৰকাৰৰ আইন-শৃংখলা ব্যৱস্থা সম্পূৰ্ণৰূপে ভাগি পৰিছে, কিন্তু চৰকাৰ নীৰৱ হৈ আছে। ইপিনে, থৌবাল জিলাত বিৱস্ত্ৰ কৰি পেৰেড কৰোৱা তগৰাকী মহিলা তথা দলবদ্ধভাৱে ধৰ্ষণ কৰা ২১ বছৰীয়া যুৱতীগৰাকীক সোধা-পোছা  কৰাৰ পৰা চিবিআইক বাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। ইতিমধ্যে চিবিয়ে সেই গোচৰটো হাতত লৈছিল। কিন্তু নিৰ্যাতিতাই সেই গোচৰৰ তদন্ত চিবিআইৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱাৰ বাবে আবেদন জনাইছে। তদুপৰি তেওঁলোকে প্রভাৱিত হোৱাৰ ভয়ত সেই J গোচৰ অসমৰ আদালতলৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ নিদিবলৈ সর্বোচ্চ আদালতত আবেদন জনাইছে। সেই সন্দৰ্ভত অহা ৭ আগষ্টৰ শুনানিত আদালতে নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে।

No comments