Breaking News

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে ডেংগী,এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগে: কাণষাৰ নাই স্বাস্থ্য বিভাগৰ


ৰাজ্যত বিশেষকৈ উজনি অসমত ত্ৰাসৰ সৃষ্টি কৰিছে ডেংগী, জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগে।বছৰৰ প্ৰথমটো বানৰ পাছতেই ৰাজ্যত এতিয়া জাপানিজ এনকেফেলাইটিছ, এনকেফেলাইটিছ সদৃশ আৰু ডেংগীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুৰ লগতে গুৱাহাটী মহানগৰীত ডেংগীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগে উজনি অসমৰ কেওখন জিলাৰ লগতে নামনি অসম আৰু মধ্য অসমৰ বিভিন্ন অঞ্চলতো সংহাৰী ৰূপ ধাৰণ কৰিছে। চলিত বৰ্ষত এইপর্যন্ত ঘাটক এনকেফেলাইটিছ আৰু ডেংগীয়ে দুকুৰি লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ ৰে বিপৰীতে শতাধিক লোক জীৱন মৃত্যুৰে যুঁজ দি চিকিৎসাধীন হৈ আছে। এনকেফেলাইটিছ আৰু ডেংগীয়ে ঘাটক ৰূপ লোৱাৰ পাছতো স্বাস্থ্য বিভাগে নির্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰহে অভিযোগ উঠিছে। এন এইচ এমৰ ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্রণ কর্তৃপক্ষই এনকেফেলাইটিছ আৰু ডেংগী প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয়তা কাৰ্যব্যৱস্থা হাতত লোৱাৰ পৰিৱৰ্তে বাহকজনিত ৰোগ দুবিধৰ তথ্য লুকুওৱাতহে  নামি পৰিছে। ডেংগী- এনকেফেলাইটিছৰ সজাগতাৰ বাবে মৃত তথা আক্রান্ত লোকৰ  সংখ্যা সংবাদ মাধ্যমৰ জৰিয়তে নিয়মীয়াকৈ বুলেটিন প্রকাশ কৰি ৰাজহুৱা কৰাৰ পৰিৱৰ্তে স্বাস্থ্যমন্ত্ৰীৰ নাম লৈ তথ্য গাপ দিয়াহে দেখা গৈছে এন এইচ এম কর্তৃপক্ষক । আনকি ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ নামত ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই দুই এটা বিজ্ঞাপন প্ৰকাশ কৰিয়েই দায়িত্ব সামৰিছে। শুনিলে আচৰিত যেন লাগিলেও ডিফুত এইপর্যন্ত ডেংগীত ১৫০৬জন লোক আক্রান্ত হোৱাৰ বিপৰীতে কেইবাজনো লোকৰ মৃত্যু হৈছে। মঙলবাৰে ডিফুত শর্মিষ্ঠা  মজুমদাৰ নামৰ এগৰাকী ২৫ গৰাকী যুৱতীৰ মৃত্যু হয়। বর্তমানো ডিফুত মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৪১জন ৰোগী। ইয়াৰ পূৰ্বে ৰহিলা তেৰাংপি নামৰ এগৰাকী মহিলাৰো মৃত্যু হৈছে। ইফালে নলবাৰীতো জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা গৈছে। এই পর্যন্ত নলবাৰীত এটি আঠ বছৰীয়া শিশুকে ধৰি তিনিজন লোক এনকেফেলাইটিছত মৃত্যু হৈছে। জিলাখনত এনকেফেলাইটিছত আক্ৰান্ত হৈছে আন ১৪জন লোক। আনহাতে, ধেমাজিত এতিয়ালৈকে জাপানিজ এনকেফেলাইটিছ আৰু হয়া এনকেফেলাইটছ সদৃশ ৰোগত চাৰিজন লোকৰ মৃত্যু হৈছে। এইসকলৰ ভিতৰত দুজন জাপানিজ এনকেফেলাইটিছ আৰু দুজন এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হৈছে। বৰ্তমানলৈকে জিলাখনত জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত মুঠ ৪২ গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰে ১৮জনৰ দেহত জাপানিজ এনকেফেলাইটিছ ৰোগ চিনাক্ত হৈছে। ইফালে, চৰাইদেউ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। জিলাখনত আজি পর্যন্ত জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে। ইয়াৰে এজন লোকৰ মৃত্যু ঘটিছে জাপানিজ এনকেফেলাইটিছত। বৰ্তমানলৈ জিলাখনত ৩৬জনলৈ বৃদ্ধি পাইছে এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা। এতিয়ালৈ এনকেফেলাইটিছ সদৃশ ৰোগত জিলাখনৰ চাৰিজন লোকৰ মৃত্যু ঘটিছে। একেদৰে বিশ্বনাথ জিলাতো জাপানিজ এনকেফেলাইটিছত দেওবাৰে অনুপ শ‍ইকীয়া নামৰ এজন লোকৰ মৃত্যু হয়। জিলাখনত বৰ্তমানলৈ পাঁচজন লোকৰ মৃত্যু হৈছে। বিগত সপ্তাহত জাপানিজ এনকেফেলাইটিছত লখিমপুৰত এটি শিশুৰ মৃত্যু হয়। তদুপৰি জিলাখনত ডেংগীতো আন দুজন লোক আক্ৰান্ত হৈছে। মাজুলীতো জাপানিজ এনকেফেলাইটিছত ৰাহুল পেগু নামৰ এজন ২০ বছৰীয়া ছাত্ৰৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে। 

No comments