Breaking News

‘অমৃতবৃক্ষ' ৰোপণ কাৰ্যসূচী ২ অক্টোবৰৰ পৰিৱৰ্তে আগুৱালে ১৭ ছেপ্টেম্বৰলৈ

 


অহা ২ অক্টোবৰত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এককোটি বৃক্ষ ৰোপণৰ কাৰ্যসূচী 'অমৃতবৃক্ষ' ৰোপণৰ দিন ২ অক্টোবৰৰ পৰিৱৰ্তে ১৭ ছেপ্টেম্বৰলৈ আগুৱালে। বুধবাৰে দিছপুৰত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া দুই অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনটোৰ পৰিৱৰ্তে ১৭ ছেপ্টেম্বৰৰ দিনা পুৱা ন বজাৰ পৰা ‘অমৃত বৃক্ষ' ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।

    উল্লেখ্য যে ৰাজ্যত এক কোটি গছপুলি ৰোপণৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি অমৃত বৃক্ষ আন্দোলনৰ ৱেব' পৰ্টেল, মোবাইল এপ, থীম চং আৰু কাঠ ভিত্তিক উদ্যোগৰ পঞ্জীয়নৰ বাবে ৱেব’ পৰ্টেলো মুকলি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ১৭ ছেপ্টেম্বৰত আত্ম সহায়ক গোটৰ সদস্য, অংগনাবাড়ী কৰ্মী, আশা কৰ্মী, শিক্ষানুষ্ঠান, চৰকাৰী কৰ্মচাৰী, চাহ বাগিচাৰ শ্ৰমিক,আৰক্ষী বেটেলিয়ন আৰু গাঁওৰক্ষী বাহিনী আদিৰ সদস্যসকল একত্রিত হৈ ১ কোটি ব্যবসায়ীকভাৱে উপযোগী গছপুলি ৰোপণ কৰিব। এই উপলক্ষে বুধবাৰে জনতা ভবনস্থিত মুখ্যমন্ত্রীৰ সভাগৃহত পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অবাধ বন ধ্বংসৰ ফলত পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিছে। ইয়ে ছেে জলবায়ু পৰিবৰ্তনক প্রভাবিত কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে প্রেক্ষাপটত জলবায়ু পৰিৱৰ্তন প্রশমিত কৰিবলৈ ব্যক্তিগত তথা সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তা আছে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই আজি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে বিশ্বজুৰি সংগ্ৰাম অব্যাহত ৰাখিছে। গ্লাছগোত অনুষ্ঠিত হোৱা জলবায়ু জৰি পৰিৱৰ্তনৰ শীৰ্ষ সন্মিলনত মাননীয় প্রধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ দিয়া বিৰুদ্ধে অব্যাহত থকা সংগ্ৰাম আৰু এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ দায়বদ্ধতাৰ কথা স্পষ্ট ভাষাৰে বিশ্ববাসীৰ ওচৰত দাঙি ধৰিছে বুলি  মুখ্যমন্ত্ৰীয়ে কয় । তেওঁ উল্লেখ কৰে যে অ-জীৱাশ্ম উৎসৰ পৰা শক্তি কিন্তু আহৰণ তথা নবীকৰণযোগ্য শক্তিৰ উৎস বৃদ্ধিৰ পদক্ষেপৰ জৰিয়তে ৰামা ২০৩০ চনৰ ভিতৰত দেশত কাৰ্বন নির্গমনৰ হাৰ এক বিলিয়ন টন হ্ৰাস শিল কৰাৰ লগতে ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হ'ব পৰাকৈ প্ৰধানমন্ত্রীয়ে ভাৰতবৰ্ষৰ বিৰামহীন প্রচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে পৰিৱেশ সুৰক্ষাৰ লগতে বহনক্ষম কৰে উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কৃষকৰ আয় কেনেদৰে শিল বৃদ্ধি কৰিব পাৰি সেই দিশটো প্রধানমন্ত্ৰীয়ে অহৰহ প্ৰচেষ্টা চলাই ভয় আছে। ৰাজ্য চৰকাৰেও পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন নিয়ন্ত্রণ একেব তথা কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে এক কোটি গছপুলি ৰোপণৰ কৰি উদ্দেশ্যৰে অমৃত বৃক্ষ আন্দোলনৰ দৰে এক যুগান্তকাৰী সিদ্ধান্ত গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে দাবী অহা ১৭ ছেপ্টেম্বৰত ৰাজ্যখনত ১ কোটি বাণিজ্যিক মূল্য থকা গছপুলি ৰোপণেৰ অসমৰ গ্ৰাম্য অৰ্থনীতি সৱল ৰূপত গঢ়ি তুলিবলৈ নক ৰাজ্য চৰকাৰে প্ৰয়াস চলাইছে বুলি তেওঁ কয়। এই কাৰ্যসূচীৰ বাস্তৱ ইছল ৰূপ দি অসমত কাঠ ভিত্তিক উদ্যোগ স্থাপনত কৃষকসকলক উৎসাহ হ'ল যোগোৱাৰ লগতে তেওঁলোকৰ অৰ্থনৈতিক স্থিৰতা অনাৰ উপৰি আর্থিক ক্ষেত্ৰত থকা অনিশ্চয়তা দূৰ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। ১ কোটি গছপুলি ৰোপণৰ জৰিয়তে বাজাত কৃষি বনানীকৰণৰ প্ৰসাৰৰ লগতে কৃষিজাত শস্যৰ সৈতে মূল্যবান প্ৰজাতিৰ গছপুলি হ'লে ৰোপনেৰে এক সমৃদ্ধিশালী গছভিত্তিক অর্থনীতি তথ্য নিয়োগ সৃষ্টিত অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এই বৃক্ষ ৰোপণ অভিযানত বাণিজ্যিক মূল্য থকা চন্দন, অগন, কলম, তিতাছা, বগিপমা আদি প্ৰজাতিৰ গছপুলি বিতৰণ কৰা হ'ব আৰু অৰ্থনৈতিক সম্ভাৱনা থকা গছপুলিসমূহে কৃষকসকলৰ উপাৰ্জনৰ নতুন সুযোগ প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে কয় যে গছপুলি ৰোপণ কৰি জিঅ'টেগ ফটোগ্রাফ অমৃত বৃক্ষ আন্দোলন এপ’ত আপলোড কৰিলে প্ৰতিগৰাকীয়ে বেংক একাউণ্টৰ জৰিয়তে ১০০ টকা লাভ কৰিব আৰু তিনিবছৰ পাছত গছজোপা প্ৰতিপালনৰ ক্ষেত্ৰত ২০০ টকা প্ৰদান কৰা হ'ব বুলি কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অহা বছৰ ৩ কোটি গছপুলি ৰোপণ কৰাৰ উপৰি ২০২৫ চনত ৫ কোটি গছপুলি ৰোপণৰ লক্ষ্য ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যখনত কাঠ ভিত্তিক দিলী উদ্যোগ স্থাপনত পূৰ্বতে থকা অসম কাঠ ভিত্তিক উদ্যোগ (প্রতিষ্ঠা এনি আৰু নিয়ন্ত্রণ) নিয়ম, ২০০০-ৰ জটিলতাৰ বাবে ৰাজ্যখনত কাঠ প্রধান ভিত্তিক উদ্যোগ ৬০ শতাংশ হ্রাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত মু শিথিলতা আনি অসম কাঠ ভিত্তিক উদ্যোগ (প্ৰচাৰ আৰু উন্নয়ন) নিয়ম, ২০২০ৰ অধিসূচনা জাৰি কৰা হয়। এই নিয়মৰ অধীনত চৰক সকলো কাঠ ভিত্তিক উদ্যোগকে পূৰ্বৰ দৰে একেধৰণৰ নীতিৰে সামৰি লোৱাৰ পৰিৱৰ্ত্তে পৃথক চৰ্ত্তৰ জৰিয়তে পৰিচালিত কৰিব আৰু এই ব্যৱস্থাই ৰাজ্যখনৰ কাঠ ভিত্তিক উদ্যোগৰ সম্ভাৱনীয়তাক নতুন গতি বাত দিয়াৰ লগতে এনেধৰণৰ উদ্যোগৰ সামগ্রিক বিকাশ হ'ব বুলি মখ্যমন্ত্রীয়ে কয় । নতুন নিয়ম অনুসৰি ৰাজ্যৰ কাঠ ভিত্তিক প্রধান উদ্যোগসমূহক প্রাথমিক, মজলীয়া আৰু সংমিশ্রিত উদ্যোগ গোটত ভাগ কৰা হৈছে। প্ৰাথমিক কাঠ ভিত্তিক উদ্যোগসমূহৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'লেও মজলীয়া কাঠ ভিত্তিক উদ্যোগ যেনে— অগৰ কাঠ ভিত্তিক উদ্যোগ, কাথা উৎপাদন কৰা গোট, আচবাৱ প্ৰস্তুত কৰা গোটৰ ক্ষেত্ৰত পঞ্জীয়নৰ প্ৰয়োজন হ'ব যদিও অনুজ্ঞাপত্ৰৰ প্রয়োজন নহ'ব বুলিও মুখ্যমন্ত্রীয়ে কয়। এই ব্যৱস্থাৰ জৰিয়তে গোলাঘাট, শিৱসাগৰ, চৰাইদেউৰ অগৰ কাঠৰ উদ্যোগীসকল যথেষ্ট উপকৃত হ'ব বুলিও তেওঁ কয়। এই নতুন নিয়ম ৰূপায়ন যাতে সম্পূর্ণ ৰূপে স্বচ্ছ হয় তাৰ বাবে অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু নবীকৰণ পদ্ধতি সৰল আৰু সম্পূৰ্ণ ৰূপে অনলাইন কৰাৰ উপৰিও সর্বোচ্চ সময়ৰ ভিতৰত দিয়াৰ বাবে সময়সীমা নিৰ্দ্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য, জৈৱ বৈচিত্ৰ আৰু বহনক্ষম পৰিৱেশ অনুকুল এক বাতাৱৰণ অক্ষুণ্ণ ৰাখিবলৈ ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ দৰে লোৱা সংহত প্ৰচেষ্টাক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতাৰে সফল কৰি তুলিবলৈ মুখ্যমন্ত্রীয়ে সকলোকে আহ্বান জনায়। উক্ত অনুষ্ঠানত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান প্রযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ যোগেন মহন, শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, কেইবাগৰাকীও বিধায়ক, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱ প্ৰমুখ্যে শীর্ষ চৰকাৰী বিষয়াসকল উপস্থিত থাকে।

No comments