Breaking News

অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বেই প্ৰকাশ পাব সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা


সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই দেশৰ নিৰ্বাচন আয়োগৰ অবিবেচকী সিদ্ধান্ত।অসম বিধানসভাৰ ছেপ্টেম্বৰৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বেই প্রকাশ পাব সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। আগষ্ট, মাহতে প্রকাশ পাব এই চূড়ান্ত তালিকা। এইমৰ্মে প্রস্তুতি সম্পূৰ্ণ কৰিছে দেশৰ নিৰ্বাচন আয়োগে। উল্লেখ্য, ১১ ছেপ্টেম্বৰত আৰম্ভ হ'ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতে প্ৰতিবাদত কঁপি উঠিছিল অসম। বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পাছত এই সন্দৰ্ভত ৰাইজৰ আপত্তি শুনিম বুলি কৈছিল দেশৰ নিৰ্বাচন আয়োগে। সেইমৰ্মে ১৯, ২০ আৰু ২১ জুলাইত ৩ দিনত ৬ হাজাৰ মানুহৰ মতামত গ্ৰহণ কৰে আয়োগে। নির্বাচন আয়োগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মুঠ ১২০০টা পক্ষৰ শুনানি গ্রহণ কৰে। কিন্তু অধিকাংশ আপত্তিয়েই গ্রাহ্য নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্রকাশ কৰিবলৈ সাজু হৈছে নির্বাচন আয়োগ। জানিব পৰা মতে দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে প্রকাশ কৰা ধৰণেই চূড়ান্ত কৰিবলৈ গৈ আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ক্ষেত্ৰত দুই-এটা সমষ্টিত হয়তো সাল-সলনি হ'ব। হয়তো সামান্য সাল-সলনি হ'ব দুই-চাৰিটা সমষ্টিৰ সীমা। নাম সলনি কৰিবলগীয়া সমষ্টিৰ তালিকা ৰাজ্য চৰকাৰে দেশৰ নির্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য, দেশব নির্বাচন আয়োগে ২০ জুনত প্ৰকাশ কৰিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা প্রকাশ কৰাৰ পাছত হাহাকাৰ লাগে বাজাত। শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্রেছ-ইউ ডি এফ, বিজেপিৰ অন্যতম মিত্রদল অগপতো হাহাকাৰ লাগে। প্ৰতিবাদৰ জোৱাৰ উঠে উজনিৰ পৰা নামনিলৈ। শাসকীয় দল বিজেপিৰ বহু - বিধায়কেও নির্বাচন আয়োগে প্ৰকাশ কৰা চৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। কিয়নো মানকাচৰৰ দৰে সমষ্টি দক্ষিণ শালমাৰা জিলাৰ পৰা কৰ্তন কৰি ধুবুৰী জিলাত সংলগ্ন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। নির্বাচন আয়োগে প্রকাশ করা খচৰা অনুসৰি কোকৰাঝাৰ জিলাত দত্তমা, বাওপুংগ্ৰী, পৰ্বতৰা, বঙাইগাঁও জিলাত অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিণ সমষ্টি বিলুপ্ত কৰি নতুনকৈ অভয়াপুৰী, মাণিকপুৰ বৰপেটা জিলাত মন্দিয়া আৰু ৰূপসী, বজালী, কামৰূপ জিলাত চমৰীয়া, কামৰূপ মহানগৰীত গুৱাহাটী পূব আৰু পশ্চিমৰ সমষ্টি বিলুপ্তি কৰি ডিমৰীয়া (এছচি) নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, নলবাৰী জিলাত টিহু, বাগ্‌সা জিলাত গোৱনা, ওদালগুৰি জিলাত ভেৰগাঁও, টংলা, নগাঁও জিলাত বিন্নাকান্দি, লখিমপুৰ জিলাত ৰঙানদী, ধেমাজি জিলাত চিচিবৰগাঁও, তিনিচুকীয়া জিলাত মাকুম; শিৱসাগৰ জিলাত ডিমৌ, পশ্চিম কাৰ্বি আংলং জিলাত বৈঠালাংছ' সমষ্টি বিলুপ্ত কৰি দুটা নতুন সমষ্টি বংখাং (এছটি), আমরী (এছটি); ডিমা হাচাও জিলাৰ হাফলং সমষ্টিৰ নাম সলনি কৰি ডিমা হাচাও, কাছাৰ জিলাত নৰছিংপুৰ (এছ চি) সমষ্টি নতুনকৈ গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ বিপৰীতে কৰিমগঞ্জ জিলাক পাথারকান্দি, হাইলাকান্দি জিলাৰ কাটলিচেনা, কাছাৰ জিলাৰ ধলাই, পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ', ধুবুৰী জিলাৰ বিলাসীপাৰা পূব ব আৰু পশ্চিম কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ পূব আৰু পশ্চিম বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ আৰু দক্ষিণ, বৰপেটা জিলাৰ পাটাছাৰকুছি, বৰপেটা জিলাৰ সৰভোগ, জনিয়া, বাঘবন, সৰুক্ষেত্ৰী, কামৰূপ জিলাৰ ছয়গাঁও, কামৰূপ মহানগৰ জিলাৰ পূব আৰু পশ্চিম, নলবাৰী জিলাৰ ধৰ্মপুৰ, বাগ্‌সা জিলাৰ বৰ্মা, ছাপাগুৰি, ওদালগুৰি জিলাৰ পানেৰী আৰু কলাইগাঁও, নগাঁও জিলাৰ যমুনামুখ শিৱসাগৰ জিলাৰ আমগুৰি, থাওৰা আৰু ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি বিলুপ্তিৰ প্ৰস্তাৱ দিয়া হৈছে আয়োগৰ খচৰাত। ঠিক তেনেদৰে বহু সমষ্টি সংৰক্ষণমুক্ত কৰাৰ বিপৰীতে বহু সমষ্টি সংৰক্ষিত কৰা হৈছে। যেনে বৰপেটা সমষ্টি অনুসূচিত জাতিৰ বাবে, তামুলপুৰ অনুসূচিত জনজাতিৰ বাবে, মঙলদৈ সংৰক্ষণমুক্ত, বিহালী অনুসূচিত জাতিৰ বাবে, দেৰগাঁও সংৰক্ষণমুক্ত, নাওবৈচা অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে। বহু অস্ত্ৰোপচাৰৰ অন্তত এই ১২৬টা সমষ্টিৰ খচৰাক চূড়ান্ত রূপ দিয়া হয়। এই খচৰা অনুসৰি ২৯জন বিধায়ক পোনপটীয়াভাবে আৰু ওজন পৰোক্ষভাৱে বিপদত পৰাটো নিশ্চিত। এই ২৯জন বিধায়কৰ ভিতৰত আছে ৪ জন মন্ত্রী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও। অসম বিধানসভাৰ ৬৩ জন বিজেপি বিধায়কৰ ভিতৰত ১০জনে হেৰুৱাব সমষ্টি। সদনত থকা ২৬জন কংগ্ৰেছ বিধায়কৰ ৫জনে হেৰুৱাব সমষ্টি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিজৰ সমষ্টি হেৰুৱাব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে। পানেৰী সমষ্টি হেৰুৱাব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও। খচৰাত নাই ৰঞ্জিত কুমাৰ দাসৰ সমষ্টি পাটাছাৰকুছি, পৰিমল শুক্লবৈদ্যৰ সমষ্টি ঢলাই, চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি ধৰ্মপুৰ, ইউ জি ব্ৰহ্মৰ সমষ্টি ছপাগুৰি। খচৰা অনুসৰি সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন কলিতা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঞি, আমগুৰিৰ বিধায়ক প্রদীপ হাজৰিকা, পাথারকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, কাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ, ধিঙৰ বিধায়ক আমিনুল ইছলাম, বৈঠালাংছ'ৰ বিধায়ক ৰূপছিং টোং, জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং, বৰ্মাৰ বিধায়ক ভূপেন বড়ো, কলাইগাঁৱৰ বিধায়ক দুর্গাদাস বড়ো, কোকৰাঝাৰ পশ্চিমৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰ পূবৰ বিধায়ক লঞ্চে ইছলাৰী, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিলাসীপাৰা পূবৰ বিধায়ক চামচুল হুদা, বিলাসীপাৰা পশ্চিমৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাছিমী, অভয়াপুৰী দক্ষিণৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ, অভয়াপুৰী পশ্চিমৰ বিধায়ক প্ৰদীপ সৰকাৰ। আনহাতে, খচৰা অনুসৰি সমষ্টি হেৰুৱাব হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই । উক্ত সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে প্রতিনিধিত্ব কৰা সমষ্টি বকো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে। কাজেই সমষ্টিটো হেৰুৱাব লাগিব নন্দিতা দাসে। সংৰক্ষণৰ বাবে সমষ্টি হেৰুৱাব লাগিব গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। উক্ত সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। সমষ্টি হেৰুৱাব লাগিব বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই। উক্ত সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। সংৰক্ষণৰ বাবে নাওবৈচা হেৰুৱাব লাগিব কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে। সমষ্টিটো অনুসূচিত জাতিৰ বাবেহে সংৰক্ষণ কৰা হৈছে। ইউডিএফৰ ৬জন বিধায়কে হেৰুৱাব সমষ্টি। ধিঙৰ বিধায়ক আমিনুল ইছলাম, যমুনামুখৰ চিৰাজউদ্দিন আজমল, কাটলিচেৰাৰ মুজামুদ্দিন লস্কৰ, জনিয়াৰ ৰফিকুল ইছলাম, বিলাসীপাৰা পূবত চামচুল হুদা, বিলাসীপাৰা পশ্চিমৰ হাফিজ বচিৰ আহমেদ কাছিমীয়ে সমষ্টি হেৰুৱাব।

No comments