Breaking News

পাটকাইলৈ অশনি সংকেত: নিৰ্বাপিত হোৱা নাই অবৈধ কয়লা খনিত সূত্ৰপাত হোৱা অগ্নি


 পাটকাই তথা জৈৱ- বৈচিত্ৰ্যৰ প্ৰতি নামি আহিছে অশনি সংকেত।কয়লাৰ সন্ধানত এতিয়া যেন ধ্বংসৰ গৰাহলৈ গতি কৰিছে সেউজ পাটকাই পর্বত। অবাধ গতিত চলি থকা কয়লাৰ অবৈধ খননে  কাৰ্যতঃ নিঃশেষ কৰি পেলাইছে ঐতিহাসিক পাটকাই বা পাহাৰ। প্ৰকৃতিৰ কান্দোন দেখিও যেন নিৰ্বিকাৰ প্ৰশাসন তথা বন বিভাগ। যাৰ ফলত এচাম ধন লোভী কয়লাৰ চোৰাং ব্যৱসায়ীয়ে সেউজ পাটকাইলৈ অশনি সংকেত কঢ়িয়াই আনিছে। এনে কয়লা মাফিয়াৰ বাবেই বিগত ২৪ ঘণ্টা ধৰি মাৰ্ঘেৰিটাৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ অন্তৰ্গত টিপং কয়লা খনিত দাও দাও কৈ জ্বলি আছে একুৰা জুই। অবিজ্ঞানসন্মতভাৱে এচাম ৰাজনৈতিক আশিসধন্য কয়লা মাফিয়াৰ ৰেট হ'ল মাইনিঙৰ পৰা নিগৰিত মিথেন গেছৰ বাবেই বিপজ্জনকভাৱে জ্বলি আছে এই বৃহৎ জুইকুৰা । স্বাভাৱিকভাৱেই এতিয়া টিপঙৰ জুইক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। ধনৰ লোভত কয়লা মাফিয়াৰ বাবে এতিয়া মূল্যহীন হৈ পৰিছে মানুহৰ জীৱন। ৰাজ্য কঁপোৱা প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ পাছতো থমকি নৰ'ল মাৰ্ঘেৰিটা, লিডু, টিপং আদিত কয়লাৰ চোৰাং খান তথা বেহা প্রাঞ্জল মৰাণৰ মৃত্যুৰ পাছত হয়টো বহুজনৰ মৃত্যু হ'ল ৰেট হ'ল মাইলিঙৰ গহ্বৰত। কিন্তু এই মৃতদেহবোৰ সম্ভৱতঃ কয়লাৰ পাহাৰৰ গৰ্ভতে হেৰাই গ'ল। আজি যেন টকাৰ বিনিময়ত সকলো দৰ- দাম চলে! দর-দাম চলে মানুহৰ মৃত শৰীৰৰো। এয়াই হৈছে ক'লা হীৰাৰ ভূ-স্বৰ্গ মাৰ্ঘেৰিটাৰ কৰুণ বাস্তব কাহিনী। এসময়ৰ কয়লা ৰাণী বর্তমান যেন মৃত্যু উপত্যকালৈ পৰ্যবসিত হৈছে। ২০০৮ চনত লিডুৰ লাচিত কয়লা খনিত হোৱা দুৰ্ঘটনাত সাতজন শ্রমিকে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত বৃটিছৰ আমোলৰ পৰা চলি থকা ৰেট হ'ল মাইনিং পদ্ধতিৰ কয়লা খনন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল ৷ কিন্তু ইয়াৰ পাছতো একাংশ মাফিয়াই শ্ৰমিকৰ জীৱন বিপদৰ মুখলৈ ঠেলি দি ৰেট হ'ল মাইনিং অব্যাহত ৰাখিছে। এনে অবৈধ খনিৰ গেছৰ বাবেই দুদিন ধৰি জ্বলি আছে টিপঙত এই অগ্নিশিখা। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ বন্ধ হৈ থকা টিপং কলিয়ৰীৰ ভূ-গৰ্ভ খননস্থলিৰ কাষতে থকা অবৈধখনিত (ৰেট হ'ল মাইনিং) বুধবাৰে পুৱা সূত্ৰপাত হোৱা ভয়ংকৰ অগ্নিকাণ্ড আজিলৈকে নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হোৱা নাই বন বিভাগে। উল্লেখ্য, দীর্ঘদিনপূর্বে ক'ল ইণ্ডিয়াই খনন বন্ধ কৰি দিয়া এই অঞ্চলত বৰ্তমান কয়লা চোৰে খোপনি পুতি বহি বিস্তীর্ণ এলেকাৰ গছ-গছনি তহিলং কৰি ব্যাপক হাৰত কয়লাৰ চুৰিকাৰ্য চলাই থাকিবলৈ সক্ষম হৈছে। স্থানীয় ভাষাত 'খাদান' বুলি পৰিচিত তেনে এটা অবৈধ খনিত (বেট হ'ল মাইনিং) বুধবাৰে পুৱা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জানিব পৰা মতে, জুই লগাৰ পূৰ্বে উক্ত ‘খাদান'ৰ পৰা গেছ আৰু ধোঁৱা নিৰ্গত হৈ আছিল। জুই ইতিমধ্যে অধিক সম্প্ৰসাৰিত হৈ পৰা বুলি প্রকাশ। বৰ্তমানলৈকে তিনিটা অবৈধ খনিত জুই জ্বলি থকা বুলি স্থানীয় সূত্রই জানিবলৈ দিছে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে যদিও দুর্গম স্থান হোৱাৰ বাবে এতিয়ালৈকে জুই নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখ্য, চৰকাৰ তথা প্ৰশাসনৰ ৰহস্যজনক মৌনতাৰ বাবে মৃত্যু উপত্যকাত পৰিণত হোৱা মাৰ্ঘেৰিটাৰ এনে অবৈধ কয়লাখনিত সঘনাই সংঘটিত হৈ অহা দুর্ঘটনা আৰু শ্ৰমিকৰ অকাল মৃত্যুৰ ঘটনা কোনো নতুন কথা হৈ থকা নাই। ইয়াৰ পূৰ্বেও একাধিকবাৰ এনে দুর্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু প্ৰায় প্ৰতিবাৰেই সমগ্র ঘটনাক গাপ দিবলৈ সক্ষম হৈছে প্ৰভাৱশালী কয়লা মাফিয়া চক্র। অধিকাংশ ঘটনাতে অবৈধ খনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয়। কোনো কোনো ক্ষেত্ৰত মৃতদেহ উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপি-থুপি থ'বলৈ সক্ষম হয়। বিগত বৰ্ষটো সংঘটিত এনে কেইবাটাও দুর্ভাগ্যজনক ঘটনা সংবাদ মাধ্যমে পোহৰলৈ আনিছিল যদিও তাৎপর্যপূর্ণভাৱে উক্ত ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্রশাসনৰ ওচৰত নাছিল কোনো তথ্য। এনে অবৈধ কয়লাখনিত সূত্রপাত হোৱা ভয়ংকৰ অগ্নিকাণ্ড বন বিভাগে শীঘ্ৰে নিয়ন্ত্রণলৈ আনিব নোৱাৰিলে পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকা প্রবল।

No comments