Breaking News

দেশৰ পৰ্যটন ক্ষেত্ৰক‌ নতুন মাত্ৰা প্ৰদানৰ অংশস্বৰূপে অসমৰ পৰা ভূটান, টাৱাঙলৈ চলিব ৰে'ল

 


অসমবাসীৰ বাবে সু-খবৰ। ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ লগত দ্বি-পাক্ষিক সম্পর্ক উন্নত কৰা আৰু দুয়োখন দেশৰ পৰ্যটন খণ্ডক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে ভাৰত চৰকাৰে অসমৰ পৰা ভূটানলৈ নতুন ৰে'লপথ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছে। এই আঁচনি অনুসৰি ৰে'লপথছোৱা অসমৰ কোকৰাঝাৰ জিলাৰ পৰা ভূটানৰ গেলেংফু হৈ নিৰ্মাণ কৰা হ'ব। ইফালে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ এক উচ্চস্তৰীয় সূত্ৰই বৃহস্পতিবাৰে সদৰি কৰা অনুসৰি এই ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে দুটা পৰ্য্যায়ত জৰীপ কাৰ্য সম্পূৰ্ণ হৈছে। শীঘ্ৰে চূড়ান্ত জৰীপ সম্পূৰ্ণ কৰি তাৰ প্ৰতিবেদন ৰে'লৱে বৰ্ডক দাখিল কৰা হ'ব। তাৰ পাছত ৰে'ল মন্ত্ৰালয়ে ৰে'লপথ নিৰ্মাণৰ বাবে সেউজ সংকেত প্ৰদান কৰাৰ পাছতেই নির্দিষ্ট এক সময়সীমাৰ ভিতৰত ৰে'লপথছোৱা নিৰ্মাণ কৰা হ'ব। ইফালে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ড° এছ জয় শংকৰে এই ৰে'লপথ নিৰ্মাণ হ'লে দুয়োখন দেশৰ পৰ্যটন খণ্ডত কেনে ধৰণৰ ইতিবাচক প্রভাব পৰিব সেই বিষয়ে সদৰি কৰিছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকীয়ে সদৰি কৰা অনুসৰি ৰে'লপথ নিৰ্মাণৰ বিষয়ে ভূটানৰ সৈতে আলোচনা কৰা হৈছে। ভূটানে ৰে'লপথ ছোৱা নিৰ্মাণত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰাৰ বিষয়েও মন্ত্রী ড° এছ জয়শংকৰে সদৰি কৰিছে। উল্লেখ্য কোকৰাঝাৰৰ পৰা ভূটানলৈ ৰে'ল চলাচল আৰম্ভ হ'লে নিশ্চিতভাৱে অসম লাভবান হ'ব। বিশেষকৈ ৰাজ্যৰ পৰ্যটন খণ্ডত এক ইতিবাচক প্রভাব পৰিব ৰে'ল চলাচল আৰম্ভ হোৱাৰ পাছত । ইফালে অসমৰ শোণিতপুৰ জিলাৰ মিছামাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ চীন সীমান্তৱৰ্তী চহৰ টাৱাঙলৈ ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে। ইতিমধ্যে এই ৰে'লপথছোৱাৰ প্ৰাৰম্ভিক জৰীপ কাৰ্য আৰম্ভ কৰা হৈছে। সামৰিক দৃষ্টিকোণৰ পৰাও অতি গুৰুত্বপূৰ্ণ চহৰ টাৱাঙলৈ ৰে'লপথ নিৰ্মাণ হ'লে পর্যটন খণ্ডত ইতিবাচক প্ৰভাৱ পৰাৰ লগত ভাৰতীয় সেনাৰ গধুৰ অস্ত্ৰ শস্ত্ৰ, ৰছদ পাতি সৈন্য আদি সময়মতে গৈ টাৱাঙ পাব।

No comments