Breaking News

ৰাজ্যত ডেংগী এনকেফেলাইটিছে ধাৰণ কৰিছে সংহাৰী ৰূপ:একেদিনাই ডেংগীত ১৭৪ আৰু জাপানীজ এনকেফেলাইটিছত ১৭ জন আক্ৰান্ত


ৰাজ্যত দিনে দিনে ভয়াৱহভাৱে বৃদ্ধি পাইছে ডেংগী আৰু জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ । একে দিনাই ৰাজ্যত ডেংগীত ১২৪জন লোক আক্রান্ত হোৱাৰ বিপৰীতে জাপানীজ এনকেফেলাইটিছত ১৭ জন লোক আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ মহানগৰ, কোকৰাঝাৰ, নগাঁও আৰু শিৱসাগৰত এজনকৈ লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ পজিটিভ ধৰা পৰিছে। তদুপৰি তিনিচুকীয়া আৰু যোৰহাটত দুজনকৈ ৰোগী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বিপৰীতে শোণিতপুৰত একেদিনাই ৪জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ তথ্য মতে চলিত বৰ্ষত এই পর্যন্ত জাপানীজ এনকেফেলাইটিছত ৩৫০ জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ১৯জন ৰোগীৰ মৃত্যু হৈছে। অৱশ্যে বিগত বৰ্ষৰ সৈতে এইবাৰো আক্ৰান্তৰ হাৰ একে আছে যদিও মৃতকৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পোৱা দেখা গৈছে। ইফালে এন এইচ এম কৰ্তৃপক্ষৰ বুলেটিন অনুসৰি বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাতে সর্বাধিক ৰৈ ১১৪জন লোক ডেংগিত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে হোজাই ৪জন আৰু ডিব্ৰুগড়ত ২জন ৰোগীৰ দেহত ডেংগী পজিটিভ ধৰা পৰিছে । একেদৰে বিগত ২৪ ঘণ্টাত মাজুলি, যোৰহাট, ধুবুৰী আৰু  গোৱালপাৰাতো এজনকৈ লোক ডেংগিত আক্ৰান্ত হৈছে। পূৰ্বতে কেৱল গুৱাহাটী মহানগৰীতহে ডেংগী সংক্রমণ দেখা পোৱা গৈছিল যদিও এতিয়া মাজুলিৰ দৰে চহৰতো ডেংগীয়ে সংহাৰ ৰূপ ধাৰণ কৰিছে। স্বাস্থ্য বিভাগৰ তথ্য মতে চলিত বৰ্ষত এইপর্যন্ত ডেংগিত ২,৭১৯জন লোক আক্ৰান্ত হৈছে আৰু ২জন ৰোগীৰ মৃত্যু হৈছে। বাহকজনিত ৰোগ দুবিধ মহে কামোৰাৰ ফলত সংক্রমণ হয় যদিও স্বাস্থ্য বিভাগে মহৰ বৃংশবৃদ্ধি প্ৰতিৰোধৰ বাবে কোনো স্থানতে ফগিঙৰ ব্যৱস্থা কৰা দৃষ্টি গোচৰ হোৱা নাই ৷

No comments