Breaking News

তৈল খেজুৰৰ খেতি জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি/ অন্য দেশে নিষিদ্ধ কৰা খেতি কিয় অসমত?/ কৃষক - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া


পেঙেৰী,ৰবীন মৰাণঃ কৃষক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ তিনিচুকীয়া জিলা ছাত্ৰমুক্তিৰ সম্পাদক উমানন্দ মুদৈ মৰাণে এক প্ৰেছ বিজ্ঞপ্তি যোগে তিনিচুকীয়াৰ শদিয়াত আৰম্ভ কৰিবলৈ লোৱা তৈল খেজুৰ (পাম অইল) উদ্যানৰ বিৰুদ্ধাচৰণ কৰিছে। এই কাৰ্যক এনভাইৰণমেণ্টেল ফ'ৰাম অব আসাম, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আদিয়েও বিৰোধিতা কৰিছে। কৃষক আৰু ছাত্ৰ মুক্তিৰ বিবৃত্তিটোত কোৱা হৈছে যে তৈল খেজুৰ হৈছে পশ্চিম আফ্ৰিকাৰ থলুৱা উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম 'ইলাইছ গুইনিনছিছ জেক' (Elaeis guineensis Jacq)। পৰ্যাপ্ত পৰিমানৰ ভূ-জলযুক্ত ক্ৰান্তীয় অঞ্চলত তৈল খেজুৰৰ শ্ৰীবৃদ্ধি হয়। কিন্তু তৈল খেজুৰৰ খেতিয়ে সংশ্লিষ্ট দেশ বা অঞ্চল সমূহত ব্যাপকভাৱে ঋণাত্মক প্ৰভাৱ পেলায়। তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি এজোপা পৈণত পাম অইল গছে দৈনিক ৩০০ লিটাৰ পানী শোষণ কৰে। তেনেদৰে ভূ-গৰ্ভৰ জলচক্ৰ নিঃশেষ হোৱাৰ পাছত খেতিযুক্ত সমগ্ৰ অঞ্চলৱটোত মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হয়। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ ‌পৰিমাণ বৃদ্ধি পোৱাৰ পাছত গোলকীয় উষ্ণতাৰ কুপ্ৰভাৱ পৰে। ভূমিৰ আৰ্দ্ৰতা হ্ৰাস পোৱাৰ পাছত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব কেউফালৰ চহকী জৈৱ বৈচিত্ৰ্য। অত্যধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত কাষৰ মাটিসমূহো কৃষিৰ উপযোগী হৈ নাথাকে। পাম অইলৰ খেতিৰ ফলত শুকাই যোৱা কৃষিভূমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল অসমৰ খেতিয়ক সকলৰ ধান, মাহ, সৰিয়হ কিম্বা চাহ খেতিৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিব। তৈল খেজুৰৰ খেতিৰ প্ৰসাৰে গোলকীয় সংকটত পেলাই স্তন্যপায়ী আৰু পক্ষীকূলক বেয়াকৈ প্ৰভাৱিত কৰিছে। দক্ষিণ আমেৰিকাত অধিক পৰিসৰত কৰা তৈল খেজুৰৰ খেতিয়েই বনভূমি আৰু বন্যজীৱৰ প্ৰাকৃতিক আবাদী ধ্বংস কৰাৰ মূল কাৰণ। তৈল খেজুৰৰ খেতিয়ে গোলকীয় পৰ্যায়ত অতি কমেও ১৯৩ বিধ সংকটগ্ৰস্ত প্ৰজাতিক বেয়াকৈ প্ৰভাবিত কৰিছে। বৰ্নিঅ'ৰ দ্বীপত তৈল খেজুৰৰ খেতিৰ প্ৰসাৰৰ ফলত ২০০৫ ৰ পৰা ২০১৫ চনৰ ভিতৰত প্ৰায় ৫০% বনভূমি উদং হৈছে। তৈল খেজুৰ হৈছে জলপিপাসু, সেউজ মৰুসদৃশ পৰিৱেশ সৃষ্টিকাৰী আক্ৰমণাত্মক উদ্ভিদ। দক্ষিণ-পূব এছিয়াৰ বুজন পৰিমাণৰ বৰ্ষাৰণ্য ইতিমধ্যেই তৈল খেজুৰৰ খেতিয়ে দখল কৰিছে। এই খেতিয়ে থলুৱা জনগোষ্ঠীৰ লোকসকলৰ ভূমিস্বত্বলৈও ভাবুকি কঢ়িয়াই আনিব। এইবিধ আক্ৰমণাত্মক উদ্ভিদে থলুৱা উদ্ভিদ গজাৰ ক্ষেত্ৰতো প্ৰতিবন্ধতাৰ সৃষ্টি কৰে। তদুপৰি তৈল খেজুৰ কৃষিত অধিক পৰিমাণৰ কীটনাশক প্ৰয়োগ কৰিব লগা হোৱাত স্বাভাৱিকতেই জনস্বাস্থ্যলৈ অশনি সংকেত কঢ়িয়াই আনিব। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এক লিটাৰ খেজুৰ তেল উৎপাদন কৰিবলৈ যাওঁ‌তে ব্যৱহাৰৰ অনুপযোগী ২.৫ লিটাৰ মলিয়ন তেল (গেদ) বাহিৰ হয়। উক্ত গেদসমূহ নলা নৰ্দমাত এৰি দিয়াৰ ফলত মাটি, পানী আৰু বায়ু প্ৰদূষুণৰ সৃষ্টি কৰে। তৈল খেজুৰৰ গেদে আনকি জলচৰ প্ৰাণী নাশ কৰি মৎস্যজীৱী সকললৈ বিপদ কঢ়িয়াই আনিব পাৰে। দেশৰ ১১৭ জনকৈ গুৰুত্বপূৰ্ণ কৃষি বিজ্ঞানীয়ে তৈল খেজুৰ খেতিৰ বিৰুদ্ধে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীলৈ পত্ৰ প্ৰেৰণৰ প্ৰসংগটোও উলাই কৰিব নোৱাৰি বুলিও উল্লেখ কৰিছে। খেজুৰ তেল ব্যৱহাৰৰ ফলত কেঞ্চাৰ, কলেষ্টৰেলৰ দৰে ভিন্ন ৰোগৰ সন্মুখীন হ'ব লগাত পৰে।

         ইফালে তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ ঢলা-শদিয়া দলং ( সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সেতু) ৰ সমীপত যোৱা ৮ আগষ্ট, ২০২৩ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী, কৃষি মন্ত্ৰী আৰু পতঞ্জলি ব্যৱসায়িক প্ৰতিষ্ঠানৰ মূল হোতা বাবা ৰামদেৱৰ উপস্থিতিত তৈল খেজুৰ ৰোপণৰ দ্বাৰা অসম তথা তিনিচুকীয়া বাসী ৰাইজক যি দিবাস্বপ্ন দেখুৱাইছে তাক লৈ তিনিচুকীয়া তথা অসমবাসীয়ে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বিষয়টো উল্লেখ কৰি তিনিচুকীয়া জিলা কৃষক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ উমানন্দ মুদৈ মৰাণে কয় যে ইতিহাস বিজড়িত 'কুন্দিল' শব্দৰ সৈতে স্মৃতি বিজড়িত আৰু শদিয়াৰ ঐতিহ্যপূৰ্ণ চাৰিখনকৈ উপাসনাস্থলিৰ অস্তিত্ব বিপন্ন কৰিব। তেওঁলোকৰ দাবী, শদিয়াৰ পৰা তৈল খেজুৰ ৰোপণৰ প্ৰকল্পটো উঠাই নি ঐতিহাসিক দিনৰে পৰা বসবাস কৰা মৰাণ, চুতীয়া, দেউৰী, আহোম, সোণোৱাল কছাৰীকে ধৰি তাত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে। সামাজিক মাধ্যমৰ উদ্ধৃতি দি মুদৈ মৰাণে কয় যে  মণিপুৰৰ গোষ্ঠী সংঘর্ষও আনকি তৈল খেজুৰ খেতিৰ প্ৰসংগৰ সতে জড়িত। কাষৰীয়া মিজোৰাম ৰাজ্যত ২০০০ বৰ্ষৰ পৰাই তৈল খেজুৰ খেতি কৰি তাৰ স্থানীয়লোকে লাভৰ মুখ নেদেখি  একেবাৰে পিঠি দিবলৈ আৰম্ভ কৰা প্ৰসংগও বাতৰি কাকত, ই-মিডিয়াত চৰ্চা লাভ কৰিছে বুলি কয়। তদুপৰি ভাৰতৰ চুবুৰীয়া দেশ শ্রীলংকা চৰকাৰে এই খেতি একেবাৰে নিষিদ্ধ কৰিলে। ইন্দুনেচিয়া দেশে পাম অইলৰ ৰপ্তানি বন্ধ কৰি খেতিটোকেই শেষ কৰাত উঠি পৰি লাগিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৫০/৬০ চনতেই তৈল খেজুৰ খেতি ব্যৱসায়িক ভাৱে কৰিছিল যদিও বৰ্তমান নিষিদ্ধ। কিন্তু ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে ২০২১ চনৰ ১৮ আগষ্টত খোৱা তেলৰ উৎপাদন বৃদ্ধিৰ নামত ১১,০০০ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষে 'নেছনেল মিছন অন এডিবল অইলছ - অইল পাম' নামৰ এটা নতুন প্ৰকল্পৰ প্ৰতি অনুমোদন জনোৱটো অতি পৰিতাপৰ কথা। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেই এই খেতি আৰম্ভ কৰা দেখা গৈছে।  কেৱল অসমৰ বাবেই এই খেতিৰ বাবে আৱণ্টন কৰা হৈছে ৫,৮৫০ কোটি টকা। অন্য দেশে নিষিদ্ধ কৰা খেতি এটা আমাৰ ভাৰত ৰাষ্ট্ৰ বা অসম চৰকাৰে গুৰুত্ব দিয়াৰ কাৰণ কি সচেতন মহল আৰু কৃষক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে উত্তৰ বিচাৰিছে। অসমৰ ৰাইজে তৈল খেজুৰ খেতি সম্পৰ্কে বিস্তৃতভাৱে অধ্যয়ন কৰাটো অতি আৱশ্যকীয় বুলিও তেওঁ মন্তব্য কৰিছে। তৈল খেজুৰ খেতি শদিয়া তথা অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰততে নিষিদ্ধ ঘোষিত নকৰা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ সাজু বুলিও সংগঠন দুটাই সকীয়াই দিছে। কাৰণ কেইটামান টকাৰ বিনিময়ত যদি মাৰাত্মক বুলি জানিও উক্ত খেতি কৰি ভৱিষ্যৎ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিলে সময়ে ক্ষমা নকৰিব। বিবৃত্তিৰ শেষত আৰু কোৱা হৈছে যে ইতিমধ্যেই বোৰ্নিঅ দ্বীপৰ ছাৰাবাক আৰু কালিমস্তান ৰাজ্য, মালয়েছিয়াৰ চাবাহ ৰাজ্যৰ খিলঞ্জীয়া লোকৰ মাটিত পাম খেতি কৰাত স্থানীয় লোক আৰু কৰ্প'ৰেট গোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি হয়, যাৰ ফলত স্থানীয় লোক উচ্ছেদৰ সন্মুখীনো হ'ব লগা হৈছে। সেই পৰিস্থিতি অসমৰ ক্ষেত্ৰটো যে নহ'ব সেয়া নুই কৰিব নোৱাৰি। পাম অইল সাধাৰণতে জৈৱ-ইন্ধনৰ উৎস, বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী, অপমাৰ্জক, ভোজ্য তেল হিচাপে ব্যৱহাৰ কৰা হয়। অসমত সৰ্বজন গৰ্হিত তৈল খেজুৰ খেতিৰ পৰিৱৰ্তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বছেৰেকত তিনিবাৰকৈ উন্নত মানৰ ধান খেতি কৰিব পৰাকৈ কৃষকৰ মাজত অনুকূল পৰিৱেশ এটা গঢ়ি দি জলসিঞ্চনকে প্ৰমুখ্য কৰি জৈৱিক সাৰসহ যাবতীয় সা-সৰঞ্জাম কৃষকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিব পাৰিলেহে অসমৰ সৰ্বসাধাৰণৰ উন্নতি আশা কৰা যায় বুলিও বিবৃত্তিত কোৱা হৈছে।

No comments