Breaking News

পাম-খেতিৰে অসমলৈ বিপদ মাতি অনাৰ আশংকা ৰাজ্যৰ সচেতন নাগৰিকৰ


ইণ্ডিয়ান কাউন্সিল অব এগ্রিকালচালে ৰিচাৰ্ছ চমুকৈ আইচএআৰৰ অনুমোদন ক্ৰমে অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল অসমৰ জলবায়ুৰ লগত এই খেতিৰ কোনো সম্পর্ক নাই বুলি ৰাজ্যখনৰ একাংশ কৃষি বিশেষজ্ঞই মন্তব্য কৰিছে। ইয়াৰ কাৰণ হ'ল এজোপা পূর্ণবয়স্ক পাম অইল বা তৈল খেজুৰ গছক দৈনিক ২০০-৩০০ লিটাৰ পানীৰ প্ৰয়োজন হয়। ইয়াৰ ফলত ভূগৰ্ভৰ পানী কমি যোৱাৰ আশংকা আছে আৰু অসম ক্ৰমে মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ ভয়ানক ঘটনা ঘটিব পাৰে। যিসময়ত অসমৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়কে আবেদন জনায়ো চাহ খেতিৰ বাবে মাটি ম্যাদী কৰিব পৰা নাই সেই সময়ত বহিৰাগত কোম্পানীক চৰকাৰে লাখ হেক্টৰ মাটি দিয়াৰ ৰহস্য হ'ল গোপন বুজাবুজি। ৰাজসাহায্যৰ নামত আৱণ্টিত ১১ হাজাৰ কোটি টকাত চকু ৰামদেৱ আৰু একাংশ ৰাজনৈতিক নেতাৰ। -এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ । এপিচিচিৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই কয়— ইতিমধ্যে পাইলট প্রজেক্ট হিচাপে অসমৰ গোৱালপাৰা জিলাত এই খেতি কৰা হৈছিল আৰু উক্ত এলেকাত ভূমি আৰ্দ্ৰতা কমি যোৱাৰ অভিযোগ উত্থাপন হৈছে। দেশৰ আন আন ৰাজ্যসমূহতো পাম খেতিৰ কোনো সুফলৰ বাতৰি প্ৰকাশ হোৱা নাই। ইয়াৰ বিপৰীতে বিশ্বৰ অন্যান্য দেশে লাহে লাহে পামখেতি পৰিহাৰ কৰিবলৈ আৰম্ভ কৰাৰ তথ্য আহিছে। বাবা ৰামদেৱ আৰু আন তিনিটা বিশেষ কোম্পানীক সহায়-সন্তুষ্ট কৰিবৰ বাবে চৰকাৰে পাম খেতিৰ দ্বাৰা অসমৰ উৰ্বৰ ভূমিসমূহ নষ্ট কৰিব বিচাৰিছে মোদী চৰকাৰে, অসমৰ সৰ্বনাশ কৰিব খুজিছে। ইয়াৰ বিৰুদ্ধে ইতিমধ্যে সাংসদ প্রদ্যুৎ বৰদলৈকে ধৰি কেবাজনেও চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিছিল যদিও বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ নকৰিলে। বিপৰীতে ভাৰত চৰকাৰে হাতত লোৱা মিছন পাম অইলৰ অধীনত অসমকো সামৰি ল'বলৈ চেষ্টাহে চলাই গৈছে। মিছন পাম অইলৰ বাবে চৰকাৰে ১১,০০০ কোটি টকাৰ অৰ্থ সাহায্যৰ কথা ঘোষণা কৰিছে, ইয়াৰে ৮,৮৪৪ কোটি টকা কেন্দ্ৰীয় চৰকাৰে আৰু ২,১৯৬ কোটি টকা সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে বহন কৰিব। তাৎপর্যপূর্ণ কথাটো হ'ল ভাৰতত অন্ধ্রপ্রদেশ, তেলেংগানা, তামিলনাডুত পূৰ্বৰে পৰা পাম অইলৰ খেতি কৰি অহা হৈছিল। মিছন পাম অইলৰ অধীনত আন্দামান নিকোবৰত ইয়াৰ খেতি ব্যাপকভাৱে কৰাৰ পৰিকল্পনাও চৰকাৰে কৰিছে। কিন্তু অসমত এই খেতি কৰিলে হিতে বিপৰীত হ'ব পাৰে বুলি বিশেষজ্ঞসকলে বাৰম্বাৰ কৈ অহাৰ পিছতো বাবা ৰামদেৱক পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে অনুমতি ব প্ৰদান কৰিছে। সেয়ে এতিয়া, মিছন পাম অইলৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিবলগীয়া সাহায্যৰ ধনৰাশি খেতিয়ক বাবা ৰামদেৱৰ হাতত তুলি দিয়া হ'ব নেকি বুলিও প্রশ্ন উত্থাপিত হৈছে। কিয়নো অসমত অসমৰ সাধাৰণ খেতিয়কে নহয়, বাবা ৰামদেৱকহে অসম চৰকাৰে পাম অইলৰ খেতি কৰিবলৈ ভূমি আৱণ্টন দিছে। পাম অইল বা তৈল খেজুৰৰ খেতিক লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি ধৰণৰ কথা- বতৰা চলি আছে তাৰে কেইটামান বিষয় উল্লেখ কৰা হ'ল- ভাৰতবৰ্ষৰ ১১৭ গৰাকী গৱেষক পৰিৱেশবিদে ইতিমধ্যে এই খেতিৰ এই খেতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মিছন পাম অইলৰ বিৰোধিতাৰে প্রধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছে। মিজোৰাম আৰু নগালেণ্ডৰ কৃষকসকলে পাম অইলৰ পৰা ক্ষতিগ্ৰস্ত হৈ নিজেই গছবোৰ কাটি পুনৰ পূৰ্বৰ ধৰণে খেতি কৰিবলৈ ঐক্যবদ্ধ হৈছে। ২০১৮ চনৰে পৰা বিশ্বৰ কেবাখনো উন্নত দেশে স্বাস্থ্যজনিত দিশলৈ চাই পাম অইলৰ ব্যৱহাৰত পর্যায়ক্রমে নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰে। পাম অইলৰ খেতিৰ ফলত পাম অইল উৎপাদনকাৰী বিশ্বৰ দুই শীৰ্ষৰ দেশ ক্রমে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত ব্যাপক জলবায়ু পৰিৱৰ্তন পৰিলক্ষিত হৈছে। লগতে দেশ দুখনত বনধ্বংস আৰু পৰিৱেশৰ ওপৰত বিভিন্নধৰণৰ বিৰূপ প্ৰভাৱো পৰা দেখা গৈছে। পাম অইলৰ খেতিৰ ফলত ব্যাপক কার্বন নির্গমন হয়। একেদৰে গোলকীয় উষ্ণতাতো বিৰূপ প্ৰভাৱ পৰে বুলি বিজ্ঞানীসকলে গৱেষণাৰ অন্তত নিশ্চিত হৈছে। ইউৰোপীয়ান ইউনিয়নে ইতিমধ্যে ২০২৬ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ পাম অইল ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে। যদিহে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই জৈৱ বৈচিত্ৰলৈ গুৰুত্ব নিদি পাম অইলৰ খেতি কৰি গৈ থাকে তেন্তে সমগ্ৰ ইউৰোপত পাম অইল নিষিদ্ধ হৈ পৰিব। আনহাতে, মিছন পাম অইলৰ জৰিয়তে ভাৰত চৰকাৰে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই কৰাৰ দৰে একেটা ভুলকৈ কৰিবলৈ গৈ আছে বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে। বিশেষকৈ অসম, আন্দামান নিকোবৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচলৰ দৰে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ঠাইত পাম অইলৰ খেতি কৰিবলৈ লোৱাৰ ফলত পাৰিপাৰ্শ্বিক দিশটোলৈ যে সংকট নামি আহিব সেয়া নিশ্চিত। পাম অইলৰ খেতিৰ ফলত ইণ্ডোনেছিয়া, মালয়েছিয়া, সুমাত্ৰা আৰু জাভা দ্বীপত ওৰাংওটাং, পিগমি হাতী, সুমাত্ৰাৰ গঁড়ৰ দৰে জন্তুসমূহ বিলুপ্তপ্ৰায় হৈ পৰাৰ উপক্ৰম ঘটিছে। গতিকে অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে এনে খেতি কৰিবলৈ ল'লে তাৰ প্ৰভাৱ যে বন্য জীৱ-জন্তুৰ ওপৰত নপৰিব তাৰ কোনো নিশ্চয়তা নাই। গতিকে আমি স্পষ্টকৈ ক'ব খোজো যে যি খেতিৰ ফলত ভৱিষ্যতে ক্ষতি হোৱাৰ আশংকা আছে তেনে খেতি অসমৰ ১ লাখ হেক্টৰ মাটিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক আচলতে এক ভয়ংকৰ বিপদৰ দিশে ঠেলি দিছে। একেদৰে এই খেতি কৰিবলৈ বাবা ৰামদেৱ আৰু আন বৃহৎ পুঁজিপতি প্রতিষ্ঠানক অসমৰ ইমান বৃহৎ পৰিমাণৰ ভূমি চৰকাৰী উদ্যোগত এৰি দি চৰকাৰে ভিতৰুৱাকৈ কোনো কমিছনৰ অংক কৰিছে বুলিও আমাৰ মনত সন্দেহৰ উদ্ৰেক ঘটিছে। সেয়ে আমি অসমৰ জলবায়ু, মাটি, পানী, বায়ুৰ লগতে আন একাধিক ক্ষেত্ৰলৈ বিপদ কঢ়িয়াই আনিব পৰা পাম অইলৰ দৰে এবিধ বিদেশী উদ্ভিদৰ খেতি কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু অনতিপলমে তেনে সিদ্ধান্ত পৰিহাৰ কৰিবলৈ চৰকাৰক সকীয়াই দিছো। লগতে স্বদেশী সামগ্ৰী ব্যৱহাৰ কথা কোৱা বাবা ৰামদেৱে বিদেশী পাম অইলৰ খেতি কৰিবলৈ অসমক বাচি লোৱা কাৰ্যকো গৰিহণা জনাইছো।শেষত ইয়াকে ক'ব পাৰি যে কেৱল পুঁজিপতিৰ স্বাৰ্থ পূৰণৰ লগতে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বৰ্তমানৰ চৰকাৰখনৰ একাংশ নেতা-মন্ত্ৰীয়ে নিজৰ লাভালাভৰ বাবেই এই সর্বনাশী খেতি কৰিবলৈ বহিৰাগত লোকক অসমৰ ভূমি গতাই দিবলৈকো কুণ্ঠাবোধ কৰা নাই।

No comments