Breaking News

সকলো বাধা নেওচি চন্দ্ৰত অৱতৰণ বাবে সাজু চন্দ্ৰযান-৩


যোৱা ১৪ জুলাইত ভাৰতৰ পৰা চন্দ্ৰলৈ উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-৩।ইছৰ'ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি চন্দ্রযান-৩ৰ ইঞ্জিন আৰু চেঞ্চৰ যদি বন্ধও হৈ যায়, তথপি বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সমৰ্থ হ'ব। ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা ইছৰ'ৱে দাবী কৰা অনুসৰি চন্দ্ৰযান-৩ৰ সম্ভাব্য সকলো ব্যৰ্থতাৰ মোকাবিলা কৰিবলৈ তেওঁলোক প্রস্তুত। মঙলবাৰে এটা স্বেচ্ছাসেৱী সংস্থাই আয়োজন কৰা ‘চন্দ্ৰযান-৩ : ভাৰত'ছ প্রাইড স্পেচ মিছন' শীৰ্ষক এটা প্রশ্নোত্তৰ অনুষ্ঠানত ভাগ লৈ ইছৰ'ৰ মুৰব্বী এছ সোমনাথে কৰা এই মন্তব্যই দেশৰ অনেকৰ মনত সন্দেহ আৰু শংকাৰ সৃষ্টি কৰিছে। চন্দ্ৰযান-২ ৰ অভিযান শেষ মুহূৰ্তত ব্যৰ্থ হোৱাৰ দৰে চন্দ্ৰযান-৩ ৰো ব্যৰ্থতাৰ পূৰ্বাভাষ ইছৰ'ৱে পাইছে নেকি বুলিও সোমনাথৰ বক্তব্যত ৰহস্যৰ সৃষ্টি হৈছে। এছ সোমনাথে জনায় যে লেণ্ডাৰ বিক্ৰমক এনেদৰে নিৰ্মাণ কৰা হৈছে যে সমস্ত চেঞ্চৰ আৰু তাৰ দুটা ইঞ্জিন বন্ধ হৈ গ'লেও ই অহা ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিব পাৰিব। তেওঁ কয়— ‘তেনে আশংকাৰ কথা চিন্তা কৰি ঠিক সেইদৰে বিক্ৰমৰ নক্সা তৈয়াৰ কৰা হৈছে। অৱশ্যে এইক্ষেত্ৰত এটা চৰ্ত আছে, বিক্ৰমৰ প্ৰপাল্‌ছন কাৰ্যকৰী হৈ থাকিব লাগিব।' সম্প্রতি চন্দ্রযান-৩য়ে ২৮৮ কিলোমিটাৰ ‘পেৰিজি’ আৰু ৩২৮ কিলোমিটাৰ ‘এপোজি' কক্ষপথেৰে ঘণ্টাত ৩৮, ৫২০ কিলোমিটাৰ গতিত চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। চন্দ্ৰযান-৩ক ইছৰ ৱে যোৱা  ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত স্থাপন কৰিছিল। বুধবাৰে ইছৰ ৱে এটা প্ৰচেষ্টাৰে চন্দ্ৰযান-৩ক চন্দ্ৰৰ কাষলৈ ঠেলি দিছে আৰু অহা ১৪ তথা ১৬ আগষ্টত অধিক কাষলৈ ঠেলি দিব। তেতিয়া চন্দ্রযান-৩য়ে চন্দ্ৰক ১০০ কিলোমিটাৰ× ১০০ কিলোমিটাৰ দূৰৰ পৰা প্ৰদক্ষিণ কৰিব। ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ গতিবেগ কমাই আনি শূন্য কৰা হ'ব আৰু সেইদিনাই বিয়লি ৫.৪৫ বজাত বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰিব । তেতিয়া যদি কোনো বিজুতি ঘটি বিক্ৰমৰ দুয়োটা ইঞ্জিন আৰু সকলো চেঞ্চৰ বন্ধ হৈ পৰে তথাপি প্ৰপাল্‌ছন কাৰ্যকৰী হৈ থাকিলে চন্দ্রযান-৩য়ে সঠিকভাৱে অৱতৰণ কৰিবলৈ সমৰ্থ হ'ব। অৱশ্যে বিক্ৰমৰ অৱতৰণেই ইছৰৰ বাবে এই অভিযানৰ বৃহত্তম প্ৰত্যাহ্বান বুলি এছ সোমনাথে স্বীকাৰ কৰিছে। কিয়নো এতিয়া বিক্রম আনুভূমিক অর্থাৎ পঠালি হৈ আছে। অৱতৰণৰ সময়ত বিক্ৰমক উলম্ব কৰিব লাগিব আৰু ই তেনেদৰেই অৱতৰণ কৰিব। এই প্রক্রিয়া যথেষ্ট জটিল।

   উল্লেখযোগ্য যে চন্দ্রযান-৩য়ে অৱতৰণ কৰাৰ পূৰ্বেই ৰাছিয়াৰ এখন চন্দ্রযান লুনাই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। লুনা-২৫ নামৰ এই যানখন ৰাছিয়াই অহা ১১ আগষ্টত চন্দ্ৰলৈ প্ৰেৰণ কৰিব। এয়া হ'ব ৰাছিয়াৰ প্রায় ৫০ বছৰৰ পাছত চন্দ্ৰ অভিযান। লুনা-২৫য়ে চন্দ্ৰযান-৩ৰ পূর্বেই অৱতৰণ কৰাৰ কথা। উল্লেখ্য, চন্দ্ৰযান-৩ৰ দৰে লুনা-২৫য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। এতিয়ালৈ কোনো চন্দ্ৰযানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা নাই। সেয়ে চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমে অৱতৰণ কৰাৰ কৃতিত্ব ভাৰতে নে ৰাছিয়াই অৰ্জন কৰে সেই লৈ কৌতুহলৰ সৃষ্টি হৈছে।

  ইপিনে, যোৱা ৫ আগষ্টৰ পৰা সৃষ্টি হোৱা সৌৰ ধুমুহাই ভাৰতৰ চন্দ্ৰযান-৩ৰ ক্ষতিসাধন কৰাৰ আশংকা সৃষ্টি হৈছে। সৌৰ ধুমুহাৰ ফলত সূৰ্যৰ পৰা প্লাজমা আৰু চৌম্বকীয় তৰংগৰ বিৰাট বিস্ফোৰণ হয় আৰু কোটি কোটি জ্বলন্ত পদাৰ্থ সূৰ্যৰ পৰা নিৰ্গত হৈ সৌৰজগতত সিঁচৰতি হৈ পৰে। ইয়াৰ প্ৰভাৱত চন্দ্ৰযান-৩ৰ উপৰি পৃথিৱীত ইণ্টাৰনেট আৰু জিপিএছ সেৱা ক্ষতিগ্ৰস্ত হ'ব পাৰে। এই আশংকা প্রকাশ কৰিছে নাছাই ।

No comments