Breaking News

গোলাঘাটত শোক দিৱস পালন


২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ  উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায় । কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।

No comments