Breaking News

উত্তৰ-পূবৰ নগা অধ্যুষিত এলেকা চামিলকৰণ নগাসকলৰ বৈধ অধিকাৰ বুলি ভাৰত চৰকাৰে স্বীকাৰ কৰাৰ কথা সদৰী নগা বিদ্ৰোহী সংগঠন এনএছচিএনৰ


অসমৰ নগা অধ্যুষিত অঞ্চলক নাগালিমত একত্ৰীকৰণৰ মানচিত্ৰক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন দিয়া বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে নগা বিচ্ছিন্নতাবাদী সংগঠনৰ মুৰব্বী মুইভাই।বৃহত্তৰ নাগালিমত অসমৰ অংশ অন্তর্ভুক্ত নহয় বুলি ৰাজ্য চৰকাৰে দাবী কৰি অহাৰ সময়তে এইবাৰ নগা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিদ্রোহী সংগঠন এনএছচিএনৰ (আইএম) সাধাৰণ সম্পাদক থুইংগালোং মুইভাৰ ঘোষণাক লৈ ব্যাপক চর্চা লাভ কৰিছে। অসমৰ নগা অধ্যুষিত অঞ্চলক নাগালিমত একত্ৰীকৰণৰ মানচিত্ৰক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন দিয়া বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে আলোচনাৰ মেজত থকা বিচ্ছিন্নতাবাদী সংগঠনটোৰ মুৰব্বী মুইভাই। কেৱল অসমেই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ, অৰুণাচলৰ নগা বসতিপ্রধান অঞ্চলকো বৃহত্তৰ নাগালিমৰ অংশ  বুলি কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ বিস্ফোৰক দাবী কৰিছে মুইভাই। উত্তৰ-পূবৰ নগা অধ্যুষিত এলেকা চামিলকৰণ নগাসকলৰ বৈধ অধিকাৰ বুলিও ভাৰত চৰকাৰে স্বীকাৰ কৰাৰ কথা সদৰী কৰিছে এনএছচিএনে (আইএম)। মণিপুৰত কুকি আৰু ৰ মেইটেই সম্প্ৰদায়ৰ মাজত পৃথক ৰাজ্যক লৈ গোষ্ঠী সংঘর্ষ । অব্যাহত থকাৰ মাজতে এনএছচিএনৰ (আইএম) মুৰব্বী থুইংগালোং মুইভাৰ উক্ত মন্তব্যক লৈ স্বাভাৱিকভাৱেই সমগ্র  মণিপুৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য, ১৪ আগষ্টত না এন এছচিএনে (আইএম) সংগঠনটোৰ মুখ্য কাৰ্যালয় হেৱনত ৭৭সংখ্যক নগা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি সাধাৰণ সম্পাদক থুইং গালোং মুইভাই কয়— এটা জনগোষ্ঠীৰ সার্বভৌমত্বৰ হেতু পতাকা আৰু সংবিধান স্বাভাৱিকতে অবিচ্ছেদ্য অংগ। পতাকা আৰু সংবিধান সাৰ্বভৌমত্বৰ গঠনমূলক অংগ। কিয়নো পতাকা আৰু সংবিধানৰ সৰ্বজনীনভাৱে গ্রহণ যোগ্যতা আছে। এই সন্দৰ্ভত কোনো অস্পষ্টতা নাই। ইয়াক ভাৰতীয় নেতাসকলেও বুজি পায়। সঁচা কথা ক'বলৈ তেওঁলোকেও স্থিতি ত ল'ব লাগিব।' উল্লেখ্য, দশক দশক ধৰি চলি অহা নগা বিদ্ৰোহৰ অন্ত পেলাবলৈ ২০১৫ চনত এন এছ চি এন-আই এম আৰু কেন্দ্ৰীয় চৰকাৰে ফ্লেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰিছিল যদিও নগা ই গোটটোৱে সুকীয়া পতাকা আৰু সংবিধানৰ দাবী তুলি চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়াত বাধা আহিছিল। মুইভাই কয় যে সকলো নগা অঞ্চলৰ ই একত্ৰীকৰণৰ বিষয়ত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে যে ই নগাসকলৰ বৈধ অধিকাৰ। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে এন এছ চি এন-আই এমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু আশ্বাস দিছিল যে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশৰ সকলো নগা প্রধান অঞ্চলক বৃহত্তৰ নাগালিমত একত্ৰিত কৰা হ'ব। যিটো বিষয়ক লৈ পাছত মণিপুৰত ব্যাপক প্রতিবাদ হোৱাত ই তল পৰিছল। মুইভাই কয় যে, নগা জাতীয় প্ৰতিৰোধ আন্দোলন হৈছে নগা আৰু তেওঁলোকৰ ভূমিৰ অন্তৰ্নিহিত সাৰ্বভৌম অধিকাৰ ৰক্ষা কৰা। ১৮ বছৰ দীঘলীয়া ৰাজনৈতিক আলোচনাৰ অন্তত অৱশেষত ভাৰত চৰকাৰ আৰু এন এছ চি এনে ২০১৫ চনৰ ৩ আগষ্টত ঐতিহাসিক ফ্লেমৱৰ্ক চুক্তিত স্বাক্ষৰ কৰে। এয়া গ পাৰস্পৰিকভাৱে সহমতত উপনীত হোৱা চৰকাৰী নথি। উল্লেখ্য যে সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টোক লৈ ভাৰত চৰকাৰ ৰ আৰু এন এছ চি এন আই এমৰ মাজত আলোচনা এতিয়াও চলি আছে। মুইফাই লগত কয় যে নগাসকল সার্বভৌম ব্যক্তি যিয়ে । অনাদিকালৰ পৰা নিজৰ মাটিত বসবাস কৰি আহিছে। তেওঁলোকে আনৰ পৰা এটুকুৰা মাটি বিচাৰি ভিক্ষা কৰা নাই । তেওঁলোকৰ নিজৰ জাতি-ৰাষ্ট্ৰ গঢ়ি তোলাৰ সম্পূৰ্ণ অধিকাৰ আছে। এই আন্দোলনটোৰ সকলোবোৰেই নগা আৰু তেওঁলোকৰ ভূমিৰ অন্তৰ্নিহিত সাৰ্বভৌম অধিকাৰ ৰক্ষা কৰা ই মূল লক্ষ্য। লক্ষণীয়ভাৱে সোমবাৰে নগাৰ স্বাধীনতা দিৱস উদযাপনৰ পাছতেই ২১ আগষ্টত এনএছচিএনৰ (আইএম) লগত কেন্দ্রীয় চৰকাৰে আলোচনাত বহিব বুলি জানিব পৰা গৈছে। এই বৈঠকতে নাগালিম চুক্তিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। 

No comments