Breaking News

দিল্লীৰ দ্বাৰকা এক্সপ্ৰেছ ৱে' ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ৭,৫০০ কোটিৰ কেলেংকাৰি

 


দুৰ্নীতিৰ-কেলেংকাৰিৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত থকাৰ মাজতেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ দিনত এক কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ব্যয় কৰা হৈছে ২৫০.৭৭ কোটি টকা। 'কেগ' অর্থাৎ কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অব ইণ্ডিয়াই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য। কেগে শেহতীয়াকৈ পোহৰলৈ অনা এই তথ্য অনুসৰি দিল্লীৰ দ্বাৰকা এক্সপ্ৰেছ ৱে' ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত সংঘটিত হৈছে এই ভয়াৱহ কেলেংকাৰি। কেগৰ মতে দিল্লীৰ ২৯ কিলো মিটাৰ দূৰত্বৰ এই পথছোৱা নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৭-১৮ চনত ভাৰতমালা প্ৰকল্পৰ অধীনত ই প্রতি কিলোমিটাৰত ১৮.২ কোটি টকাকৈ ধাৰ্য কৰিছিল। কিন্তু আশ্চর্যজনকভাৱে পৰৱৰ্তী সময়ত উক্ত পথছোৱাৰ প্রতি কিলোমিটাৰ দূৰত্ব নিৰ্মাণৰ নামত খৰচ হয় প্রায় ২৫০.৭৭ কোটি টকাকৈ। অর্থাৎ প্রথম অৱস্থাত পথছোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা মূল্যতকৈ ১৪ গুণ বেছি ব্যয় হয়। সেই অনুসৰি ২৯ কিলোমিটাৰ দূৰত্বৰ ঘাইপথছোৱা নিৰ্মাণৰ নামত প্রায় ৭,২৮৭.২৯ কোটি টকা ব্যয় হয় । এই কি ভয়ংকৰ কেলেংকাৰি পোহৰলৈ অহাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ত হাহাকাৰৰ সৃষ্টি হৈছে। অকল দিল্লীৰ দ্বাৰকা এক্সপ্ৰেছ ঘাইপথ প্রি ছোৱাতেই নহয়। ভাৰতমালা প্ৰকল্পৰ অধীনত নিৰ্মাণ হোৱা আন কেইবাটাও পথৰ নিৰ্মাণত বিয়াগোম অনিময় হোৱা ধৰা পেলাইছে কেগে। সেই অনুসৰি ভাৰতমালা প্ৰকল্পৰ অধীনত প্রায় ৭৫ হাজাৰ কিলো মিটাৰ পথ নিৰ্মাণত ৭.৫ লাখ কোটি টকাৰ কেলেংকাৰি হোৱাৰ তথ্য পোহৰলৈ আনিছে কেগে। উল্লেখ্য যে ভাৰত মালাৰ পথ নিৰ্মাণত প্ৰথম অৱস্থাত প্রতি কিলোমিটাৰত ১৫ কোটি টকাকৈ ধাৰ্য কৰা ইচ্ছ হৈছিল। কিন্তু আশ্চর্যজনকভাৱে পৰৱৰ্তী সময়ত প্রতি কিলোমিটাৰ হা পথ নিৰ্মাণত ১৫ কোটিৰ সলনি ২৫ কোটি টকালৈকে ব্যয়মূল্য খৰচ হোৱা বুলি দেখুওৱা হৈছে। সেই অনুসৰি ৭৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ৭.৫ লাখ কোটি টকাৰ কেলেংকাৰি হোৱাটো কেগে ধৰা পেলাইছে। অকল পথ নির্মাণতেই নহয় মোদী চৰকাৰৰ দিনত আয়ুষ্মান ভাৰত, অযোধ্যা উন্নয়ন প্রকল্প, গ্রামীণ বিকাশ মন্ত্রণালয়ৰ পেন্সন আঁচনি আদিতো বৃহৎ অনিয়ম হোৱা ধৰা পেলাইছে কেগে কেগৰ মতে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭.৫ লাখ মৃত ৰোগীৰ নামত চিকিৎসা কৰা দেখুৱাই কেইবা কোটি টকাৰ কেলেংকাৰি কৰা হৈছে। একেদৰে অযোধ্যা উন্নয়ন প্ৰকল্পৰ নামতো নীতিবর্হিভূতভাৱে টোল টেক্সৰ নামত ১৫৪ কোটি টকা আদায় কৰা হৈছে। সেই দৰে গ্রামীণ বিকাশ মন্ত্রণালয়ৰ পেন্সন আঁচনিৰ ২.৮৩ কোটি টকা অন্য আঁচনিৰ নামত খৰচ কৰা হৈছে। মোদী চৰকাৰৰ দিনত হোৱা এই কেলেংকাৰি পোহৰলৈ অহাত স্বাভাৱিকতে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

No comments