Breaking News

বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ দেহাৱসান


বিশিষ্ট শিক্ষাবিদ,কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ‌, ইংৰাজী বিভাগৰ প্ৰবক্তা,ৰাজহুৱা কৰ্মী তথা অসমীয়া ভাষাৰ এজন অন্যতম সাধক দেৱেন দত্তৰ দেহাৱসান। বৃহস্পতিবাৰে নিশা ১২.১০ বজাত  হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮১ বছৰ। নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয় তেখেতৰ শেষকৃত্য।

     ১৯৪৪ চনৰ ৫ এপ্ৰিলত শিৱসাগৰৰ নাজিৰাত জন্ম গ্ৰহণ কৰিছিল দেৱেন দত্তই। গড়গাঁও মহাবিদ্যালয়ত কিছুদিন অধ্যাপনা কৰাৰ পিছত কটন বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰি ২০০১ চনত উপাধ্যক্ষ পদলৈ পদোন্নতি আৰু ২০০২ চনত অৱসৰ গ্ৰহণ কৰে।

    তেখেতৰ মৃত্যু অসমবাসী তথা অসমৰ শৈক্ষিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি।

No comments