Breaking News

৯ দিনত চীনা প্ৰবঞ্চকে লুটি নিলে ১,৪০০ কোটি টকা

 


দেশত নিৰাপত্তা ব্যৱস্থাৰ চৰম অৱনতি।চীনা প্ৰবঞ্চকৰ প্ৰৱঞ্চনাৰ জাল।প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত এজন চীনা প্ৰৱঞ্চনকে মাত্র ৯ দিনতে লুটি নিলে ১৪০০ কোটি টকা। গুজৰাটৰ পাকিস্তানৰ সীমান্তৱৰ্তী দুই জিলা ক্ৰমে পাটন আৰু বানসকাটাতে এই ঠগৰ ঘটনা সংঘটিত হয়। অৱশ্যে ২০২২ চনৰ মে' মাহতে ঘটনাটো সংঘটিত হয় যদিও অলপতেহে এই ঘটনা পোহৰলৈ আহিছে। গুজৰাট আৰক্ষীৰ তৰফৰ পৰা সদৰি কৰা তথ্য অনুসৰি চীন দেশৰ য়ু ৱানৱে নামৰ লোকজনে বিগত বৰ্ষত উত্তৰ গুজৰাটৰ পাটন আৰু বানসকাটাত বাহৰ পাতি ‘ধনী ডাটা’ নামৰ এটা এপ মুকলি কৰি অনলাইন জুৱাৰ বেপাৰ কৰে। এই অনলাইন জুৱাত উক্ত জিলা দুখনৰ প্ৰায় ১২০০ লোকে কোটিৰ ঘৰত টকা খটুৱায় আৰু উক্ত লোকসকলে লগোৱা ১৪০০ কোটি টকা লুটি নিয়ে চীনা লোকজনে। মাত্র ৯ দিনতে এই বিপুল পৰিমাণৰ ধন লগাই উধাও হয় য়ু ৱানৱে। লক্ষণীয় যে যি সময়ত চীনা লোকজনে এনেদৰে গুজৰাটত প্ৰৱঞ্চনাৰ জাল পেলাইছিল, সেই সময়ত গুজৰাটৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্রায় প্রতিদিনেই গৃহৰাজ্য গুজৰাটলৈ গৈছিল। নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা অত্যন্ত স্পৰ্শকাতৰ গুজৰাটৰ পাকিস্তান সীমান্তৱৰ্তী দুই জিলাৰ পৰা কেনেদৰে এনেদৰে নিৰাপত্তা সংস্থা, আৰক্ষী, ইণ্টেলিজেন্সৰ চকুত ধূলি দি তথা প্রধানমন্ত্রী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নাকৰ তলেদিয়েই এনেদৰে এজন চীনা লোকে বৃহৎ প্ৰৱঞ্চনা কৰিব পাৰিলে ইয়াকলৈ প্রশ্ন উঠিছে। বিশেষকৈ বিৰোধী কংগ্ৰেছ নেতা পৱন খেৰাই এই প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক কঠোৰ ভাষাৰে কটাক্ষ কৰিছে। পৱন খেৰাৰ অভিযোগ চীনক ৰঙা চকু দেখুওৱা বুলি দাবী কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেওঁৰ গৃহৰাজ্যতে কেনেদৰে এজন চীনা ঠগে ৰঙা ধূলি মাৰিব পাৰিলে। চীনা ঠগজনে যিটো এপৰ দ্বাৰা সহজ সৰল গুজৰাটী লোকক লুটি নিলে, সেই এপটোৰ প্ৰচাৰত গুজৰাট আৰক্ষীৰ লোকো নিয়োজিত আছিল বুলি খেৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

No comments