Breaking News

উত্তৰ-পূৰ্বাঞ্চলৰ দুই শক্তিশালী বিদ্রোহী সংগঠনৰে শান্তি -চুক্তিৰ যো-জা কেন্দ্ৰ চৰকাৰৰ

 


২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম দুই শক্তিশালী বিদ্রোহী সংগঠন আলফা আৰু এন এছ চি এনৰ (আই এম) সৈতে ২০২৪ৰ শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰ চৰকাৰ। এই উদ্দেশ্যেৰে আলোচনাপন্থী দুয়োটা বিদ্ৰোহী সংগঠনৰ সৈতে অন্তিম পৰ্যায়ৰ শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে গৃহ মন্ত্রণালয়ে। সুদীর্ঘ ১২ বছৰ ধৰি অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া নেতৃত্বাধীন আলোচনাপন্থী সৈতে কেন্দ্রই আলোচনা অব্যাহত ৰাখিলেও শেহতীয়াকৈ শান্তি চুক্তিৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ভাৰত চৰকাৰে। ইফালে, নগা বিদ্রোহী সংগঠন এন এছ চি এনৰ (আই এম) লগত কেন্দ্ৰই ২০১৫ চনৰ ৩ আগষ্টত নগা ফ্ৰেমৱৰ্ক চুক্তি কৰিছিল যদিও এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে শান্তি চুক্তিত স্বাক্ষৰ কৰি নাগালেণ্ডত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে অগ্ৰসৰ হৈছে মোদী চৰকাৰ। সেই লক্ষ্যৰে শুকুৰবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ে আলফাৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত আলফাৰ কেন্দ্ৰীয় নেতৃত্ব অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশ চৌধুৰী আৰু ৰাজু বৰুৱাই অংশ লোৱাৰ লগতে মধ্যস্থকাৰী এ কে মিশ্রও উপস্থিত থাকে। আলফাৰে এই বৈঠকৰ সমান্তৰালভাৱে ২১ আগষ্টত নগা বিদ্রোহী সংগঠন এন এছ চি এনৰ (আই এম) সৈতে নতুন দিল্লীত শান্তি আলোচনাত বহিব কেন্দ্রীয় চৰকাৰ। গুৰুত্বপূৰ্ণ কথাটোৰ সৈতে সুদীর্ঘ ১২ বছৰ ধৰি আলোচনা চলাই অহা অসমৰ বিদ্ৰোহী সংগঠন আলফাই কেন্দ্ৰৰ সৈতে ‘দৰ-দাম' কৰাত নতশিৰ হোৱা বুলিহে এতিয়া চৰ্চা লাভ কৰিছে। অৱশ্যে, ইয়াৰ বিপৰীতে নগা বিদ্রোহী সংগঠন এন এছ চি এন (আই এম) এ কেন্দ্ৰৰ পৰা প্ৰাপ্য অধিকাৰ কাঢ়ি অনাত আগ্রাসী স্থিতি গ্ৰহণ কৰিছে। অভিযোগ অনুসৰি পৃথক স্বাধীন ৰাজ্যৰ দাবী ত্যাগ কৰা আলফাই অসম আৰু অসমীয়াৰ স্বাৰ্থ তথা ভৱিষ্যত সুৰক্ষিত কৰা ১২ টা চৰ্ত দিলেও ইয়াৰে মূল চৰ্তটোকে অগ্রাহ্য কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৰবিন্দ ৰাজখোৱা বাহিনীয়ে খিলঞ্জীয়া অসমীয়াৰ ৰাজনৈতিক অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ বাবে ৰাজ্যৰ ৮৮ শতাংশ বিধানসভা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ চৰ্ত আৰোপ কৰিলেও . সেই চৰ্ত মানি ল'ব নোৱাৰে বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। আলফাই ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ১১২ টা সমষ্টি ভূমিপুত্ৰ খিলঞ্জীয়াৰ হাতত সংৰক্ষিত কৰাৰ বাবে দিয়া প্ৰস্তাৱক কার্যতঃ নাকচ কৰিছে কেন্দ্ৰৰ মোদী চৰকাৰে। আনকি শুকুৰবাৰে গৃহ মন্ত্রণালয়ৰে হোৱা বৈঠকত কেন্দ্ৰই নির্বাচন আয়োগৰ শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াক সুৰক্ষিত কৰিব বুলিহে বুজনি দিয়ে আলফাক। স্বাভাৱিকতেই কেন্দ্ৰৰ এই যুক্তিত অৰবিন্দ বাহিনীয়ে নতশিৰ হোৱা বুলিও দিছপুৰৰ এটা সূত্ৰই জানিবলৈ দিছে। অৱশ্যে চুক্তি সম্পূৰ্ণ কৰাৰ স্বাৰ্থত কেন্দ্ৰ আৰু আলফাৰ মাজত পুনৰ দুই এবাৰ আলোচনা হ'ব বুলিও সদৰি কৰিছে সূত্ৰটোৱে। আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাই শক্তি আলোচনাত অংশ নোলোৱাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে আলোচনাপন্থী আলফা গোটটোৰ দাবীক কোনো গুরুত্ব নিদিয়াৰ অভিযোগ উঠিছে। লক্ষণীয়ভাৱে আলফাৰ ৩৪ বছৰীয়া সংগ্রামী ইতিহাসত ১০ হাজাৰো অধিক তেজাল যুৱকে আত্মবলিদান দিলে যদিও মূৰকত কেন্দ্ৰীয় চৰকাৰৰ টেবুলৰ পৰা বিদ্রোহী সংগঠনটোৱে নিজৰ অধিকাৰ কাঢ়ি অনাত চৰম ব্যর্থ হোৱা বুলিও একাংশ আলফা সদস্যই ক্ষোভ ব্যক্ত কৰা দেখা গৈছে। অৱশ্যে, অৰবিন্দ ৰাজখোৱা বাহিনীৰ এই দুৰ্বল স্থিতিৰ বিপৰীতে নগা বিদ্রোহী সংগঠন এন এছ চি এম (আই এম)ৰ বৃহত্তৰ নাগালিমৰ মানচিত্ৰত অসমৰ নগা অধ্যুষিত এলেকা চামিলকৰণত ভাৰত চৰকাৰে অনুমোদন দিয়া বুলি ১৪ আগষ্টৰ নাগালেণ্ডৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হেৱনৰ পৰা সদম্ভ ঘোষণা কৰিছে বিদ্রোহী সংগঠনটোৰ মূৰব্বী থুইংগালেং মুইভাই। অথচ অসম চৰকাৰে বিগত সময় চোৱাত নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত নহয় বুলি দাবী কৰি আহিছিল যদিও মুইভাৰ আগ্ৰাসী স্থিতিত কেন্দ্রই যে সেও মানিছে সেয়া বিদ্রোহী নেতাজনৰ ঘোষণাই স্পষ্ট কৰিছে। কেবল অসমেই নহয়, উত্তৰ-পূবৰ অৰুণাচল আৰু মণিপুৰৰ নগা বসতিপূর্ণ ভূমিও বৃহত্তৰ নাগালিমত একত্রিকরণ হ'ব বুলিও মুইভাই ঘোষণা কৰিছে। কেন্দ্ৰৰ সৈতে হোৱা পূৰ্বৰ আলোচনাত নগাৰ পৃথক পতকা আৰু সংবিধানক লৈ কিছু মত বিৰোধ থকাত শান্তি চুক্তি স্বাক্ষৰত বিলম্ব হৈছিল যদিও এইবাৰ কেন্দ্ৰ আৰু এন এছ চি এন (আই এম) দুয়োপক্ষই 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চুক্তি স্বাক্ষৰ বাবে সাজু হৈছে। এন এছ চি এন (আই এম)এ দাবী কৰা মতে ডিচেম্বৰৰ নগাৰ সৈতে কেন্দ্রই ঐতিহাসিক চুক্তি সম্পাদন কৰিব। অহা ২১ আগষ্টত দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অনুষ্ঠিত হ'বলগীয়া আলোচনাৰ পৰিপ্ৰেক্ষিত এন এছ চি এনে বৃহস্পতিবাৰে ডিমাপুৰত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত 'খ্ৰীষ্টানৰ বাবে নাগালিম' শ্ল'গানেৰে ২১ আগষ্টত ভাৰত চৰকাৰৰ সৈতে এন এছ চি এনে শান্তি আলোচনাত ভাগ লোৱাৰ লগতে নগাৰ সাৰ্বভৌমত্বৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ যুঁজ দিয়াৰ বাবে সংকল্প লোৱা বুলিও বিদ্রোহী সংগঠনটোৱে এটা বিবৃতিত স্পষ্ট কৰি দিছে।

     দীৰ্ঘদিনৰ বিৰতিৰ পাছত অৰবিন্দ ৰাজখোৱা আলোচনাপন্থী আলফা নেতৃবৰ্গৰ সৈতে শুক্ৰবাৰে নতুন দিল্লীত এখন গোপন বৈঠকত মিলিত হয় শান্তি আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই। অজ্ঞাত স্থানত অনুষ্ঠিত কেন্দ্ৰীয় গৃহ বিভাগৰ সচিব পৰ্যায়ৰ বৈঠকত মূলত আলফাৰ অন্যতম দাবী হিচাপে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। এক বিশেষ সূত্ৰৰ পম খেদি জানিব পৰা মতে, মধ্যস্থতাকাৰী এ কে মিশ্ৰই যোৱা এপ্ৰিল মাহত আলফা নেতৃবৃন্দৰ আগত শান্তি চুক্তিৰ এখন খচৰা উপস্থাপন কৰিছিল। পিছে খচৰাত আলফাৰ ১২ দফীয়া দাবী ছনদৰ অন্যতম ৰাজনৈতিক তথা সাংবিধানিক অধিকাৰৰ বিষয়টোৱে স্থান লাভ কৰা নাছিল। আজিৰ বৈঠকত উক্ত বিষয়ৰ ওপৰতে আলফা নেতৃবৰ্গৰ সৈতে মধ্যস্থতাকাৰীজনে বিশদ আলোচনা কৰে। কিন্তু ৰাজনৈতিক অধিকাৰৰ বিষয়টোকলৈ এতিয়াও কিছু জটিলতা থকা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে। শীঘ্ৰেই আলফা নেতৃবৃন্দৰ সৈতে পুনৰ আন এলানি বৈঠক অনুষ্ঠিত হ'ব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে, খুব কমদিনৰ ভিতৰতেই আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে। ইপিনে আজিৰ বৈঠকত অংশগ্ৰহণ কৰা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই শীঘ্ৰেই শান্তি চুক্তি স্বাক্ষৰিত হ'ব পাৰে বুলি সংবাদ মাধ্যমৰ আগত ইংগিত প্ৰদান কৰিছিল। চেতিয়াৰ মতে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ ঐতিহাসিক তথা দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান বিচাৰি শান্তি চুক্তি সম্পাদিত হ'ব। উল্লেখ্য, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি নিশা নতুন দিল্লীত উপস্থিত হৈছে। মুখ্যমন্ত্ৰীজনেও আজি আলফা নেতৃবৰ্গৰে হোৱা বৈঠকত অংশ ল'ব বুলি ধাৰণা কৰা হৈছিল যদিও জানিব পৰা মতে তেওঁ ব্যক্তিগত কাৰ্যসূচীলৈহে দিল্লী ভ্ৰমণলৈ আহিছে। উল্লেখ্য, ২০১১ চনত তদানিন্তন কেন্দ্রীয় গৃহমন্ত্রী পি চিদাম্বৰমৰ ওচৰত অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলোচনাপন্থী আলফা নেতৃবর্গই ১২দফীয়া দাবী চন্দ দাখিল কৰিছিল যদিও ১২ বছৰ পাছতো শান্তি চুক্তি স্বাক্ষৰিত নহ'ল। এতিয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ঐতিহাসিক চুক্তিখন সম্পাদিত হয় নে নহয় সেয়া সময়তহে হ'ব লক্ষণীয়।

No comments