Breaking News

বিজেপিৰ ভিতৰচ'ৰাত শেহতীয়াভাৱে সংঘটিত ঘটনাৰাজি সন্দৰ্ভত বিভিন্ন দলৰ নেতা, কৰ্মী, তথা সাংসদৰ প্ৰতিক্ৰিয়া


শেহতীয়াকৈ অসম বিজেপি দলৰ ভিতৰ চ'ৰাত সংঘটিত ঘটনাৰাজিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দলৰ নেতা,কৰ্মী তথা সাংসদ আদিয়ে। "চৰকাৰী মাটি বেদখল কৰি বিজেপিয়ে নিৰ্মাণ কৰিছে ধুনীয়া কাৰ্যালয়। বিজেপিৰ ধুনীয়া কাৰ্যালয়টোৰ ভিতৰত ঘূণীয়া হৈছে জীয়ৰী- বোৱাৰী।"এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। অসম বিজেপিত চলা শেহতীয়া ঘটনাৰাজি সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে আৰু কয় —বিজেপি দলত এতিয়া নাৰী সুৰক্ষিত নহয়। দলৰ কৰ্মীৰ ওপৰতে যৌন নির্যাতন চলোৱা হৈছে। দলৰ মজিয়াত চলিছে চিণ্ডিকেট ৰাজ। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত যে চাকৰিৰ নামত, ঠিকা ঠুকলিৰ নামতো ব্যাপক চিণ্ডিকেট চলিছে সেয়া বিজেপিৰ নেতা-কৰ্মীৰ মুখেৰে ওলাই পৰিছে। অসম বিজেপিৰ কাম-কাজ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়- দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি দাবী কৰা চৰকাৰখনক গৰম ভাতৰ ধোৱাই ধৰিছে। বিজেপিৰ বৰঘৰৰ নেতা-কর্মী অবাটে গৈছে। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ বাবেও অসমবাসীয়ে উত্তৰ বিচাৰিছে। বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে কয়—চিনেমা চাই কন্দা বিজেপি নেত্রী কিন্তু নিজ দলৰ সতীৰ্থৰ আত্মহত্যাত মুখ বন্ধ। ৰাজ্যত এখন মহিলা আয়োগ আছে। এগৰাকী নেত্ৰীৰ আত্মহননৰ ঘটনাত কেইবাজনো লোকৰ নাম সাঙোৰ খাই পৰিছে। তাৰ পাছতো মহিলা আয়োগ নিৰৱ কিয়? বিজেপিৰ ভিতৰচ'ৰাত শেহতীয়াভাৱে সংঘটিত ঘটনাৰাজি সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই কয়—বাজপেয়ী ভৱনত ৰাষ্ট্ৰবাদ নহয়— ঠিকা, মদৰ দোকান আৰু যৌনতাৰ আলোচনা হয় । চৰকাৰখনৰ অপকর্ম বিজেপিৰ জ্যেষ্ঠ নেতাই উদঙাই দিছে। বাজপেয়ী ভৱনত এতিয়া চিণ্ডিকেট, যৌন কেলেংকাৰী সংঘটিত হয়। বিজেপি চৰকাৰখন মূৰৰ পৰা গেলিছে।

No comments