Breaking News

গোলাঘাট জাতীয় অধ্যয়ন চক্ৰ মৰঙি আখৈফুটীয়াত ব্যতিক্ৰম অনুষ্ঠান



ডিজিটেল সংবাদ, মৰঙীঃ জাতীয় অধ্যয়ন চক্ৰ, গোলাঘাটৰ উদ্যোগত তথা মৰঙি আখৈফুটীয়া চুকাফা যুৱ মঞ্চৰ কাৰ্যালয়ত অসমৰ স্বাধীনতা সংগ্ৰামৰ বাটকটীয়া গমধৰ কোঁৱৰ আৰু অসমৰ স্বাধীনতা সংগ্ৰামৰ বাবে ১৮২৮চনত সৰ্বপ্ৰথমে প্ৰাণ আহুতি দিয়া ধেনুধৰ কোৱঁৰ আৰু দহা ফুকনৰ সোঁৱৰণী অনুষ্ঠান আজি পালন কৰা হয়। জাতীয় অধ্যয়ন চক্ৰ নামাকৰনে অনুষ্ঠিত হোৱা  অনুষ্ঠানত টোৰ আঁত ধৰে চক্ৰৰ সমন্বয়ক মানস শৰ্মাই। অনুষ্ঠানৰ মুখ্য বক্তা  যুৱ লেখক ঢকুৱাখানাৰ বিকাশ দিহিঙ্গীয়াই কয় ১৮২৮ চনত বৃটিচ শাসনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি ৰংপুৰত থকা বৃটিছ চাউনীত আক্ৰমণ কৰাৰ বাবে আহি  থকাৰ সময়ত বৃটিছ সৈনিকৰ আক্ৰমণৰ ফলত গমধৰ কোধেনুধৰ কোঁৱৰৰ মৃত্যু হোৱাৰ দিনটোতে দেবেৰাপাৰাৰ মৰঙিয়াল নামঘৰত দ্বিতীয় জন দহা ফুকনক বৃটিছ বাহিনীয়ে গুলীয়াই হত্যা কৰিছিল। সেয়েহে বৃটিছ বিৰোধী বিদ্ৰোহৰ অসমৰ প্ৰথম ছহীদ হিচাপে এই দুয়োজনকে মান্যতা প্ৰদান কৰা উচিত বুলি মত প্ৰকাশ কৰে।


বুৰঞ্জী অধ্যয়ন জাতীয় চেতনাৰ উন্মেষ ঘটোৱোৰ একমাত্ৰ পথ বুলি অধ্যয়নচক্ৰ ত উপষ্ঠিত প্ৰশান্ত হাটিমতা, প্ৰিন্স চৌধুৰী ,জাফৰুল ইমতিয়াজ ,স্বৰ্ণালী বৰবৰুৱা,স্বপ্নিল চেতিয়া আদিয়ে মন্তব্য ৰাখে। মৰঙিৰ বিশিষ্ট সমাজকৰ্মী তথা লেখক ডা: বীৰেন চন্দ্ৰ গ'গৈয়ে বিশ্বাস ঘাটকতাৰ ইতিহাসে অসমীয়া জাতিক বাৰে বাৰে প্ৰতাৰণা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। আগন্তুক দিনত এনে অনুষ্ঠান পুনৰ অনুষ্ঠিত কৰিবলৈ সকলোৱে মত পোষন কৰে। সভাত চুকাফা মঞ্চৰ কৰ্মকৰ্তা সকলৰ লগতে স্থানীয় ৰাইজে ভাগ লয়।

No comments