Breaking News

কে জি এম টি হস্পিতালত স্নেহস্পৰ্শৰ উদ্যোগত অকাল মৃত্যু তথা দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰিবলগা সাৱধানতাৰ সন্দৰ্ভত অনুষ্ঠান



ডিজিটেল ডেস্কঃ জুয়ে পোৰা দুৰ্ঘটনা আজিৰ সময়ত অন্যতম চিন্তনীয় বিষয়। বিশেষকৈ পোহৰৰ উৎসৱ দীপাৱলী(দিপান্বিতা)ৰ সময়ত এনে দুৰ্ঘটনাৰ পৰিসংখ্যা অধিক বৃদ্ধি পায়। তথ্য মতে এনে দুৰ্ঘটনাত পতিত হৈ বছৰি বহু লোকে প্ৰাণ হেৰুৱায়।এই অকাল মৃত্যু তথা দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ প্ৰাথমিক পৰ্য্যায়ত কেনে ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ কাৰণে সজাগতা সৃষ্টিৰ লক্ষৰে কে জি এম টি হস্পিতাল চৌহদত আজি স্নেহস্পৰ্শৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানটিৰ অন্যতম উদ্যোক্তা ডাঃ সীমাৰেখা দেৱীয়ে স্নেহস্পৰ্শৰ লক্ষ্য আৰু উদ্দ্যেশ্যৰ বিষয়ে বিশদ ভাৱে বৰ্নণা কৰে।  দিনৰ ১১বজাত অনুষ্ঠিত হোৱা এই সজাগতা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা চাৰু কমল হাজৰিকা  ক্ৰমে মুখ্য আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি এনে অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহলাই আলোচনা কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি  মিনাংক ডেকাৰ পৰিচালনাত নিৰ্বাক গোষ্ঠীয়ে এক মূকাভিনয়ৰ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। বিশেষ ভাৱে সক্ষম ব্যক্তি ডম্বৰু গগৈৰ ৰচনা আৰু কন্ঠৰে স্নেহস্পৰ্শৰ শীৰ্ষগীতটিও আজি মুকলি কৰা কৰা হয়।



এই উপলক্ষে উষা শৰ্মাৰ দায়িত্বত আয়োজিত কৰা পষ্টাৰ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো বিজয়ী প্ৰতিযোগীসকলক প্ৰদান কৰা হয়। সভাত বিশিষ্ট লেখক তথা সমাজকৰ্মী ডাঃ ৰুবী কটকী বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।চাও পি গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ডাঃ নিবেদিতা গোস্বামীয়ে আদৰণি ভাষণ দিয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় ডাঃ মণিকা শৰ্মাই।

No comments