Breaking News

কলঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং



বিভূতি বৰা, নগাঁওঃ কলঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে নগাঁৱৰ পুৰনিগুদামৰ আউনীআটী আইথান আৰু কলংপাৰ হালোৱা গাওঁ সংযোগী এখন কাঠৰ দলং। কলঙত উটি অহা জাৱৰ আৰু মেটেকাৰ হেঁচাত দলঙখন আজি ভাগি যায়। পূৰ্বৰ পৰাই দুৰ্বল আছিল দলঙখন। সৌভাগ্যক্ৰমে সেই সময়ত দলং খনত কোনো লোক নছিল বাবে সাম্ভাৱ্য দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল।



No comments