Breaking News

বৰ্তমান সময়তো মমবাতি পোহৰত জীৱন নিৰ্বাহ এখন গাঁও, বিদ্যুৎ বিভাগ , পৌৰ সভাক বাৰে বাৰে অনুৰোধ জনায়ো‌ বিফল দুৰ্ভগীয়া গাঁওবাসী



বিভূতি বৰা, নগাঁওঃ  বৰ্তমান সময়তো মমবাতিৰ পোহৰত জীৱন নিৰ্ব্বাহ কৰা এখন গাঁও। বিজুলী যোগানৰ পৰা আজিও বঞ্চিত হৈ আছে এই গাঁওখন । গাঁওখন কিন্তু কোনো চৰাঞ্চলৰ বা ভিতৰোৱা অঞ্চলৰো নহয়‌‌। পৌৰ সভাৰ অন্তৰ্গত এইখন গাঁওখন। এই উৎকট গৰমৰ দিনটো ফেনৰ বতাহ অকনমান লোৱাৰো সুভাগ্য হোৱা নাই দুৰ্ভগীয়া গাঁওবাসীৰ বাবে‌‌ । এই গাঁওখন হল নগাঁৱৰ ধিং পৌৰ সভাৰ ৯ নং ৱাৰ্ডৰ।  বছৰ বছৰ ধৰি বিজুলী বাতিৰ অবিহনেই এক অন্ধকাৰ জীৱন অতিবাহিত কৰি আহিছে গাঁওখনৰ লোকসকলে‌। এইক্ষেত্ৰত গাঁওখনৰ লোকসকলে ধিং পৌৰ সভাৰ লগতে ধিং বৈদ্যুতিক উপ-সংমণ্ডলৰ ওচৰত বাৰে বাৰে কাকূতি মিনতি কৰাৰ পাছতো কোনো সুফল লাভ নকৰিলে বৰ্তমান পৰ্যন্ত । যাৰ ফলস্বৰূপে মমবাতি জ্বলাইয়ে জীৱন অতিবাহিত কৰিছে গাঁওখনৰ প্ৰতিঘৰ লোকে ।‌  বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলেও আজিৰ তাৰিখত মমবাতিৰ পোহৰতেই কৰিবলগীয়া হৈছে পঢ়াশুনা । 



ইমানৰ পাছতো গা লৰা নাই বিদ্যুৎ বিভাগৰ লগতে ধিং পৌৰ সভাৰ । গাঁওবাসীৰ দাবী অতিশীঘ্ৰেই‌ বিভাগীয় কৰ্তৃপক্ষই গাঁওখনত বিজুলী যোগানৰ ব্যৱস্থা কৰক ।


No comments