Breaking News

বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ, পৰিচালকক স্মাৰক পত্ৰ প্ৰদান



ফাৰহান লস্কৰ, শিৱসাগৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ বামুণপুখুৰী আৰু হাতীপটি বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ । নিজ নিজ বাগানত বুধবাৰে শ্ৰমিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত সাব্যস্ত কৰে প্ৰতিবাদ চাহ শ্ৰমিকসকলেৰ । য'ত বাগিচা মেনেজমেণ্টেও শ্ৰমিকক সহযোগ আগবঢ়ায় । মেকিপুৰস্থ KANCO TEA & INDUSTRIES LIMITEDৰ মুখ্য কাৰ্যালয়ৰ অধীনত থকা  বাগিচাসমূহৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে| 



আনহাতে সমস্যা সমাধানৰ দাবীৰে বামুণপুখুৰী আৰু হাতীপটি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ অন্তত বাগিচা সমূহৰ পৰিচালকৰ হাতত ৯টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে । বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচালক উমেশ কুমাৰ তিৱাৰীয়ে শ্ৰমিকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ।

No comments