Breaking News

ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ একবিংশ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন

 


ডিজিটেল সংবাদ, গোলাঘাটঃ  গোলাঘাট নগৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ একবিংশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি হয় পতাকা উত্তোলনেৰে আৰু পতাকা উত্তোলন কৰে শিক্ষানুষ্ঠান খনৰ ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাই। ইয়াৰ পিছতে ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকা আৰু অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ( তেতিয়াৰ ৰিলায়েন্স কলেজ জুনিয়ৰ) ৰ প্ৰতিষ্ঠাপক ৰূপক কুমাৰ গগৈ,  তেখেতৰ পিতৃ তথা অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী জীৱকান্ত গগৈ আৰু প্ৰতিষ্ঠা কালৰে পৰা জড়িত কৰ্মচাৰী দীপক কুমাৰ ৰয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।  ইয়াৰ পিছতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন মুকলি সভাৰ আয়োজন কৰা হয়।  ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাই সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) পাপৰি দাস।  ষঅন্যান্য বিশিষ্ট অতিথি হিচাপে মঞ্চত আসন গ্ৰহণ কৰে শিক্ষানুষ্ঠান খনৰ পৰিচালন অধ্যক্ষ দীপক কুমাৰ গগৈ,  অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাস, উপাধ্যক্ষ লক্ষজিৎ দুৱৰা, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ দেৱজিৎ দত্ত, মামণি শইকীয়া তামূলী,  শিক্ষাবিদ ক্ৰমে ড০ অমৰেন্দ্ৰ নাথ দত্ত,  ড০  বিপুল চন্দ্ৰ ভূঞা, টংকেশ্বৰ পাঠক আৰু পদ্ম তামূলী। বিশিষ্ট অতিথিবৃন্দক একোখনকৈ ফুলাম গামোচা আৰু স্মাৰক প্ৰতীক আগবঢ়াই সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। কাৰ্যসূচীত গোলাঘাট জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা সাংবাদিক সিদ্ধাৰ্থ সন্দিকৈকো সম্বৰ্ধনা জনোৱা হয়। অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে আদৰণি ভাষণ আগবঢ়োৱা সভাৰ কাৰ্যসূচীৰ আঁত ধৰে প্ৰবক্তা মনীষা বৰাই। 



ইয়াৰ পিছতে মুখ্য অতিথি পাপৰি দাসে নৱাগত সকলক আদৰণি জনাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি যথেষ্ট তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়।   নৱাগত আদৰণি অনুষ্ঠানৰ পিছতে কৃতী শিক্ষাৰ্থীসকলৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাণিজ্য বিভাগৰ প্ৰৱক্তা অমিত নাগৰীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা,  বিজ্ঞান আৰু বাণিজ্য শাখাত শিক্ষানুষ্ঠান খনৰ ভিতৰত শ্ৰেষ্ঠ হোৱা তিনি কৃতী শিক্ষাৰ্থী ক্ৰমে তৰংগিনী দত্ত ( কলা),  নাজিয়া ফাৰহাট ( বিজ্ঞান)  আৰু শ্ৰীজনা ছেত্ৰী ( বাণিজ্য) ক জীৱকান্ত গগৈ সোঁৱৰণী ন্যাসৰ তৰফৰ পৰা নগদ পাঁচ হাজাৰকৈ টকা আৰু প্ৰশস্তিপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও নৱম আৰু একাদশ শ্ৰেণীত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা চাৰি গৰাকী কৃতী শিক্ষাৰ্থীক প্ৰবক্তা মামনি শইকীয়া তামূলীৰ দ্বাৰা এহেজাৰ টকাকৈ আগবঢ়োৱা হয়।  অনুৰূপ ধৰণে ২৮ গৰাকী ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা আৰু বিভিন্ন বিষয়ত ৯০ শতাংশৰ উৰ্দ্ধত নম্বৰ পোৱা ২১ গৰাকী শিক্ষাৰ্থীক পুৰস্কাৰ প্ৰদান কৰা হয়। ইফালে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ এশ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা হিমাদ্ৰীকা বৰা নামৰ ছাত্ৰী গৰাকীক নগদ পাঁচ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। আনহাতে ইংৰাজী বিভাগৰ প্ৰবক্তা ক্ৰমে ভৱেশ বৰ্মন, কাশ্মীৰি শইকীয়া,  নিবেদিতা শইকীয়া,  পাৰ্থ প্ৰতীম বিশ্বাসী আৰু প্ৰিয়ংকা শইকীয়া দাসকো পুৰস্কৃত কৰা হয়।



 বঁটা প্ৰদান অনুষ্ঠানৰ পিছতে উদ্দীপ্ত শইকীয়া আৰু নিশাত এ ৰহমানৰ সঞ্চালনাত এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে।  পৰিচালন অধ্যক্ষ দীপক কুমাৰ গগৈয়ে ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এই দুই দশক অতিক্ৰম কৰা যাত্ৰাত সহযোগিতা আৰু অৱদান আগবঢ়োৱা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত শিক্ষানুষ্ঠান খনৰ জ্যেষ্ঠ কৰ্মচাৰী এছ এন ডেকা প্ৰমুখ্যে সকলো শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক , ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে।



No comments