Breaking News

চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দখলদাৰ উদ্ভিদৰ ৰোপন বন্ধ কৰিবৰ বাবে লেখিকা গিৰিমল্লিকা শইকীয়াৰ আহ্বান।

চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দখলদাৰ উদ্ভিদৰ ৰোপন বন্ধ কৰিবৰ বাবে লেখিকা গিৰিমল্লিকা শইকীয়াই নেচনেল  হাইৱে প্লেনটেচন অথৰিটিলৈ আহ্বান জনাইছে ।



ডিজিটেল ডেস্কঃ বর্তমান অসমৰ চাৰিওদিশত আন্তঃগাঁঠনি উন্নয়নৰ নামত চৌদিশে গছকটাৰ অভিযান আৰম্ভ হৈছে৷ অৱধাৰিত ভাৱে প্ৰতিজোপা গছক কেন্দ্ৰ কৰি তিস্থি থকা চৰাইবোৰকে ধৰি প্ৰতিটো পৰিস্থিতিতন্ত্ৰ ধ্বংস হৈছে৷ চাৰিশৰীয়া ৰাষ্ট্ৰীয় পথ নির্মানৰ পাচত ৰীতিমতে দুটাশাৰীৰ মাজৰ ঠাইখিনিত পুণৰ গছপুলি ৰোপন কৰিব লাগে। কিন্তু পৰিৱেশতন্ত্ৰটো পুণৰ সংস্থাপনৰ কাৰণে কৰোৱা কিছুমান কামে স্থানীয় পৰিবেশক অধিক বিপদাপন্নহে কৰিছে৷ অসমত গছ কাটি বহলাই উলিওৱা চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ বোৰত এতিয়া কৰবী ফুলৰ গছ ৰোৱাৰ উজান উঠিছে৷ এই কথা জনাইছে লেখিকা ,পৰিবেশ কৰ্মী  গিৰিমল্লিকা শইকীয়া। তেওঁ জনোৱা মতে,Cascabela thevetia বৈজ্ঞানিক নামেৰে জনাজাত কৰবী ফুল ভাৰতৰ স্থানীয় উদ্ভিদ নহয়৷ দক্ষিণ আমেৰিকাৰ পৰা আলংকাৰিক উদ্ভিদ হিচাপে আনি ভাৰতত ৰোপণ কৰা হৈছিল৷  তুলনামূলক ভাৱে নতুন বিদেশী উদ্ভিদ প্ৰজাতি এটা  এতিয়া স্থানীয় পৰিস্থিতিতন্ত্ৰত সোমাই পৰিল।কৰবী গছৰ জোপা অতি সহজে যিকোনো জলবায়ু আৰু পৰিবেশত  অভিযোজন কৰি দ্ৰুত বংশ বৃদ্ধি কৰিব পাৰে৷ এই অতি অভিযোজনশীল গুণটোৰ বাবে লাহে লাহে কৰবী ফুলে বিশ্বৰ বিভিন্ন দেশত দখলদাৰ উদ্ভিদ বা Invasive plant হ’বলৈ গৈ আছে৷

 কৰবী এনে এজোপা উদ্ভিদ যাৰ প্ৰতিটো অংশই বিষাক্ত৷ কৰবী গছক ইংৰাজীত "Bee-still flower" নামেৰেও জনা যায়। ইয়াৰ অৰ্থ এই ফুলৰ বিষক্ৰিয়াই মৌমাখিক স্থিৰ বা নিষ্ক্ৰিয় কৰি তোলে, সেয়েহে ইয়াৰ নাম "মৌমাখি স্থিৰ গছ"।এই উদ্ভিদত মৌমাখিকে ধৰি পোক-পৰুৱাৰ বাবে ক্ষতিকাৰক পদাৰ্থ থাকে।  সেয়ে কৰবী ফুলৰ মৌ সৰহভাগ পতঙ্গ আৰু  চৰায়ে আহাৰ হিচাপে গ্ৰহন নকৰে৷আনকি ইয়াৰ পাতো কোনো তৃণভোজী প্ৰাণীয়ে নাখায়৷ আচলতে  কেইটামান ব্যতিক্ৰম বাদ দি কোনো জীৱই ইয়াৰ অংশ ভক্ষণ কৰিব নোৱাৰে৷ কৰবী উদ্ভিদ জোপাত কাৰ্ডিয়াক গ্লাইকোচাইড (cardiac glycoside) নামৰ এটা যৌগ থাকে৷ ইয়াৰ বিষক্ৰিয়া অতি তীব্ৰ৷কাৰ্ডিয়াক গ্লাইকোচাইডে হৃদযন্ত্ৰত প্ৰভাৱ পেলায় আৰু স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

কৰবী ফুলে এবিধ দখলদাৰ অপতৃণ হিচাপে দ চানেকীয়া অঞ্চল আৰু জলধাৰাৰ কাষত বৃহৎ আৰু ঘন হাবিৰ সৃষ্টি কৰি থলুৱা গছ-গছনিৰ ঠাই  দখল কৰিছে। কৰবী গছক ইতিমধ্যেই "গ্ল’বেল ইনভেছিভ স্পেচিজ ডাটাবেছ"ত (World Invasive Species Database) অন্তৰ্ভূক্ত কৰা হৈছে৷ এই উদ্ভিদ ইতিমধ্যেই  আফ্ৰিকা,  অষ্ট্ৰেলিয়া আৰু  প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহত দখলদাৰ আৰু বিষাক্ত অপতৃণ হিচাপে তালিকাভুক্ত কৰা হৈছে৷গিৰিমল্লিকা শইকীয়াই কয় যে,  ভাৰতত এই বিষাক্ত উদ্ভিদ জোপাৰ প্ৰসাৰ এতিয়াই ৰোধ কৰিব নোৱাৰিলে সোনকালেই দখলদাৰ প্ৰজাতি হৈ পৰাৰ উপৰিও এদিন পার্থেনিয়ামৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিবগৈ ৷কৰবী ফুলক বিশ্বৰ বহু দেশেই দখলদাৰ উদ্ভিদ প্ৰজাতি হিচাপে ঘোষণা কৰি ইয়াক ৰোপন কৰা নিষিদ্ধ কৰিছে৷ এনে এজোপা উদ্ভিদক সমগ্ৰ অসমৰ চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথত কাৰ অনুমোদনত ৰোপন কৰা হৈছে সেয়েও এক প্ৰশ্ন বুলি  শইকীয়াই কয়।কৰবীফুল ৰোপন কৰি আমাৰ স্থানীয় পৰিবেশতন্ত্ৰক ধ্বংস কৰাৰ এই প্ৰক্ৰিয়াৰ বিৰূদ্ধে পৰিবেশকৰ্মী গৰাকীয়ে প্ৰতিবাদ জনাইছো৷ গিৰিমল্লিকা শইকীয়াই জনোৱা মতে কৰবীৰ পৰিবর্তে আমি চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেমাজে হেলচ, নুনী আদি জোপোহা জাতীয় গছ ৰোপন কৰি স্থানীয় পৰিবেশতন্ত্ৰটো ,স্থানীয় জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ উপৰিও চৰাইৰ বাবে আশ্ৰয় আৰু খাদ্যৰ অবিৰত যোগান নিশ্চিত কৰিব পাৰিম৷


No comments