Breaking News

গোলাঘাট নগৰ মহিলা সমিতিৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহ উদযাপন


ডিজিটেল সংবাদ, গোলাঘাটঃ শনিবাৰে গোলাঘাট নগৰ মহিলা  সমিতিৰ  উদ্যোগত ভাষা গৌৰৱ সপ্তাহ উদযাপন উপলক্ষ্যে  এখনি আলোচনামূলক সভা গোলাঘাটৰ  4H ক্লাবত অনুষ্ঠিত হৈ যায় । উক্ত সভাত সভাপতিত্ব কৰে গোলাঘাট নগৰ মহিলা সমিতিৰ স্থায়ী সভানেত্ৰী ড০ লুকুমণি গোস্বামীয়ে। সৰস্বতী বন্দনা পৰিবেশনেৰে সভাৰ আৰম্ভণি কৰি সভাখনৰ  সৌষ্ঠৱ বৃদ্ধি কৰে গোলাঘাট নগৰ মহিলা সমিতিৰ সদস্যা নীতিমা শৰ্মাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোলাঘাট নগৰ মহিলা সমিতিৰ সম্পাদিকা ৰশ্মি ৰেখা পূজাৰীয়ে। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ  মৰ্যাদা লাভৰ ক্ষেত্ৰত বহুমূলীয়া মন্তব্য আগবঢ়াই গোলাঘাট জিলাৰ উন্নয়ন আয়ুক্ত বিবেক শ্যাম দেৱে । সভাখনত নিৰ্দিষ্ট বক্তা  হিচাবে উপস্থিত আছিল গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড° জ্যোতিৰ্ময়ী  ভট্টাচাৰ্য্য। তেখেতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ সন্দৰ্ভত তথা অসমীয়া ভাষাৰ ওপৰত অতি সাৰুৱা আৰু তত্ত্বগধূৰ বক্তব্য প্ৰদান কৰি শ্ৰোতাক আপ্লুত কৰে ।



সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি বক্তব্য আগবঢ়ায় গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড ° নৃপেন বৰুৱাই  আৰু গোলাঘাট জিলা মহিলা সমিতিৰ সভানেত্ৰী, গোলাঘাটৰ প্ৰাক্তন পৌৰপতি তথা বিশিষ্ট সমাজসেৱিকা জুৰি দাস ৰাজখোৱাই।

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই গোলাঘাট নগৰ মহিলা সমিতিৰ সম্পাদিকা ৰশ্মিৰেখা পূজাৰীয়ে।

No comments