গুগল মীট যোগে আন্তৰ্জাতিক পৰিসৰত অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ উদ্যোগত সদ্য ধ্ৰুপদী সন্মান প্ৰাপ্ত অসমীয়া ভাষাৰ গৌৰৱোজ্জ্বল দিৱস পালন
ডিজিটেল ডেস্কঃ অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ উদ্যোগত সদ্য ধ্ৰুপদী সন্মান প্ৰাপ্ত অসমীয়া ভাষাৰ এটি গৌৰৱোজ্জ্বল দিৱস হিচাপে উদযাপন অনুষ্ঠান দেশ-বিদেশৰ অনেক ভাষাপ্ৰেমী ৰাইজ তথা ভাষা-সাহিত্যৰ সেৱক সকলৰ ভাব-গম্ভীৰ অংশগ্ৰহণেৰে , বৰ সফলকাম এটি অনুষ্ঠান শুক্ৰবাৰে ভাৰতীয় সন্ধিয়া ৮ বজাৰ পৰা সম্পন্ন হৈ যায়। মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি তথা অসম সাহিত্য সভাৰ পশ্চিম ভাৰত তথা বিদেশ মৈত্ৰী বন্ধন বিভাগৰ সভাপতি ৰুমা হাজৰিকাৰ সভাপতিত্বত গুগল মীট যোগে আন্তৰ্জাতিক পৰিসৰত আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ধ্ৰুপদী মৰ্যাদা প্ৰাপ্তিৰ পিছত অসমীয়া ৰাইজৰ ভাষাৰ প্ৰতি থাকিবলগীয়া দায়িত্ব সমূহ এই অনুষ্ঠানত বিশদভাৱে আলোচনা কৰে আৰু অসম চৰকাৰলৈ ভাষা সুৰক্ষাৰ বাবে নীতি কিছুমান পালন কৰিবলৈ আহ্বান জনায়।
ধ্ৰুপদী দিৱস উদযাপন তথা সভাৰ উদ্দেশ্য বাখ্যাৰে উপস্থিত সভাসদক আদৰণি জনাই সম্পাদক হিৰণ ভূঞাই। সভাৰ আদৰণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী বজাই অনুষ্ঠান শুভাৰম্ভ কৰে সহকাৰী সম্পাদক দীক্ষা খাটনিয়াৰে। সাহিত্য সভাৰ প্ৰতিষ্ঠাপক মহান অসমীয়া সকলক স্মৰণ কৰি এটি সাৰুৱা ব্যক্তব্যৰে অনুষ্ঠান পৰিচালনাৰ শুভাৰম্ভ কৰে সাংস্কৃতিক সম্পাদক ডেইজী বৰগোহাঁয়ে। আজীৱন সদস্য ৰূপলেখা বৰদলৈৰ বৰগীত পৰিবেশনেৰে অনুষ্ঠান সুচাৰু ৰূপে পৰিচালনা কৰি আগবঢ়াই নিয়ে সাংস্কৃতিক সম্পাদক ডেইজী বৰগোহাঁয়ে।
সভাপতিৰ ভাষণত ৰুমা হাজৰিকাই উপস্থিত বিশ্বৰ সকলো প্ৰান্তৰ শাখা প্ৰমুখ তথা ভাষাপ্ৰেমী ৰাইজক ধ্ৰুপদী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি বহুচৰ্চিত ‘ধ্ৰুপদী’ শব্দৰ সংজ্ঞাৰ ব্যাখ্যা কৰে তথা এই মৰ্যাদা প্ৰাপ্তিৰ পিছত অসমীয়া ৰাইজ আৰু চৰকাৰৰ কৰণীয় কৰ্তব্য সমূহৰ বিশদ আলোচনা কৰি ইয়াক বাস্তবায়িত কৰিবলৈ সকলোকে আহ্বান জনাই লগতে অহোজীৱন অসমীয়া ভাষাৰ সুৰীয়াকৈ , সুন্দৰকৈ, শুদ্ধকৈ চৰ্চা কৰিবলৈ অসমীয়া ৰাইজক অনুপ্ৰাণিত কৰি যোৱা অসম সাহিত্য সভাৰ অন্যতম সভাপতি ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে।
অনুষ্ঠানত জাৰ্মানীৰ ভাষাপ্ৰেমী শ্ৰীমন্ত ভূঞাৰ পুত্ৰ লুঈচ নন্দন ভূঞাই ‘জোনবাই’ শীৰ্ষক পদ্য আবৃত্তিৰে সকলোকে আপ্লুত কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাৰুৱা ব্যক্তব্য ৰাখি এটি যোগাত্মক চিন্তাৰ আলোচনা চক্ৰৰ ভাগ লয় উত্তৰ আমেৰিকা শাখা সাহিত্য সভাৰ সভাপতি অৰূপ গোস্বামী, প্ৰাক্তন সভাপতি জেবীন এচ শ্বাহ, যুক্তৰাজ্য শাখা সাহিত্য সভাৰ সভাপতি গীতা বৰুৱা, প্ৰাক্তন সভাপতি মঞ্জিৰা চৌধুৰী, উপ-সভাপতি নীৰলা বৰুৱা, কুৱেট শাখাৰ সভাপতি আলোক কুমাৰ দাসকে আদি কৰি মুম্বাই স্বৰ্ণ শাখাৰ বিষয়ববীয়া তথা উপস্থিত সদস্যসকলে।
অনুষ্ঠানত ভাষা আন্দোলনৰ ছহীদ সকলক স্মৰণ কৰি তথা আমেৰিকাৰ সদ্য পৰলোকগামী অসমীয়া ভাষা-প্ৰেমী, সাহিত্যিক তথা দানশীল সমাজ সংগঠক ড০ লোহিত দত্ত বৰুৱাৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধা তৰ্পণ কৰা হয়। উপস্থিত কানাডাৰ নিবাসী অসমীয়া ভাষাপ্ৰেমী তথা সমাজ সেৱিকা অৰুণা ভৰালীয়ে অনুষ্ঠানৰ শলাগ লয়। মুম্বাই স্বৰ্ণ শাখা সভাৰ সন্মানীয় আজীৱন সদস্য ইলোৰা ভাগৱতীৰ অসমীয়া সাহিত্যৰ কাণ্ডাৰী বেজবৰুৱা দেৱৰ ওপৰত ৰখা তথ্য সমৃদ্ধ ব্যক্তব্যই সভাক ধন্য কৰে। মুম্বাই স্বৰ্ণ শাখাৰ আজীৱন সদস্য মৌচুমী দাসে এটি স্বৰচিত কবিতা পাঠ কৰি সাহিত্য ৰসেৰে আপ্যায়িত কৰে।
অসমীয়া ৰাইজলৈ ভাষাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আহ্বান জনাই এটি স্বৰচিত কবিতা পাঠ কৰে নগাওঁৰ পৰা ভাষাপ্ৰেমী পাহাৰী শইকিয়াই। ধ্ৰুপদী মৰ্যাদা প্ৰাপ্তিৰ পিছত সমূহ অসমীয়া ৰাইজে ভাষাটিক লোকপ্ৰিয় কৰি বিশ্ববাসীৰ মাজত পৰিচয় কৰিবলৈ আৰু আগৰ সময়ৰ অসমীয়া অনাঁতাৰ কেন্দ্ৰ সমূহে সম্প্ৰচাৰ কৰাৰ দৰে সুৰীয়া তথা শুদ্ধ মানদণ্ডেৰে অসমীয়া ভাষা সাহিত্যৰ সম্প্ৰচাৰ কৰি ভাষটোৰ সৌৰভ বৰ্তাই ৰাখি ৰাইজৰ মাজত সজাগতা আনিবলৈ বৰ্তমানৰ সমূহ অসমীয়া সংবাদ মাধ্যমকো এইক্ষেত্ৰত আগভাগ লৈ ৰাইজৰ মাজত ভাষাপ্ৰীতিৰ সজাগতা আনিবলৈ তথা অসমীয়া ৰাইজৰ লগতে চৰকাৰকো এই সভাৰ দ্বাৰাই দৈনন্দিন জীৱনত অসমীয়া ৰাইজে মাতৃভাষাক বাধ্যতামূলক ভাৱে পঢ়াশালী, কাৰ্য্যালয় আদিত চৰ্চা ৰাখিবলৈ আহ্বান জনাই অনুষ্ঠানৰ হৈ মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি ৰুমা হাজৰিকাই। মুকলি আলোচনা চক্ৰত অসমীয়া ভাষাৰ মেৰুদণ্ড স্বৰূপ ব্যাকৰণেৰে সৱল কৰা হেমচন্দ্ৰ বৰুৱাৰ অহোপুৰুষাৰ্থৰ বিষয়ে এটি ব্যক্তব্য ৰাখে সভাৰ কোষাধ্যক্ষ বিনোদ শইকীয়াই। এটি স্বৰচিত কবিতা পাঠৰ ৰসেৰে আপ্যায়িত কৰে সভাৰ আজীৱন সদস্য মিনু হাজৰিকাই। অনুষ্ঠান উপস্থিত মুম্বাই সভাৰ সন্মানীয় সদস্য সকল, প্ৰাক্তন সভাপতি সুৰাইয়া জাহান, প্ৰাক্তন প্ৰচাৰ সম্পাদক দেৱীকা বৰপূজাৰী, আজীৱন সদস্য অমলা ঠাকুৰীয়া, প্ৰচাৰ সচিব অজিত হাজৰিকা, সাংস্কৃতিক সম্পাদক কৰৱী আচৰ্য্য, নীভা হাজৰিকা, প্ৰচাৰ সচিব গীতাঞ্জলি বৰ্মন ডেকা, আজীৱন সদস্য পূৰবী চৌধুৰী দত্ত, অজন্তা সিংহকে আদিকৰি অনেকজনে অংশগ্ৰহণ কৰে।
সহকাৰী সম্পাদক দীক্ষা খাটনিয়াৰে অসম সাহিত্য সভা মুম্বাইৰ সেৱা আৰু উদ্দেশ্যই জগতৰ অসমীয়া ৰাইজৰ প্ৰাণত ভাষা প্ৰীতিৰ এনেদৰেই সজাগতাৰ সৃষ্টি কৰি যাওক তাৰেই শুভকামনাৰে উপস্থিত সকলো ৰাইজলৈ শলাগৰ শৰাই আগবঢ়াই জাতীয় সংগীতেৰে সভাৰ সমাপ্তি কৰা হয়।
No comments