পোনপ্ৰথমবাৰৰ বাবে ২০২৫ বৰ্ষৰ "শ্বহীদ কুশল কোঁৱৰ বঁটা" ঘোষণা টাইপাৰ
টাই ভাষা-সংস্কৃতিৰ গবেষক পদ্মশ্ৰী ড৹ যোগেন্দ্ৰনাথ ফুকনলৈ শ্বহীদ কুশল কোঁৱৰ বঁটা-২০২৫
১৯৪২ চনৰ ১০ অক্টোবৰ ভাৰত ত্যাগ আন্দোলনৰ সৰুপথাৰত সংঘটিত- ৰেল বগৰোৱাৰ কাৰ্যত অভিযুক্ত কৰি ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম তথা অসমৰ শেষৰ জন শ্বহীদ তথা বীৰ পুৰুষ শ্বহীদ কুশল কোঁৱৰক বৃটিছ চৰকাৰে যোৰহাট কাৰাগাৰত ফাঁচী দিছিল। বৃটিছৰ কু-শাসনৰ পৰা ভাৰতক স্বাধীন কৰাৰ যি মানসিকতা শ্বহীদ কুশল কোঁৱৰে মনত পুহি ৰাখি ১৯৪২ চনৰ ১০ অক্টোবৰত সৰুপথাৰত ৰেল বগোৱাৰ কাৰ্যসূচীত ওতঃপ্ৰোত ভাবে জড়িত হৈ বৃটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যত জড়িত হৈ পৰিছিল। বৃটিছ শাসনৰ পৰা ভাৰতৰ লগতে অসমক মুক্ত কৰি ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শেষৰ জন শ্বহীদ তথা সৰুপথাৰৰ ৰেল বগৰোৱাৰ কাৰ্যত অন্যতম সদস্য শ্বহীদ কুশল কোঁৰক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ বাবে টাইপাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। পোনপ্ৰথমবাৰৰ বাবে এই বৰ্ষৰ পৰাই বীৰ শ্বহীদ গৰাকীৰ স্মৃতিত ধাৰাবাহিকভাৱে "শ্বহীদ কুশল কোঁৱৰ বঁটা" শ্বহীদ গৰাকীৰ স্মৃতিত বঁটা প্ৰদান কৰি যাব বুলি জানিবলৈ দিয়ে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক শোভন কোঁৱৰে। লগতে ২০২৫ বৰ্ষৰ "শ্বহীদ কুশল কোঁৱৰ বঁটা"ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, ইতিহাসবিদ, টাই ভাষা- সংস্কৃতিৰ গৱেষক, পদ্মশ্ৰী ড° যোগেন্দ্ৰনাথ ফুকনক নিৰ্বাচিত কৰা হৈছে বুলি জানিবলৈ দিয়ে।
এই বঁটাটি অহা ১৫ জুনত গোলাঘাট নগৰৰ এমেচাৰ থিয়েটাৰ ছ'ছাইটি প্ৰেক্ষাগৃহত টাইপা, গোলাঘাট জিলা সমিতিৰ উদ্যোগত, সৰুপথাৰ সমজিলা, বোকাখাট সমজিলা, খুমটাই, দেৰগাঁও জ্ঞাতিবৰ্গ ৰাইজৰ সহযোগত গোলাঘাট বাসীৰ ৰাইজৰ আতিথ্যত অনুষ্ঠিত হ'বলগা "শ্বহীদ কুশল কোঁৱৰ বঁটা" প্ৰদান অনুষ্ঠানত পদ্মশ্ৰী ড° যোগেন্দ্ৰনাথ ফুকনক প্ৰদান কৰা হ'ব। এই বঁটাত এজোৰ সম্পূৰ্ণ টাই আহোম পৰম্পৰাগত সাজ-পাৰ, এখন হেংদাং, এখন সঁফুৰা, এখন প্ৰশস্তি পত্ৰ, এটা স্মাৰক, নগদ ধন আদি প্ৰদান কৰা হ'ব। উক্ত কাৰ্যসূচীত জ্ঞাতিবৰ্গ, দল-সংগঠন আৰু সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি তথা দিহা-পৰামৰ্শৰ কামনা কৰিছে উদযাপন সমিতিৰ হৈ সভাপতি পূৰ্ণ ৰাজখোৱাই।
No comments