গোলাঘাটত তৃতীয় বাৰ্ষিক শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা।হাজাৰ হাজাৰ ভক্তৰ সমাগমৰে ৯ দিনীয়া বিশাল কাৰ্যসূচী।
ডিজিটেল সংবাদ, গোলাঘাটঃ হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে গোলাঘাটত শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ বিশাল আয়োজনৰ ব্যাপক প্ৰস্তুতি অব্যাহত আছে। গোলাঘাটত হৰেকৃষ্ণ নামহট্ট সংঘৰ উদ্যোগত অহা ২৭ জুনৰ পৰা ৫ জুলাই ২০২৫ লৈ শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা অনুষ্ঠিত কৰিবলৈ আজি সুভাষ কলনীস্থিত বিবেকানন্দ সংঘৰ স্থায়ী মন্দিৰ প্ৰাংগণত এখনি সংবাদ মেল সম্বোধন কৰে ৰথযাত্ৰা উদযাপন সমিতিয়ে।সমিতিৰ সাধাৰন সম্পাদক দেৱাশীষ সাহাই আঁত ধৰা সংবাদ মেলখনত উদযাপন সমিতিৰ সভাপতি সমীৰণ দিগন্ত বৰাই বক্তব্য প্ৰদান কৰে। সংবাদ মেল খনত উদযাপন সমিতিৰ অন্যতম সাধাৰন সম্পাদক প্ৰণৱ চক্ৰৱৰ্ত্তী,উপসভাপতি প্ৰশান্ত দাস উপস্থিত থাকে।২৭ জুনত পুৱা পতাকা উত্তোলন আৰু ধৰ্মধ্বজা উত্তোলনৰ পাছতে হৰিনাম সংকীৰ্তন আৰু জগন্নাথ ৰথযাত্ৰা শুভ উদ্বোধন কৰিব ঢেকিয়াল মাহহৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গনেশ গোস্বামীয়ে। শুভ উদ্বোধনৰ পিছতে ফ্লেগ অফ কৰি ৰথযাত্ৰাৰ আদৰণি জনাব বিত্ত মন্ত্ৰী অজন্তা নেওগে।উদযাপন সমিতিয়ে সংবাদ মেল যোগে জানিবলৈ দিয়ে যে ৰথযাত্ৰাৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকিব কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক মৃণাল শইকীয়া, বিধায়ক বিশ্বজিৎ ফুকন,বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালী, জিলা আয়ুক্ত পুলক মহন্ত , আৰক্ষী অধীক্ষক ৰাজেন সিং আদি বিশিষ্ট ব্যক্তি সকল। দিনৰ ২ বজাত নগৰৰ এইচ পি পেট্ৰল পাম্পৰ সমীপৰ পৰা আৰম্ভ হ'ব পৱিত্ৰ ৰথযাত্ৰা। গোলাঘাটৰ সুভাষ কলনিস্থিত মন্দিৰ প্ৰাংগনত পুৱা ৮ বজাৰ পৰা ৫ জুলাইলৈ চলিব হৰিনাম- কীৰ্তন। উল্লেখযোগ্য যে ৫ জুলাইত অনুষ্ঠিত হ'ব ৰথৰ ওভতনি যাত্ৰা। হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিবলগা পৱিত্ৰ ৰথযাত্ৰা অনুষ্ঠানৰ আটাইকেইদিনৰ কাৰ্যসূচীত সমূহ ভক্তপ্ৰান ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে উদযাপন সমিতিয়ে।উল্লেখ্য যে ৰথযাত্ৰাত ব্যৱহৃত হ'বলগা ৰথ সম্পূৰ্ণ কাঠেৰে নিৰ্মিত।কাৰিকৰী শৈলীৰে নিৰ্মিত গম্বুজে প্ৰয়োজনত চাপৰ স্থানত কোনো অসুবিধা নোহোৱাকৈ কৰিব পাৰিব পাৰ।
No comments