প্রগতি চ'ৰাৰ সোণালী জয়ন্তী বর্ষ উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠানৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ সম্পন্ন
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ অন্যতম “মাতৃ আৰু শিশু কল্যাণ কেন্দ্র” প্রগতি চ'ৰাই তেওঁলোকৰ ২০২৫-২০২৬ৰ সোণালী জয়ন্তী বর্ষ উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠানৰ দ্বিতীয়টি পর্যায় হিচাপে যোৱা ১৬ জুনত এখনি আলোচন-চক্ৰ অনুষ্ঠিত হৈ যায়। প্ৰগতি চ'ৰাৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত “নাৰীবাদী চিন্তাত সাহিত্যৰ ভূমিকা” শীর্ষক এই আলোচনা-চক্রত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাই এক মনোগ্ৰাহী সাৰুবা ভাষণেৰে সকলোকে আপ্লুত কৰে। আলোচনা-চক্র উদ্বোধন কৰে অধ্যাপিকা লনী ফুকনে। বিশিষ্ট অতিথিৰূপে প্ৰাক্তন অধ্যাপিকা ড° দিপালী বৰুৱাই বক্তব্য প্ৰদান কৰে। অৰুণা বৰদলৈ বৰুৱাই সভানেত্রীত্বত অনুষ্ঠিত হোৱা আলোচনা-চক্রত উদ্যাপন সমিতিৰ আহ্বায়িকা বেলা গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়ায়। উদযাপন সমিতিৰ সম্পাদিকা অঞ্জনা কাকতীয়ে উদ্দেশ্য ব্যাখ্যাৰ লগতে আলোচনাৰ আঁত ধৰে। আৰম্ভণিতে চ'ৰাৰ সদস্যা বিজয়লক্ষ্মী বৰুবা আৰু নিলীমা শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ লগতে সমূহ সদস্যাই চ'ৰাৰ প্রতিষ্ঠাতা সভানেত্রী প্রয়াত অঞ্জলী বৰকাকতীৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি তর্পন কৰে। আলোচনা-চক্ৰৰ অন্তত যুটীয়া সম্পাদিকা অনিমা পাঠকে শলাগৰ শৰাই আগবঢ়ায়। প্রগতি চ'ৰাৰ সমূহ সদস্যাই এটি সমবেত গীতেৰে আলোচনা-চক্ৰৰ শুভাৰম্ভ কৰে। আলোচনা-চক্রত বিভিন্ন মহিলা অনুষ্ঠানৰ সদস্যা আৰু বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰে। আলোচনা-চক্রখনিত চ'ৰাৰ সদস্যা মামনি ৰাজখোৱাই এটি বৰগীত আৰু প্ৰিয়া উপাধ্যায়ে এটি গীত পৰিৱেশন কৰে।
No comments