Breaking News

স্নাতকোত্তৰ শাখাৰ চূড়ান্ত পৰীক্ষাত বোকাখাতৰ শাশ্বতী প্ৰিয়দৰ্শিনীৰ কৃতিত্ব



ডিজিটেল সংবাদ, বোকাখাতঃ শুক্ৰবাৰে ঘোষিত কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ চূড়ান্ত পৰীক্ষাত শাশ্বতী প্ৰিয়দৰ্শিনীয়ে নৃতত্ত্ব বিভাগৰ পৰা ৯.৪০ শতাংশ নম্বৰসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে। শাশ্বতী বোকাখাত ম'হমাইকী মণ্ডল গাঁও নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিকুল শইকীয়া আৰু মনালিছা শইকীয়াৰ কন্যা। শাশ্বতীয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ চূড়ান্ত বৰ্ষ পৰ্যন্ত আনুষ্ঠানিক শিক্ষা কটন বিশ্ববিদ্যালয়ৰ বাকৰিতে শেষ কৰে। ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে “আগন্তুক ৬ মাহ সময় সম্পূৰ্ণৰূপে নিজৰ পঢ়া-শুনাক মন দিবলৈ বিচাৰোঁ। এগৰাকী সুদক্ষ নাগৰিক হৈ উঠিবলৈ এই যাত্ৰা মই অব্যাহত ৰাখিম।

No comments